খেল চাবলৈ যোৱা সকলৰ বাবে গুৰুত্বপূৰ্ণ তথ্য...

author img

By

Published : Oct 1, 2022, 9:38 PM IST

Updated : Oct 1, 2022, 10:04 PM IST

Cricket

বৰ্ষাপাৰা ষ্টেডিয়ামত দেওবাৰে অনুষ্ঠিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়খন T20 খেল (India and South Africa T20 match)। খেলক লৈ কি ধৰণৰ প্ৰস্তুতি চলাইছে অসম ক্ৰিকেট সন্থাই । দৰ্শকসকলে কি কি বিষয়ত গুৰুত্ব দিব লাগিব ? ষ্টেডিয়ামলৈ কি কি নিব পাৰিব ? সকলো সামৰি অসম ক্ৰিকেট সন্থাৰ সংবাদমেল ।

স্পৰ্টছ ডেস্ক,১ অক্টোবৰ : ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ T20 ক্ৰিকেট খেলকলৈ অসম ক্ৰিকেট সন্থাই সম্পূৰ্ণ প্ৰস্তুতি চলাইছে (IND vs SA match in Guwahati)। অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিত লন শইকীয়া আৰু T20 ক্ৰিকেটৰ মিডিয়া চেলৰ অধ্যক্ষ পাৰ্থ সাৰথি মহন্তই প্ৰস্তুতি সন্দৰ্ভত শনিবাৰে সংবাদমেল সম্বোধন কৰে (ACA press conference) ৷ সংবাদমেলত উল্লেখ কৰা মতে দেওবাৰে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ T20 খেলখন সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ'ব । প্ৰথম ইনিংছ ১ ঘণ্টা ৪৫ মিনিট চলিব । প্ৰথম ইনিংছৰ পাছত ১০ মিনিট বিৰতি হ'ব ৷

বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া খেলখন সন্দৰ্ভত বিভিন্ন গুৰুত্বপূৰ্ণ দিশ সংবাদমেলত উল্লেখ কৰা হয় (Ind vs SA at Barsapara Cricket stadium)। সন্থাই জনোৱা মতে দৰ্শকৰ বাবে ষ্টেডিয়ামৰ Gate no-5 আৰু Gate no-6 তিনি বজাত খোলা হ'ব ৷ এঘন্টাৰ পূৰ্বে দৰ্শকসকলক আহিবলৈ অনুৰোধ জনাইছে সন্থাই ৷

আনহাতে বিয়লি ৪ বজাত ষ্টেডিয়ামৰ বাকী কেইখন গেট খোলা হ’ব ৷ VVIPৰ বাবে ৮০ খন Passৰ ব্যৱস্থা কৰাৰ লগতে VIPৰ বাবে ৫০ খন Passৰ ব্যৱস্থা কৰা হৈছে বুলি মন্তব্য কৰে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিত লন শইকীয়া । ইফালে ৩-৪ নং গেটৰ ওচৰত প্ৰায় ৭ বিঘা মাটিত পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে ।

তেওঁলোকে উল্লেখ কৰা মতে দিনৰ এক বজাতে বাহনসমূহ পাৰ্কিং কৰিব লাগিব । ম’বাইল ফোন আৰু মানিবেগৰ বাহিৰে দৰ্শকে ষ্টেডিয়ামৰ ভিতৰত কোনো বস্তু নিব নোৱাৰিব ৷ দৰ্শকৰ সকলে খাদ্য সামগ্ৰী অসম ক্ৰিকেট সন্থাৰ বিপনীৰ পৰা সংগ্ৰহ কৰিব পাৰিব । শান্তিপূৰ্ণভাৱে খেল উপভোগ কৰিবলৈ সকলোকে আহ্বান জনাইছে ACAয়ে ।

কোনো ধৰণৰ হিংসাত্মক কাৰ্যত জড়িত নহ'বলৈ সকলোকে আহ্বান জনাইছে সন্থাই ৷ পাৰ্থ সাৰথি মহন্তই সংবাদমেলত কয় যে গেট নং ১ ৰে বাহনৰ পাছ থকা সকলে প্ৰৱেশ কৰিব পাৰিব ৷ BCCIৰ গাইডলাইন অনুসৰি Car Passৰ ব্যৱস্থা কৰা হৈছে ৷ AK আজাদ ৰোডেৰে সেই স্থানলৈ বাহনসমূহ আহিব পাৰিব ৷ চম্পাৱতী ফিল্ড, দতালপাৰা ফিল্ড, PWD ফিল্ড, চম্পাৱতী ফিল্ডৰ পৰা গঁড়চুক পথত বাহনসমূহ পাৰ্কিং কৰিব পাৰিব ৷

গেট নং ৫ ৰে সাংবাদিকসকল সোমাব পাৰিব বুলি মন্তব্য কৰে পাৰ্থ সাৰথি মহন্তই । ইফালে ভাৰত আৰু দক্ষিণ আফ্ৰিকা দুয়োটা দলে সুকীয়াকৈ দুখন সংবাদমেল সম্বোধন কৰে ।

লগতে পঢ়ক :বৰ্ষাপাৰা ষ্টেডিয়ামত অনুশীলন চলালে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দলে

Last Updated :Oct 1, 2022, 10:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.