Whatsapp new features : ইণ্টাৰনেট নোহোৱাকৈও হোৱাটছএপত মেছেজ কৰিব পাৰিব, কিন্তু কেনেকৈ ?

author img

By

Published : Jan 7, 2023, 11:55 AM IST

Whatsapp new features

হোৱাটছএপ ব্যৱহাৰকাৰীৰ বাবে সুখবৰ । এতিয়াৰে পৰা ইণ্টাৰনেট নহ'লেও কথা নাই (Whatsapp users can send sms without internet)। আপুনি বিকল্প পদ্ধতিৰে হোৱাটছএপত মেছজ দিব পাৰিব । প্ৰক্সি চাপোৰ্ট সুবিধাৰ ঘোষণা কৰিছে হোৱাটছএপয়ে ।

নিউজ ডেস্ক,৭ জানুৱাৰী : বিগত বছৰটোত WhatsApp ব্যৱহাৰকাৰীৰ বাবে কোম্পানীটোৱে এপটোত বহু কেইটা নতুন সুবিধা মুকলি কৰিছিল (New features in WhatsApp)। তাৰ ভিতৰত আছিল Communities, গ্ৰুপ কলিং আৰু ভইচ নোটছ আদি । কিন্তু নতুন বছৰৰ আৰম্ভণিতে WhatsApp ব্যৱহাৰকাৰীৰ বাবে এক বৃহৎ ঘোষণা কৰিছে কোম্পানীটোৱে । এতিয়াৰে পৰা ইণ্টাৰনেট কৰ্তন হ'লেও আপুনি WhatsApp ৰ জৰিয়তে মেছেজ পঠিয়াব পাৰিব ।

৫ জানুৱাৰীত এই নতুন সুবিধা মুকলি কৰিছে WhatsAppয়ে । এই সুবিধাটোক 'হোৱাটছএপৰ বাবে প্ৰক্সি চাপোৰ্ট' (Proxy support for Whatsapp) বুলি কোৱা হয় যাক বিশ্বজুৰি স্বেচ্ছাসেৱক আৰু সংগঠনবোৰে স্থাপন কৰা চাৰ্ভাৰৰ জৰিয়তে হোৱাটছএপৰ সৈতে সংযোগ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি যিটোৱে মানুহক মুক্তভাৱে যোগাযোগ কৰাত সহায় কৰিবলৈ স্থাপন কৰা হৈছে ।

হোৱাটছএপে এটা ব্লগত এই সুবিধাটো ঘোষণা কৰি কৈছে যে এই সুবিধাটোৱে ব্যৱহাৰকাৰীসকলক কোনো বাধা অবিহনে যোগাযোগ কৰিবলৈ সুবিধা দিব । ই হোৱাটছএপৰ নিৰাপত্তাৰ স্থিতি বজাই ৰাখে । অৱশ্যে বাৰ্তাবোৰ এতিয়াও এণ্ড-টু-এণ্ড এনক্ৰিপ্ট কৰা হ'ব । সেয়েহে, আপুনি প্ৰেৰণ কৰা বাৰ্তাবোৰ আপোনাৰ আৰু আপুনি যোগাযোগ কৰি থকা ব্যক্তিজনৰ মাজতে থাকিব ।

হোৱাটছএপে ব্লগত কৈছে যে ২০২৩ চনত যাতে ইণ্টাৰনেট বন্ধ কেতিয়াও নহয় তাকে কামনা কৰা হৈছে । কিন্তু কেইবা মাহ ধৰি ইৰাণত দেখা দিয়া সমস্যাৰ বাবে মানুহে জৰুৰী সহায় পোৱাৰ পৰা বঞ্চিত হৈছে । ইণ্টাৰনেট সেৱা বন্ধ থকাৰ ফলত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে ৰাইজ । সেয়ে এই নতুন সুবিধাৰ দ্বাৰা লোকসকলক সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য যোগাযোগত সহায় কৰিব বুলি আশাবাদী হোৱাটছএপ ।

ব্যৱহাৰকাৰীসকলে উপলব্ধ ৮০, ৪৪৩ বা ৫২২২ পোৰ্ট ব্যৱহাৰ কৰি চাৰ্ভাৰৰ আইপি ঠিকনাৰ এটা ডমেইন নামৰ সৈতে চাৰ্ভাৰ ব্যৱহাৰ কৰি প্ৰক্সি ছেট আপ কৰিব পাৰে । বিতং তথ্য আৰু উৎস কোড গিটহাবত প্ৰকাশ কৰা হৈছে ।

WhatsApp proxy কেনেদৰে সংযোগ কৰিব (How to connect to WhatsApp proxy)

Step 1 :

WhatsApp Settings লৈ যাওক (Go to WhatsApp Settings)

Step 2 :

ষ্টোৰেজত টেপ কৰক, তাৰ পিছত ডাটা আৰু প্ৰক্সি ব্যৱহাৰত টেপ কৰক (Tap on Storage, then data and tap on Use Proxy)

Step 3 :

Proxy address ভৰাওক আৰু সংযোগ কৰিবলৈ save কৰক (Enter the proxy address and Save to connect)

Step 4 :

সংযোগ স্থাপন হ'লে এটা ক্লাৰ্ক মাৰ্ক দেখুৱাব (A check mark will be displayed if the connection is successful)

Step 5 :

যদি আপুনি এতিয়াও প্ৰক্সি ব্যৱহাৰ কৰি হোৱাটছএপ মেছেজ প্ৰেৰণ বা লাভ কৰি পৰা নাই, তেন্তে সেই প্ৰক্সি ব্লক কৰা হ'ব পাৰে । পুনৰ বেলেগ এটা proxy address ব্যৱহাৰ কৰি চেষ্টা কৰক ।

যদি আপুনি এতিয়াও প্ৰক্সি ব্যৱহাৰ কৰি হোৱাটছএপত মেছেজ দিব পৰা নাই তেন্তে নিশ্চিত কৰক আপোনৰ এপটো আপডেট হৈছে নে নাই । হোৱাটছএপ প্ৰক্সিৰ সৈতে সংযোগ কৰাৰ বিকল্পটো হোৱাটছএপ ছেটিংছত এণ্ড্ৰইড আৰু আইঅএছ দুয়োটাতে উপলব্ধ ।

লগতে পঢ়ক :ISRO and Microsoft Agreement : মহাকাশ ষ্টাৰ্ট আপৰ সমৰ্থনৰ বাবে চুক্তিবদ্ধ ISRO আৰু মাইক্ৰ'ছফ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.