মহাভাৰতৰ আধাৰত ছবি নিৰ্মাণৰ পৰিকল্পনা কিয় স্থগিত ৰাখিলে আমিৰ খানে ?

author img

By

Published : Mar 2, 2021, 5:56 PM IST

মহাভাৰতৰ আধাৰত ছবি নিৰ্মাণৰ পৰিকল্পনা কিয় স্থগিত ৰাখিলে আমিৰ খানে ?

মহাভাৰতৰ আধাৰত ছবি নিৰ্মাণৰ পৰিকল্পনা স্থগিত ৰাখিলে অভিনেতা আমিৰ খানে । ডিজিটেল মাধ্যমত মহাভাৰত প্ৰচাৰৰ পৰিকল্পনা হঠাৎ স্থগিত ৰখাত বিভিন্ন মহলত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।

চিটাৰা ডেস্ক,২ মাৰ্চ: বলীউডৰ তাৰকা আমিৰ খানৰ অন্যতন সপোনৰ প্ৰকল্প 'মহাভাৰত'ক সম্প্ৰতি একাষৰীয়া কৰাৰ এক খবৰে চৰ্চা লাভ কৰিছে তেওঁৰ অনুৰাগীৰ মাজত । মহাভাৰতক ড্ৰীম প্ৰজেক্ট হিচাপে পৰিকল্পনা কৰাৰ লগতে ডিজিটেল প্লেটফৰ্মত প্ৰচাৰ কৰাৰ বাবে সিদ্ধান্ত লোৱা অভিনেতাজনৰ শেহতীয়া এই খবৰে এতিয়া বলীউড জগতত বিশেষ চৰ্চা লাভ কৰিছে ।

উল্লেখ যে হিন্দু ধৰ্মৰ অন্যতম মহাকাব্য মহাভাৰতৰ কাহিনীৰে এটা ৱেব শ্ব'ৰ বাবে পৰিকল্পনা কৰিছিল অভিনেতাগৰাকীয়ে লগতে তেওঁ যোৱা দুবছৰ ধৰি এই পৰিকল্পনা সন্দৰ্ভত গৱেষণাও কৰি আছিল । কিন্তু সময়ৰ অভাৱৰ বাবে ইতিমধ্যে অভিনেতাজনে তেওঁৰ এই পৰিকল্পনা বাদ দিয়া বুলি উল্লেখ কৰিছে ।

কিন্তু এক বিশেষ সূত্ৰৰ মতে অভিনেতাগৰাকীয়ে কেৱল বাণিজ্য আৰু সময়ৰ বাবে এই পৰিকল্পনা স্থগিত ৰখা নাই । ইয়াৰ দ্বাৰা বহু বিতৰ্কৰ সৃষ্টি হ'ব বুলিও তেওঁ চিন্তিত লগতে সূত্ৰটোৱে প্ৰকাশ কৰা মতে অভিনেতাগৰাকীয়ে 'মহাভাৰত' নিৰ্মাণৰ বাবে এইটো উচিত সময় নহয় বুলিও ধাৰণা কৰিছে ।

ইফালে মহাভাৰতকলৈ কেৱল আমিৰ খানেই নহয় চলচ্চিত্ৰ নিৰ্মাতা এছ এছ ৰাজামৌলী আৰু অভিনেত্ৰী তথা প্ৰযোজক দীপিকা পাডুকনেও ছবি নিৰ্মাণৰ পৰিকল্পনা কৰাৰ কথা শেহতীয়াকৈ চৰ্চাৰ মাজত আছিল । মহাভাৰতৰ দ্ৰোপদী চৰিত্ৰৰ আধাৰত দীপিকা পাডুকনে ছবি নিৰ্মাণ কৰিব বুলি এক খবৰ ওলাইছিল যদিও মহাভাৰতকলৈ ৰাজামৌলীৰ পৰিকল্পনা এতিয়াও স্পষ্ট হোৱা নাই ।

লগতে পঢ়ক:সাংবাদিকৰ চৰিত্ৰত কাৰ্তিক আৰিয়ানৰ নতুন ছবি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.