দলৰ সৈতে অলিম্পিকলৈ নাযায় পুল্লেলা গোপীচান্দ

author img

By

Published : Jul 7, 2021, 2:14 PM IST

Pullela Gopichand

গোপীচান্দে আগুছ দ্বি সন্তোষাক স্থান দিয়াটো নিশ্চিত কৰিবলৈ অপ্ট-আউট কৰাৰ সিদ্ধান্ত লয় । ক'ভিডৰ কঠোৰ প্ৰট'কলৰ বাবে বেডমিণ্টন এছ'চিয়েচন অৱ ইণ্ডিয়াই (BAI) চাৰিগৰাকী খেলুৱৈৰ সৈতে মাত্ৰ ৯ জনীয়া দলকহে টকিঅ'লৈ যোৱাৰ অনুমতি দিছে ।

স্প’ৰ্টছ ডেস্ক, ৭ জুলাই : ভাৰতৰ বেডমিণ্টন খেলুৱৈ সকলো সাজু টকিঅ' অলিম্পিকৰ(Tokyo Olympic) বাবে । বিশেষকৈ সকলোৰে চকু পি ভি সিন্ধুৰ (PV Sindhu) লগতে ভাৰতৰ আন খেলুৱৈসকলৰ ওপৰত । ২০১২ আৰু ২০১৬ চনত চাইনা নেহৱাল (Saina Nehwal) আৰু পি ভি সিন্ধুৱে একেৰাহে অলিম্পিক পদক জয় কৰাৰ পিছত এতিয়া ভাৰতীয় দলটোৱে হেট্ৰিকৰ আশাত আছে । এইবাৰ অলিম্পিকৰ বাবে বাছনি কৰা হৈছে ৪ গৰাকী বেডমিণ্টন খেলুৱৈ ।

তেওঁলোক ক্ৰমে পি ভি সিন্ধু, বি চাই প্ৰণীত (B Sai Praneeth), চিৰাগ শেট্টী আৰু সাতৱিক ৰাংকিৰেড্ডী । লক্ষণীয়ভাৱে এইবাৰ ক'ৰ্টৰ কাষত নাথাকিব মুখ্য ৰাষ্ট্ৰীয় প্ৰশিক্ষক (Chief national coach) পুল্লেলা গোপীচান্দ । ২০১৬ চনৰ ৰিঅ' অলিম্পিকত (Rio Olympic) ৰূপৰ পদক লাভ কৰাৰ সময়ত সিন্ধুৰ প্ৰশিক্ষক হিচাপে উপস্থিত আছিল গোপীচান্দ ।

ক'ভিডৰ কঠোৰ প্ৰট'কলৰ বাবে বেডমিণ্টন এছ'চিয়েচন অৱ ইণ্ডিয়াই (BAI) চাৰিগৰাকী খেলুৱৈৰ সৈতে মাত্ৰ ৯ জনীয়া দলকহে টকিঅ'লৈ যোৱাৰ অনুমতি দিছে । দুগৰাকী বিদেশী প্ৰশিক্ষকক দলটোত অন্তৰ্ভূক্ত কৰি গোপীচান্দে এই দলৰ পৰা বাহিৰ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে । ৯ জনীয়া দলটোত ৪ গৰাকী খেলুৱৈৰ সৈতে তিনিগৰাকী প্ৰশিক্ষক আৰু দুজন ফিজিঅ' থাকিব ।

ছিংগলছ প্ৰশিক্ষক হিচাপে যাব পাৰ্ক টাই-চাং আৰু আগুছ দ্বি সন্তোষা । ইফালে ডাবলছৰ প্ৰশিক্ষক হিচাপে থাকিব মাথিয়াছ বো আৰু ফিজিঅ'(physio) ইভাংলাইন বাড্ডাম আৰু সুমানশ শিৱলংকাই টকিঅ'লৈ খেলুৱৈসকলৰ সৈতে যাব । বিএআইৰ সাধাৰণ সম্পাদক (BAI General Secretary) অজয় সিংঘানিয়াই মঙলবাৰে এক বিবৃতিত কয় যে মাত্ৰ এটা কোটা খালী থকাৰ বাবে গোপীচান্দে আগুছ দ্বি সন্তোষাক স্থান দিয়াটো নিশ্চিত কৰিবলৈ অপ্ট-আউট কৰাৰ সিদ্ধান্ত লয় । ইফালে মহামাৰীৰ পিছৰে পৰা সন্তোষাই চাই প্ৰণীতক প্ৰশিক্ষণ দি আছে ।

পূৰ্বে বেডমিণ্টন এছ'চিয়েচন অৱ ইণ্ডিয়াই (Badminton Association of India) খেলুৱৈসকলৰ সৈতে সাতজনীয়া প্ৰশিক্ষক আৰু সহায়ক কৰ্মচাৰী প্ৰেৰণ কৰাৰ প্ৰস্তাৱ দিছিল । কিন্তু কঠোৰ ক'ভিড প্ৰট'কলৰ (Covid protocol) বাবে কেৱল ৫ জনীয়া প্ৰশিক্ষক আৰু সহায়ক কৰ্মচাৰীৰ দলক বেডমিণ্টন দলৰ সৈতে ভ্ৰমণ কৰিবলৈ অনুমতি দিয়া হৈছে । নিয়ম অনুসৰি, যিকোনো দেশৰ দলৰ মাত্ৰ ৩৩ শতাংশহে সহায়ক কৰ্মচাৰী যাব পাৰিব ।

লগতে পঢ়ক: টকিঅ' অলিম্পিকত যিকোনো দলকে পৰাস্ত কৰিব পাৰিব ভাৰতে : ৰাণী ৰামপাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.