PV Sindhu birthday : খেলুৱৈগৰাকীলৈ জ্বালা গুট্টা-কিৰেণ ৰিজিজুৰ জন্মদিনৰ শুভেচ্ছা

author img

By

Published : Jul 5, 2021, 7:39 PM IST

PV Sindhu birthday

সোমবাৰে ছ’চিয়েল মিডিয়াযোগে অনেক গুণমুগ্ধৰ লগতে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজু (Kiren Rijiju)য়ে জন্মদিনৰ শুভেচ্ছা জনায় বেডমিণ্টন খেলুৱৈ পিভি সিন্ধু (PV Sindhu)ক ৷ বৰ্তমান আগন্তুক Tokyo2020 Olympicsৰ বাবে অনুশীলনত ব্ৰতী আছে খেলুৱৈগৰাকী ৷

স্পৰ্টছ ডেস্ক, 5 জুলাই : সোমবাৰে 25 বছৰত ভৰি দিলে বেডমিণ্টন খেলুৱৈ পিভি সিন্ধুৱে (PV Sindhu) ৷ খেলুৱৈগৰাকীৰ জন্মদিনৰ শুভক্ষণত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা (Jwala Gutta) আৰু কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজু (Kiren Rijiju)কে ধৰি অনেক গুণমুগ্ধই শুভেচ্ছা জনায় সিন্ধুক ৷ 25 বছৰীয়া এই যাত্ৰাত সিন্ধুৱে ইতিমধ্যে বহু পদক যেনে- অলিম্পিক (Olympics), BWF টুৰ্ণামেণ্ট আৰু 2019 বৰ্ষৰ বিশ্ব চেম্পিয়নশ্বিপ (2019 World Championships)ত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷

জ্বালা গুট্টাই ছ’চিয়েল মিডিয়াযোগে সিন্ধুক শুভেচ্ছা জ্ঞাপন কৰি মন ভৰাকৈ আইছক্ৰীম খোৱাৰ কথা উল্লেখ কৰে ৷ তেওঁ লিখিছে "Happy happy birthday Sindhu.... Eat a lot of ice creams today," ৷ আনহাতে কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুৱে লিখিছে, ভাৰতৰ প্ৰথম বিশ্ব বেডমিণ্টন চেম্পিয়ন আৰু অলিম্পিক বঁটা প্ৰাপকলৈ জন্মদিনৰ অলেখ শুভেচ্ছা ৷ লগতে #Tokyo2020 Olympicsৰ বাবে সিন্ধুৰ সু-স্বাস্থ্যৰ কামনা কৰে মন্ত্ৰীগৰাকীয়ে ৷ "Birthday greetings to India's first World Badminton Champion and Olympic Medalist @Pvsindhu1 I wish her good health and best wishes for the #Tokyo2020 Olympics. #Cheer4India." ৷

বিশ্বৰ শীৰ্ষ বেডমিণ্টন খেলুৱৈৰ তালিকাত 7 নম্বৰত বৰ্তি আছে পিভি সিন্ধু ৷ 2016 চনৰ ৰিঅ’ অলিম্পিকত স্পেইনৰ কাৰোলিনা মাৰিন (Carolina Marin)ৰ বিৰুদ্ধে ব্ৰঞ্জৰ পদক লাভ কৰিছিল সিন্ধুৱে ৷ পৰৱৰ্তী সময়ত 2019 চনত ইতিহাস ৰচনা কৰি বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ (Badminton World Championships)ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় খেলুৱৈগৰাকীয়ে ৷ সম্প্ৰতি সিন্ধু Tokyo2020 Olympicsৰ বাবে অনুশীলনত ব্ৰতী আছে ৷

লগতে পঢ়ক : ১৭ জুলাইত টকিঅ' অভিমুখে ৰাওনা হ'ব ভাৰতৰ প্ৰথমটো খেলুৱৈৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.