ৰবি শাস্ত্ৰীৰ পিছত ভাৰতীয় দলৰ প্ৰশিক্ষক হ’ব অনিল কুম্বলে !

author img

By

Published : Sep 18, 2021, 11:31 AM IST

Updated : Sep 18, 2021, 12:55 PM IST

BCCI may approach Anil Kumble, VVS Laxman for head coach's post

সমাগত টী20 বিশ্বকাপ ৷ ইতিমধ্যে টী20 বিশ্বকাপৰ পিছতে টী20 ফৰমেটত অধিনায়ক পদৰ পৰা পদত্যাগ কৰিব বিৰাট কোহলীয়ে ৷ আনহাতে এই শৃংখলা খনৰ পিছতে কাৰ্যকাল শেষ হ’ব মুখ্য় প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰো ৷ পৰৱৰ্তী প্ৰশিক্ষকৰ বাবে BCCI ৰ হাতত আছে দুটাকৈ নাম ৷

স্প’ৰ্টছ ডেস্ক, 18 ছেপ্তেম্বৰ : ৰবি শাস্ত্ৰীৰ পিছতে ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ প্ৰশিক্ষকৰ দায়িত্ব লাভ কৰিব পাৰে অনিল কুম্বলেই ৷ ইতিমধ্যে বিচিচি আইৰ সভাপতি সৌৰভ গাংগুলীয়ে কুম্বলেক প্ৰশিক্ষক পদৰ বাবে আবেদন কৰিবলৈ কৈছে ৷ কুম্বলেৰ লগতে এই পদৰ বাবে আবেদন কৰিবলৈ অনুৰোধ জনোৱা হৈছে ভি ভি এছ লক্ষ্মণকো ৷

উল্লেখ্য যে, 2016-17 চনত ৰবি শাস্ত্ৰীক আঁতৰাই ভাৰতীয় দলৰ প্ৰশিক্ষকৰ দায়িত্ব অৰ্পণ কৰা হৈছিল অনিল কুম্বলেক ৷ সেই সময়ত ক্ৰিকেট এডভাইজৰী কমিটিৰ নেতৃত্ব প্ৰদান কৰিছিল শচীন তেণ্ডুলকাৰ, ভি ভি এছ লক্ষ্মণ আৰু সৌৰভ গাংগুলীয়ে ৷ কিন্তু বিৰাট কোহলীৰে কিছু মতানৈক্য হোৱাৰ পিছতে Champions Trophy ৰ ফাইনেলত পাকিস্তানৰ বিপৰীতে পৰাস্ত হোৱাৰ পিছতে প্ৰশিক্ষক পদৰ পৰা পদত্যাগ কৰিছিল কুম্বলেই ৷

কুম্বলেৰ উপৰিও বিচিচিআয়ে এই দায়িত্ব গ্ৰহণ কৰাৰ বাবে ভি ভি এছ লক্ষ্মণৰ কাষলৈও যোৱাৰ সম্ভাৱনা আছে ৷ সম্প্ৰতি তেওঁ IPL ত Sunrisers Hyderabad ৰ মেণ্টৰ হিচাপে নিয়োজিত হৈ আছে ৷ টী20 বিশ্বকাপৰ পিছতে কাৰ্যকাল সমাপ্ত হ’ব বৰ্তমান ভাৰতীয় দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ ৷ আনহাতে, টী20 বিশ্বকাপৰ পিছতে টী20 ফৰমেটত অধিনায়ক পদৰ পৰা পদত্যাগ কৰিব কোহলীয়ে ৷

BCCI ৰ বাবে কুম্বলে অথবা লক্ষ্মণে প্ৰথম পছন্দ ৷ কিয়নো তেওঁলোক উভয়ে প্ৰায় 100 খন টেষ্ট মেচৰ লগতে প্ৰশিক্ষকৰ অভিজ্ঞতাৰে পুষ্ট ৷ গতিকে কোনো বিদেশী প্ৰতিক্ষকৰ কাষ চপাৰ পূৰ্বে BCCI য়ে দুয়োগৰাকী খেলুৱৈৰে কাষ চাপিছে ৷

লগতে পঢ়ক : বিশ্বকাপৰ পাছত ৰোহিত শৰ্মা হ'ব টি-২০ দলৰ অধিনায়ক: বিনোদ কাম্বলী

Last Updated :Sep 18, 2021, 12:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.