Tokyo Olympics: ব্ৰঞ্জৰ পদক দখলেৰে ইতিহাস ৰচিলে পি ভি সিন্ধুৱে

author img

By

Published : Aug 1, 2021, 6:57 PM IST

Tokyo Olympics: PV Sindhu beats He Bingjiao to win women's singles bronze

সমগ্ৰ দেশবাসীৰ বাবে এক সুখবৰ ৷ Tokyo Olympics ত পুনৰ ভাৰতৰ পদক অৰ্জন ৷ এইবাৰ ব্ৰঞ্জৰ পদক দখলেৰে এই সন্মান কঢ়িয়াই আনিলে শ্বাটলাৰ পি ভি সিন্ধুৱে ৷ ইয়াৰ লগে লগে ক্ৰমাগত দুটাকৈ অলিম্পিকত একেৰাহে পদক অৰ্জনকাৰী হিচাপে ইতিহাস ৰচিলে সিন্ধুৱে ৷

স্প’ৰ্টছ ডেস্ক, ১ আগষ্ট : টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদ (bronze medal) দখল কৰি দেশবাসীলৈ সন্মান কঢ়িয়াই আনিলে ভাৰতীয় শ্বাটলাৰ পি ভি সিন্ধুৱে (PV Sindhu) ৷ শনিবাৰে বিশ্বৰ প্ৰথম শ্ৰেণীৰ খেলুৱৈ টাই জু য়িঙৰ হাতত মহিলা একক (Women singles) শাখাত পৰাস্ত হোৱাৰ ব্ৰঞ্জৰ পদক দখলৰ যুঁজত অৱতীৰ্ণ হৈছিল ভাৰতীয় খেলুৱৈগৰাকী । দেওবাৰে অনুষ্ঠিত এখন খেলত ভাৰতীয় শ্বাটলাৰগৰাকীয়ে ব্ৰঞ্জৰ পদক দখলৰ লক্ষ্যৰে চীনৰ খেলুৱৈ হি বিং জিয়াওৰ (China's He Bingjiao) বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় ৷

পি ভি সিন্ধুৱে প্লে-অফত চীনৰ হি বিং জিয়াও (China's He Bingjiao)ক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম সক্ষম হয় ৷ ৰিঅ' অলিম্পিকত ৰূপৰ পদ (Rio Olympics silver medallist)ক বিজয়ী পি ভি সিন্ধুৱে প্লে-অফত হি বিং জিয়াও (China's He Bingjiao)ক ২১-১৩, ২১-১৫ ছেটত পৰাস্ত কৰে । সিন্ধুৱে ব্ৰঞ্জৰ পদ দখলৰ লগতে একেৰাহে দুখন অলিম্পিকত দুটাকৈ পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ (first Indian woman athlete) ।

লগতে পঢ়ক : Tokyo Olympics : ডিচকাছ থ্ৰ’ৰ ফাইনেলত কমলপ্ৰীত কৌৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.