Tokyo Olympics : পদক দখলৰ যুঁজ সমাপ্ত পি ভি সিন্ধুৰ

author img

By

Published : Jul 31, 2021, 6:27 PM IST

Tokyo Olympics

সোণৰ পদক দখলৰ আশা ভংগ পি ভি সিন্ধুৰ ৷ অৱশ্যে এতিয়াও ব্ৰঞ্জৰ পদক (Bronze Medal) লাভ কৰাৰ আশাত আছে খেলুৱৈগৰাকী ।

স্প’ৰ্টছ ডেস্ক, ৩১ জুলাই : টকিঅ' অলিম্পিকত (Tokyo Olympic) সোণ অথবা ৰূপৰ পদক লাভৰ আশা ভংগ হ'ল ভাৰতীয় বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধুৰ (P V Sindhu) । বিশ্বৰ প্ৰথম শ্ৰেণীৰ খেলুৱৈ টাই জু য়িঙৰ হাতত মহিলা একক (Women singles) শাখাত পৰাস্ত হোৱাৰ পিছতে শীৰ্ষৰ দুটা পদক জিকাৰ আশা ভংগ হয় ভাৰতীয় খেলুৱৈগৰাকীৰ । পি ভি সিন্ধুৱে পোনপটীয়া খেলত ২১-১৮, ২১-১২ ছেটত টাই জু য়িঙৰ হাতত পৰাস্ত হয় ।

অৱশ্যে এতিয়াও ব্ৰঞ্জৰ পদক (Bronze Medal) লাভ কৰাৰ আশাত আছে খেলুৱৈগৰাকী । ৰিঅ' গেমছৰ (Rio Olympic) ৰূপৰ পদক বিজয়ী ২৬ বছৰীয়া সিন্ধুৱে এতিয়া দেওবাৰে টকিঅ' অলিম্পিকৰ বেডমিণ্টন ইভেণ্টত ব্ৰঞ্জৰ পদক দখলৰ লক্ষ্যৰে চীনৰ খেলুৱৈ হি বিং জিয়াওৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৷ সকলো ভাৰতীয়ই এতিয়া আশা কৰিছে যে সিন্ধুৱে দেশৰ বাবে ব্ৰঞ্জৰ পদক হ'লেও আঁজুৰি আনিবলৈ সক্ষম হ'ব ৷

লগতে পঢ়ক: টকিঅ' অলিম্পিক: নকআউটৰ আশাত বন্দী ভাৰতৰ মহিলা হকী দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.