আগন্তুক নেটফ্লিক্স ছিৰিজ 'মাই' প্ৰযোজনা কৰিব অনুষ্কা শৰ্মাই

author img

By

Published : Mar 3, 2021, 5:46 PM IST

আগন্তুক নেটফ্লিক্স ছিৰিজ 'মাই' প্ৰযোজনা কৰিব অনুষ্কা শৰ্মাই

ছ'চিয়েল মিডিয়া পোষ্টযোগে আগন্তুক নেটফ্লিক্স ছিৰিজৰ বিষয়ে ঘোষণা কৰিলে বলীউড অভিনেত্ৰী তথা প্ৰযোজক অনুষ্কা শৰ্মাই । শীঘ্ৰেই দৰ্শকে উপভোগ কৰিব পাৰিব নেটফ্লিক্স ছিৰিজ 'মাই' ।

চিটাৰা ডেস্ক, ৩ মাৰ্চ: 'পাটাললোক'ৰ সফলতাৰ পিছত পুনৰ নেটফ্লিক্স ছিৰিজ 'মাই' প্ৰযোজনা কৰিবলৈ সাজু হৈছে বলীউড অভিনেত্ৰী তথা প্ৰযোজক অনুষ্কা শৰ্মা । শেহতীয়াকৈ মাতৃত্বৰ সুখ লাভ কৰা অনুষ্কাই তেওঁ অভিনীত পৰৱৰ্তী ছবিৰ কথা এতিয়াও ঘোষণা কৰা নাই । শেহতীয়াকৈ নেটফ্লিক্সে মাধুৰী দিক্ষিত, ৰবীনা টেণ্ডনে আঁত ধৰা শ্ব'সহ মুঠ ১৫টা মূল ছিৰিজৰ কথা ঘোষণা কৰিছে ।

ইয়াৰ লগে লগে অনুষ্কায়ো ছ'চিয়েল মিডিয়া পোষ্টযোগে নেটফ্লিক্স ছিৰিজ 'মাই'ৰ কথা ঘোষণা কৰে । ছিৰিজটোৰ এখন ফটো শ্বেয়াৰ কৰি অনুষ্কাই কাহিনীভাগৰ কিছু আভাস দিয়াৰ চেষ্টা কৰিছে । লগতে ক্ৰাইম-থ্ৰিলাৰ ছিৰিজ 'মাই'ক লৈ উৎসাহিত হৈ আছে বুলিও মত প্ৰকাশ কৰে অনুষ্কাই । এই ছিৰিজত সাক্ষী টানৱাৰ, বিবেক মুছৰাণ, ৰাইমা সেন, সীমা পহৱা আৰু প্ৰশান্ত নাৰায়ণনেও অভিনয় কৰিছে ।

অনুষ্কাই যোৱা ১১ জানুৱাৰীত কন্যা বামিকাক জন্ম দিয়ে । অভিনয় জগতলৈ উভতি অহা সন্দৰ্ভত তেওঁ পূৰ্বে কৈছিল যে, সন্তান জন্ম দিয়াৰ পিছতে তেওঁ পুনৰ অভিনয় কৰিব আৰু ঘৰ আৰু কামৰ মাজত ভাৰসাম্য ৰক্ষা কৰাতো নিশ্চিত কৰাৰ চেষ্টা কৰিব ।

লগতে পঢ়ক:‘তখত’ৰ শ্বুটিঙৰ সম্ভাৱনা: ঘোঁৰা চালনাৰ প্ৰশিক্ষণ লৈছে বিকি কৌশলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.