Tokyo Olympics: প্ৰথম খেলতে পৰাজয়ৰ সন্মুখীন চাই প্ৰণীত

author img

By

Published : Jul 24, 2021, 1:22 PM IST

Tokyo Olympics

ইজৰাইলৰ মিছা জিলবাৰমেনৰ(Misha Zilberman) হাতত পৰাস্ত ভাৰতীয় বেডমিণ্টন খেলুৱৈ চাই প্ৰণীত । ইজৰাইলী ষ্ট্ৰাইকাৰৰ বিৰুদ্ধে ২১-১৭ আৰু ২১-১৫ পইণ্টত হাৰ মানিবলগা হয় ভাৰতীয় শ্বাটলাৰগৰাকীয়ে ।

স্প’ৰ্টছ ডেস্ক, ২৪ জুলাই : টকিঅ' অলিম্পিকৰ প্ৰাৰম্ভিক পৰ্যায়তে মুখ থেকেচা ভাৰতীয় শ্বাটলাৰ চাই প্ৰণীতৰ(Sai Praneeth) । ইজৰাইলৰ মিছা জিলবাৰমেনৰ(Misha Zilberman) হাতত পৰাস্ত ভাৰতীয় বেডমিণ্টন খেলুৱৈগৰাকী । শনিবাৰে গ্ৰুপ ডিৰ এই গুৰুত্বপূৰ্ণ খেলখন অনুষ্ঠিত হয় মুছাশিনো ফৰেষ্ট প্লাজাৰ ২ নম্বৰ ক'ৰ্টত ।

যথেষ্ট আশাৰে খেলত অৱতীৰ্ণ হৈছিল চাই প্ৰণীত । কিন্তু ইজৰাইলী ষ্ট্ৰাইকাৰজনৰ বিৰুদ্ধে ২১-১৭ আৰু ২১-১৫ পইণ্টত হাৰ মানিব লগা হয় ভাৰতীয় শ্বাটলাৰগৰাকীয়ে । প্ৰথম ৰাউণ্ডৰ খেলত জয় লাভ কৰাৰ বাবে প্ৰণীতে যথেষ্ট পৰিমাণে চেষ্টা কৰিছিল ৷

মেচখনৰ শেষত জিলবাৰমেনে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰি ২১-১৭ পইণ্টত খেল শেষ কৰে । দ্বিতীয় ৰাউণ্ডৰ খেলতো একেধৰণৰে ফলাফল দেখিবলৈ পোৱা যায় । কোনো চাপ অবিহনেই ইজৰাইলৰ শ্বাটলাৰগৰাকীয়ে ভাৰতীয় চাই প্ৰণীতক বিমুখ হ'বলৈ বাধ্য কৰে ।

আনহাতে আন এক ভাৰতীয় যুটি সতৱিক্সাইৰাজ ৰংকিৰেড্ডী (Satwiksairaj Rankireddy) আৰু চিৰাগ শেট্টী (Chirag Shetty) সাজু হৈছে টাইৱানৰ তীব্ৰ প্ৰতিদ্বন্দ্বী আগবঢ়াবলৈ ৷ যথেষ্ট প্ৰত্যাহ্বানৰ মাজেৰে ভাৰতক এই যুটিয়ে এক ভাল খবৰ দিব বুলি আশা কৰা হৈছে । উল্লেখ্য যে, দেশৰ হৈ ইতিমধ্যে ভাৰোত্তলনৰ জৰিয়তে প্ৰথমটো ৰূপৰ পদক কঢ়িয়াই আনিছে মণিপুৰৰ মীৰাবাই চানুৱে ৷

লগতে পঢ়ক : টকিঅ' অলিম্পিক সম্পৰ্কে জানিবলগীয়া কেইটামান কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.