ENG v IND : বুমৰাহ-শ্বামীৰ আক্ৰমণাত্মক বলিঙেৰে বিজয়ৰ শিখৰ চুলে ভাৰতে

author img

By

Published : Aug 17, 2021, 10:17 AM IST

England vs India

দ্বিতীয়খন টেষ্ট মেচত জয় ইংলেণ্ডৰ পক্ষত আছিল যদিও ভাৰতীয় বলাৰৰ হাতৰ যাদুৱে ইংলেণ্ডক পৰাস্ত কৰি ভাৰতীয় দলটোক জয়ৰ দিশে নিবলৈ সক্ষম হয় ৷

স্প’ৰ্টছ ডেস্ক, 17 আগষ্ট : ভাৰতীয় ক্ৰিকেট দল(Indian Cricket Team)ৰ দূৰ্দান্ত বলিঙে ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতক বিজয়ৰ দিশে নিবলৈ সক্ষম হয় ৷ ভাৰত-ইংলেণ্ডৰ মাজৰ দ্বিতীয়খন টেষ্ট মেচৰ পঞ্চম অৰ্থাৎ অন্তিম দিনা ভাৰতে বৃটিছবাহিনীক পৰাস্ত কৰি 151 ৰাণত জয়লাভ কৰে ৷

  • Can’t put into words the feelings that we’re going through after that win! So proud of the whole team 🔥 pic.twitter.com/FRH20cbujl

    — Jasprit Bumrah (@Jaspritbumrah93) August 16, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

লৰ্ডছ ষ্টেডিয়ামতত পঞ্চম দিনটোত ভাৰতে ইংলেণ্ডক 120 ৰাণত অল আউট কৰিবলৈ সক্ষম হয় ৷ খেলখন ইংলেণ্ডৰ পক্ষত আছিল, কিয়নো ভাৰতে সংগ্ৰহ কৰা ৰাণৰ সংখ্যা মাত্ৰ 298 হে আছিল ৷ কিন্তু ভাৰতীয় বলাৰৰ আক্ৰমণাত্মক বলিঙে জ’ ৰুট(Joe Root) বাহিনীক 120 ৰাণতে সীমাবদ্ধ ৰাখে ৷

মহম্মদ শ্বামী(Mohammed Shami) (10 অভাৰত 56 নম্বৰ আৰু 1/13) আৰু যশপ্ৰীত বুমৰাহ(Jasprit Bumrah) (15 অভাৰত 34 আৰু 3/33)য়ে আক্ৰমণাত্মক বলিঙেৰে ইংলেণ্ডৰ টপ-অৰ্ডাৰ কঁপাই তুলিছিল ৷ ইয়াৰ পূৰ্বে ঈশান্ত শৰ্মা(Ishant Sharma) (10 অভাৰত 2/13) আৰু মহম্মদ চিৰাজ(Mohammed Siraj) (4/32)য়ে পাঁচটা শৃংখলাত দলটোক 1-0ৰ অগ্ৰগতিলৈ লৈ গৈছিল ৷

উল্লেখ্য যে, 1986 আৰু 2014 চনৰ পাচত লৰ্ডছত এয়া ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ তৃতীয় জয় ৷ এই জয়ৰ পাচতে ভাৰত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ(World Test Championship)ত 6 পইণ্টত বৰ্তি আছে ৷

লগতে পঢ়ক : আফগানিস্তানত আৱদ্ধ পৰিয়ালক লৈ চিন্তিত ক্ৰিকেটাৰ ৰাছিদ খান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.