‘তখত’ৰ শ্বুটিঙৰ সম্ভাৱনা: ঘোঁৰা চালনাৰ প্ৰশিক্ষণ লৈছে বিকি কৌশলে

author img

By

Published : Mar 3, 2021, 12:54 PM IST

Vicky Kaushal begins horse riding lessons. Is Takht still on the cards?

বুধবাৰে পুৱা প্ৰশিক্ষণ গ্ৰহণ কৰা মুহুৰ্তৰ এটি ভিডিঅ’ বিকি কৌশলে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে ৷ ভিডিঅ’টোৰ শিৰোনামত বিকিয়ে লিখে, "Walk and trot. Back to basics. 🐎"

চিটাৰা ডেস্ক,3 মাৰ্চ: ঘোঁৰা চালনাৰ প্ৰশিক্ষণ আৰম্ভ কৰিছে অভিনেতা বিকি কৌশলে ৷ বিকিয়ে আহিবলগীয়া ছবি ‘তখত’ৰ বাবে বিগত বৰ্ষতে ঘোঁৰাচালনাৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল যদিও কৰ’ণা মহামাৰীৰ বাবে প্ৰশিক্ষণ বন্ধ ৰাখিছিল অভিনেতা গৰাকীয়ে ৷ পৰিস্থিতি স্বাভাৱিক হোৱাত এতিয়া পুনৰ প্ৰশিক্ষণ আৰম্ভ কৰিছে বিকিয়ে ৷

বুধবাৰে পুৱা প্ৰশিক্ষণ গ্ৰহণ কৰা মুহুৰ্তৰ এটি ভিডিঅ’ বিকিয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে ৷ ভিডিঅ’টোৰ শিৰোনামত বিকিয়ে লিখে, "Walk and trot. Back to basics. 🐎"

যদিও অভিনেতা গৰাকীয়ে কোনখন ছবিৰ বাবে এই প্ৰশিক্ষণ আৰম্ভ কৰিছে সেয়া ব্যক্ত কৰা নাই ৷ কিন্তু বিগত বৰ্ষৰ জানুৱাৰীতো অভিনেতা গৰাকীয়ে নিৰ্দেশক কৰণ জোহৰৰ পিৰিয়ড ড্ৰামা ‘তখত’ৰ বাবে ঘোঁৰা চালনাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল ৷ এই ছবিখনত বিকিয়ে ‘ঔৰংগজেৱ’ৰ চৰিত্ৰ ৰূপায়ণ কৰিব ৷ ছবিখন মোগল সম্ৰাট ঔৰংগজেৱ আৰু ভাতৃ দাৰা শিকোহৰৰ মাজত ৰাজপাটকেন্দ্ৰিক সংঘাতৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হ’ব ৷

শেহতীয়াকৈ অভিনেতা গৰাকীয়ে আহিবলগীয়া ছবি ‘দ্য ইমমোৰটেল অশ্বত্থামা’ৰ ফাৰ্ষ্ট লুক শ্বেয়াৰ কৰিছে ৷ আতিদ্য ধৰৰ কাহিনী আৰু পৰিচালনাত নিৰ্মিত ছবিখন চলিত বৰ্ষৰ শেষলৈকে ছবিগৃহত মুক্তিলাভ কৰিব ৷ ইয়াৰ উপৰিও অভিনেতা গৰাকীক মানুষী চিল্লৰৰ বিপৰীতে যশৰাজ ফিল্মছৰ কমেডি ড্ৰামাটো দেখিবলৈ পোৱা যাব ৷

লগতে পঢ়ক-বিগ বচ-14 ৰ প্ৰতিযোগীৰ বাবে ৰাখী সাৱন্তৰ পাৰ্টী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.