আৰিয়ান খানৰ গ্ৰেপ্তাৰ সন্দৰ্ভত বিশাল দদলানিৰ প্ৰতিক্ৰিয়া

author img

By

Published : Oct 11, 2021, 10:40 AM IST

Vishal Dadlani's reaction against Aryan Khan case

ক্ৰুজত চলা ড্ৰাগছ পাৰ্টীৰ গোচৰ সন্দৰ্ভত আৰিয়ান খানক গ্ৰেপ্তাৰ কৰাৰ পাছতে বহু নামী-দামী বলীউড তাৰকাই সমৰ্থন আগবঢ়াই শ্বাহৰুখ খানলৈ । সংগীতকাৰ বিশাল দদলানিয়েও শেহতীয়াকৈ কিং খানলৈ আগবঢ়াইছে সমৰ্থন । লগতে তেওঁ বিস্ফোৰক অভিযোগ তুলিছে যে, আদানি বন্দৰত ৩,০০০ কিল’গ্ৰাম তালিবানী-ড্ৰাগছ জব্দ হোৱাৰ ঘটনাক গাপ দিবলৈ শ্বাহৰুখ খানৰ পৰিয়ালক ড্ৰাগছ পাৰ্টীৰ গোচৰৰে জড়িত কৰা হৈছে ।

চিটাৰা ডেস্ক, ১১ অক্টোবৰ : "আদানি বন্দৰত ৩,০০০ কিল’গ্ৰাম তালিবানী-ড্ৰাগছ জব্দ হোৱা ঘটনাক গাপ দিবলৈ শ্বাহৰুখ খান আৰু তেওঁৰ পৰিয়ালক ড্ৰাগছ পাৰ্টীৰ গোচৰৰে জড়িত কৰা হৈছে । ড্ৰাগছ পাৰ্টীৰ গোচৰৰ জৰিয়তে বিজেপিৰ মন্ত্ৰী তথা পুত্ৰৰ বাহনে কৃষকক মহতিয়াই নিয়া ঘটনাৰ পৰাও দেশবাসীৰ দৃষ্টি আঁতৰ কৰাৰ চেষ্টা কৰা হৈছে" । ছবি নিৰ্মাতা অশ্বিনী চৌধুৰীৰ টুইটৰ প্ৰতিক্ৰিয়াত এই মন্তব্য সংগীতকাৰ বিশাল দদলানিৰ ।

উল্লেখ্য যে, ক্ৰুজত চলা ড্ৰাগছ পাৰ্টী গোচৰত চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা নাৰ্ক'টিক্স কণ্ট্ৰ’ল ব্যুৰ' ৰ এই অভিযান সন্দৰ্ভত বহু প্ৰশ্ন উত্থাপন হোৱাৰ লগতে সন্দেহ বৃদ্ধি পাইছে ।

ড্ৰাগছৰ পাৰ্টীৰ গোচৰত আৰিয়ান খানক গ্ৰেপ্তাৰ কৰাৰ পাচতেই পিতৃ শ্বাহৰুখ খানলৈ বলীউডৰ প্ৰায়বোৰ তাৰকাই সমৰ্থন আগবঢ়াইছে । শেহতীয়াকৈ বিশাল দদলানিয়েও মুকলিলৈ সমৰ্থন আগবঢ়াইছে শ্বাহৰুখলৈ । তেওঁ দাবী কৰিছে যে, আদানি বন্দৰৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ হোৱা ঘটনাৰ বিষয়ে যাতে দেশবাসীয়ে অৱগত হ'ব নোৱাৰে, সেইবাবে কৰ্ডেলিয়া ক্ৰুজৰ ড্ৰাগছ পাৰ্টীৰ গোচৰক এই ৰূপ দিয়া হৈছে ।

কেৱল এয়াই নহয়, বিশালে উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ প্ৰসংগও উত্থাপন কৰিছে । তেওঁ কয় যে, লখিমপুৰ খেৰীত ৰাজনীতিবিদৰ পুত্ৰই কৃষকক হত্যা কৰা ঘটনাকো গাপ দিয়াৰ চেষ্টা কৰা হৈছে । এতিয়া সৰ্বত্ৰে ড্ৰাগছ পাৰ্টীৰ গোচৰৰে চৰ্চা অব্যাহত আছে ।

শাসকীয় দলৰ নেতাৰ তথা একাংশ কোম্পানীৰ গুৰুতৰ অপৰাধ লুকুৱাবলৈ শ্বাহৰুখ খানৰ পৰিয়ালক কেৱল এক আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে । ছবি নিৰ্মাতা অশ্বিনী চৌধুৰীয়ে টুইটযোগে প্ৰশ্ন কৰিছিল যে, যোৱা ৩০ বছৰে শ্বাহৰুখৰ সৈতে কাম কৰা কিমানগৰাকী প্ৰযোজক, পৰিচালক আজি তেওঁৰ সমৰ্থনত আছে ? ইয়াৰ পাছতে বিশাল দদলানি ৰি-টুইট কৰি এই গুৰুতৰ অভিযোগ তোলে ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ঋত্বিক ৰোশনেও কিং খানলৈ সমৰ্থন জনাই আৰিয়ান খানলৈ এখন মুকলি চিঠি লিখিছিল । ছলমান খানেও কেইদিনমানমান পূৰ্বে শ্বাহৰুখ সাক্ষাৎ কৰিছিল । বলীউড তাৰকাক ড্ৰাগছৰ গোচৰৰ সৈতে কিয় বাৰে বাৰে সাঙুৰি লোৱা হয় বুলিও বহুতেই ইতিমধ্যে প্ৰশ্ন উত্থাপন কৰিছে ।

লগতে পঢ়ক: Byju's য়ে বন্ধ কৰিলে শ্বাহৰুখৰ সকলো বিজ্ঞাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.