ইণ্ডিয়া বনাম ইংলেণ্ড : শিখৰ ধৱনৰ স্থান অক্ষুণ্ণ ৰখাৰ চাপ

author img

By

Published : Mar 16, 2021, 5:43 PM IST

IND vs ENG

ভাৰতীয় দলটোৰ হোৱাইট বল স্কোৱাডৰ স্থায়ী ফিক্সাৰ শিখৰ ধৱনৰ ওপৰত পৰিছে দুটা দিশৰ পৰা চাপ ৷ ভাৰতীয় দলৰ লগতে আইপিএলৰ দিল্লী কেপিটেলছত আক্ৰমণাত্মকভাৱে খেলিব লাগিব ধৱনে ৷

স্পৰ্টছ ডেস্ক,16 মাৰ্চ: এজন অ’পেনাৰ হিচাপে ঈশান কিষাণৰ সফলতাই শিখৰ ধৱনৰ স্থানত পেলাই গভীৰ চাপ ৷ চলিত বৰ্ষৰ অক্টোবৰ-নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া টি-20 বিশ্বকাপৰ পূৰ্বে ভাৰতীয় দলটোত নিজৰ স্থান বজাই ৰখাৰ ক্ষেত্ৰত ধৱনক লৈ প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে ৷

ভাৰতীয় দলৰ হোৱাইট বল স্কোৱাডৰ স্থায়ী ফিক্সাৰ শিখৰ ধৱনে নিজৰ স্থানত অটল থাকিবলৈ দলটোৰ লগতে আইপিএলৰ দিল্লী কেপিটেলছত আক্ৰমণাত্মকভাৱে খেলিব লাগিব ৷

ভাৰত-ইংলেণ্ডৰ মাজত হোৱা প্ৰথমখন টি-20 মেচত ধৱনে ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে ৷ ইয়াৰ বিপৰীতে কিষাণে 32 টা বলত 56 ৰাণ সংগ্ৰহ কৰিছিল । পৰৱৰ্তী মেচতো কিষাণে অ’পেনাৰ হিচাপে খেলাৰ সম্ভাৱনা আছে ৷

অৱশ্যে ধৱনৰ উভতনি ভাৰতীয় দলৰ বাবে হতাশজনক নহয় ৷ কিয়নো ধৱনে অষ্ট্ৰেলিয়াৰ সৈতে হোৱা প্ৰথমখন টি-20ত 36 টা বলত 52 ৰাণ সংগ্ৰহ কৰি দলটোৰ ৰাণ 195 লৈ নিয়াত সহায় কৰিছিল । কিন্তু এতিয়া ধৱনে পুনৰ ভাল প্ৰদৰ্শন নকৰিলে দলটোত সমস্যাৰ সৃষ্টি হোৱাৰ আশংকা আছে ৷

অষ্ট্ৰেলিয়া ভ্ৰমণৰ পূৰ্বে ধৱনে বিগত বৰ্ষৰ আইপিএলত দুটা শতক আৰু চাৰিটা অৰ্ধ শতকৰ সৈতে মুঠ 618 ৰাণ কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু পৰৱৰ্তী সময়ত অৰ্থাৎ চলিত বৰ্ষৰ আইপিএলত পুনৰ নিজকে প্ৰমাণ কৰিব লাগিব ধৱনে । ভাৰতৰ অন্তিমটো বৃহৎ আন্তঃৰাষ্ট্ৰীয় টি-20 বুলি ধৰি লৈ খেলত পাৰদৰ্শিতা দেখুৱাব লাগিব ক্ৰিকেটাৰ গৰাকীয়ে ৷

আনহাতে, ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক ৰবি প্ৰসাদে কয় যে, "কিষাণে টি-20 মেচত এক উৎকৃষ্টমানৰ প্ৰদৰ্শন দেখুৱাইছে । সন্মুখত টি-20 বিশ্বকাপ আৰু নিৰ্বাচকসকলে অ’পেনাৰ নিৰ্বাচন কৰোতে গুৰুত্ব প্ৰদান কৰিব লাগিব" ৷

লগতে পঢ়ক : আত্মবিশ্বাসেৰে আজি তৃতীয়খন টি-20 যুঁজত নামিব টিম ইণ্ডিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.