আৰিয়ান খানক আটক সন্দৰ্ভত কি ক’লে জাভেদ আখতাৰে ?

author img

By

Published : Oct 20, 2021, 1:14 PM IST

Javed Akhtar on Aryan Khan's drug case

ড্ৰাগছ(Drugs)ৰ গোচৰত আৰিয়ান খান(Aryan Khan) আটক হোৱাৰ সন্দৰ্ভত প্ৰসিদ্ধ গীতিকাৰ জাভেদ আখতাৰে(Javed Akhtar) কয় যে, হিন্দী চলচ্চিত্ৰ উদ্যোগ ‘হাই প্ৰফাইল’(High Profile) হোৱাৰ বাবে অধিক তদন্তৰ আওতাত থাকিবলগীয়া হয় ৷ সেইবাবে হিন্দী ছবি উদ্যোগে এইক্ষেত্ৰত উচ্চহাৰত মূল্য পৰিশোধ কৰিব লাগে ৷ বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান(Shah Rukh Khan)ৰ পুত্ৰ আৰিয়ান খানক মুম্বাইৰ ক্ৰুজ ড্ৰাগছ গোচৰত আটক কৰাৰ পাচতে বলীউডৰ কলা-কুশলীসকলৰ সংস্কাৰকলৈ প্ৰশ্ন উত্থাপন হৈছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত এইদৰে মন্তব্য আগবঢ়ায় প্ৰসিদ্ধ গীতিকাৰ তথা লেখক জাভেদ আখতাৰে ৷

চিটাৰা ডেস্ক, 20 অক্টোবৰ : অভিনেতা শ্বাহৰুখ খান(Shah Rukh Khan)ৰ পুত্ৰ আৰিয়ান খানক মুম্বাইৰ ক্ৰুজ ড্ৰাগছ(Drugs) গোচৰত আটক কৰাৰ পাচতে এতিয়া বলীউডৰ কলা-কুশলীসকলৰ সংস্কাৰ আৰু সংস্কৃতিকলৈও প্ৰশ্ন উত্থাপন হৈছে ৷ এই সন্দৰ্ভত প্ৰসিদ্ধ গীতিকাৰ তথা লেখক জাভেদ আখতাৰে(Javed Akhtar) কয় যে, হিন্দী চলচ্চিত্ৰ উদ্যোগটো ‘হাই প্ৰফাইল’(High Profile) ৷ যাৰ বাবে ইয়াত জড়িত কলা-কুশলীসকলে অধিক তদন্তৰ আওতাত থাকিবলগীয়া হয় ৷ সেইবাবে হিন্দী ছবি উদ্যোগৰ সৈতে জড়িত লোকসকলে উচ্চহাৰত মূল্য পৰিশোধ কৰিবলগীয়া হয় ৷

বিগত 13 ছেপ্তেম্বৰত গুজৰাটৰ মান্দ্ৰা বন্দৰত NIA ৰ দ্বাৰা 2988.21 কিল’গ্ৰাম নাৰ্ক’টিক্স পদাৰ্থ জব্দ কৰাৰ সন্দৰ্ভত জাভেদ আখতাৰে কয়, ‘‘এটা বন্দৰত 1 বিলিয়ন ডলাৰ মূল্যৰ কোকেইন উদ্ধাৰ হৈছিল ৷ কিন্তু এই সন্দৰ্ভত মই কোনো বাতৰি লাভ কৰা নাই ৷ কিন্তু মাত্ৰ 1.30 লাখ মূল্যৰ গাঞ্জা উদ্ধাৰ হৈছে, য'ত 1200 জন লোকো উপস্থিত নাছিল ; এয়া এক বৃহৎ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাতৰি হৈ পৰিছে’’ ৷

ইয়াৰোপৰি আখতাৰে 2 অক্টোবৰত মুম্বাইৰ কৰ্ডেলিয়া ক্ৰুজ জাহাজত ড্ৰাগছৰ বিৰুদ্ধে চলা অভিযান সন্দৰ্ভত কয়, ‘‘হাই প্ৰফাইল হোৱাৰ বাবে হিন্দী চলচ্চিত্ৰ উদ্যোগটোৱে এই মূল্য পৰিশোধ কৰিব লাগিব ৷ কিয়নো যেতিয়া এনেধৰণৰ গোচৰত আপোনাৰ নাম সাঙোৰ খায়, সেইসময়ত একাংশই আপোনাক আৰু তললৈ নমাব বিচাৰে’’ ৷

লগতে পঢ়ক : আৰিয়ান খানৰ গ্ৰেপ্তাৰ সন্দৰ্ভত বিশাল দদলানিৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.