শীঘ্ৰে বজাৰলৈ আহিব এপল ৱাটছ চিৰিজ 7 ৰ নতুন মডেল

author img

By

Published : May 21, 2021, 6:08 PM IST

শীঘ্ৰে বজাৰলৈ আহিব এপল ৱাটছ চিৰিজ 7 ৰ নতুন মডেল

এপল ব্যৱহাৰকাৰীসকলৰ বাবে এক ভাল খবৰ ৷ গ্ৰাহকে অতি শীঘ্ৰে এপল ৱাটছ চিৰিজ 7 ৰ নতুন মডেল লাভ কৰিব ৷ এপলৰ আইফোন 12, আইপেড প্ৰ' আৰু আইপেড এয়াৰৰ দৰে এপল ৱাটছ চিৰিজ 7 ত ফ্লেট-এজ ডিজাইন সংযোজন কৰা হৈছে ৷

নিউজ ডেস্ক,21 মে': এপল সেৱাৰ গ্ৰাহকৰ বাবে এক ভাল খবৰ ৷ এপল ৱাটছ চিৰিজ 7 ত এতিয়াৰে পৰা অন্যান্য এপল হাৰ্ডৱেৰ আপডেটৰ দৰে আপডেট লাভ কৰিব গ্ৰাহকে ৷ কিয়নো গুগলৰ এক প্ৰতিবেদত এপল ৱাটচ চিৰিজ 7 ত নতুন ডিজাইন সংযোজন কৰা হ'ব বুলি ইতিমধ্যে এক তথ্য প্ৰকাশ পাইছে ৷

উল্লেখ্য যে, এপলৰ আইফোন 12, আইপেড প্ৰ' আৰু আইপেড এয়াৰৰ দৰে এপল ৱাটছ চিৰিজ 7 ত ফ্লেট-এজ ডিজাইন থাকিব ৷ জিনিয়াছ বাৰ পডকাষ্টে সদৰী কৰা মতে, এপল ৱাটচ চিৰিজ 7-এ প্ৰথমবাৰৰ বাবে এয়াৰপডমেক্স দৰে এক নতুন ডিজাইন গ্ৰাহকৰ বাবে অতি সোনকালে মুকলি কৰিব ৷ ইতিমধ্যে কোম্পানীটোৱে এপল ৱাটছৰ নতুন ডিজাইনৰ ওপৰত কাম কৰি আছে ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ প্ৰধান প্ৰেছ সচিব জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.