Whats App new feature: এতিয়াৰে পৰা ৩২ জনলৈকে কৰিব পাৰিব Video call

author img

By

Published : Nov 3, 2022, 4:36 PM IST

WhatsApp starts global roll out of Communities feature groups can now support 1024 users

WhatsApp ব্যৱহাৰকাৰীৰ বাবে এক সুখবৰ । অৱশেষত Whats Appয়ে এক বিশেষ বৈশিষ্ট্য ৰোল আউট কৰিবলৈ গৈ আছে যাক বাবে ব্যৱহাৰকাৰীসকলে দীৰ্ঘদিন ধৰি অপেক্ষা কৰি আছিল । হোৱাটছ এপৰ এই নতুন বৈশিষ্ট্যৰ নাম হৈছে Communities । হোৱাটছএপ কমিউনিটিজৰ বিশ্বব্যাপী ৰোলআউটৰ কথা ঘোষণা কৰে মাৰ্ক জুকাৰবাৰ্গে । ১০২৪ জনলৈকে গ্ৰুপত কৰিব পাৰিব যোগদান

নিউজ ডেস্ক, 3 অক্টোবৰ: Whats App ব্যৱহাৰকাৰীৰ বাবে এক সুখবৰ । অৱশেষত Whats Appয়ে এক বিশেষ বৈশিষ্ট্য ৰোল আউট কৰিবলৈ গৈ আছে যাক বাবে ব্যৱহাৰকাৰীসকলে দীৰ্ঘদিন ধৰি অপেক্ষা কৰি আছিল(WhatsApp new feature) । হোৱাটছ এপৰ এই নতুন বৈশিষ্ট্যৰ নাম হৈছে Communities । হোৱাটছ এপ কমিউনিটিজৰ বিশ্বব্যাপী ৰোলআউটৰ কথা ঘোষণা কৰে মাৰ্ক জুকাৰবাৰ্গে(WhatsApp starts global roll out of Communities feature) ।

আগন্তুক কেইমাহমানৰ ভিতৰত হোৱাটছ এপৰ সকলো ব্যৱহাৰকাৰীৰ কাষ চাপিব । WhatsApp Communitiesৰ সহায়ত ব্যৱহাৰকাৰীয়ে একেলগে বহুতো গ্ৰুপৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে । ইয়াৰ উপৰিও আজি আৰু তিনিটা নতুন ফিচাৰ হোৱাটছ এপত অন্তৰ্ভূক্ত কৰা হৈছে । এতিয়া ব্যৱহাৰকাৰীয়ে ভিডিঅ’ কলৰ জৰিয়তে একেলগে ৩২ জন লোকৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব ।

  • Welcome to Communities 👋

    Now admins can bring related groups together in one place to keep conversations organized.

    Organized. Private. Connected 🤝 pic.twitter.com/u7ZSmrs7Ys

    — WhatsApp (@WhatsApp) November 3, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

একে সময়তে এতিয়া গ্ৰুপত ১০২৪ জন ব্যৱহাৰকাৰীৰ সৈতে আড্ডা দিব পৰা যাব(Communities feature groups can now support 1024 users) । ইয়াৰ সমান্তৰালকৈ কোম্পানীটোৱে হোৱাটছ এপতো মুকলি কৰিছে প’ল ক্ৰিয়েটিং ফিচাৰ । সবিশেষ জানো আহক...

হোৱাটছ এপৰ মতে, কমিউনিটিৰ বাবে সেইসকল ব্যৱহাৰকাৰী লাভৱান হ’ব পাৰিব যিসকলৰ ইজনে সিজনৰ লগত গভীৰ সম্পৰ্ক আছে । বিদ্যালয় আৰু সংশ্লিষ্ট ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ইয়াৰ এক ডাঙৰ উদাহৰণ । ইয়াৰ ভিতৰত বহু কেইটা বিষয়বস্তুৰ মিল আছে । হোৱাটছ এপৰ নতুন ফিচাৰৰ জৰিয়তে তেওঁলোকে নিজৰ কথা-বতৰা সংগঠিত কৰাৰ বাবে অধিক টুলছ্ লাভ কৰিব । স্কুলীয়া ল’ৰা-ছোৱালীৰ অভিভাৱক, স্থানীয় ক্লাব আনকি সৰু সৰু কৰ্মস্থলীও কথা-বতৰা আৰু দৈনন্দিন কাম-কাজৰ বাবে হোৱাটছএপ ব্যৱহাৰ কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

এই গ্ৰুপসমূহৰ গোপনীয়তা সুৰক্ষিত কৰিবলৈ ছ’চিয়েল মিডিয়াৰ পৰা পৃথক পদ্ধতিৰ প্ৰয়োজন । বিশেষ কথাটো হ’ল যে, WhatsApp Community chatsক আৰু অধিক সুৰক্ষিত কৰিবলৈ হোৱাটছএপে আগন্তুক দিনত আৰু বহুতো আপডেট আনিব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: Create Call link on WhatsApp : হোৱাটছ এপত Create Call link ৰ নতুন সুবিধা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.