নাছাই সংগ্ৰহ কৰিলে বৃহস্পতিৰ সৰ্ববৃহৎ উপগ্ৰহ গ্যানিমেডৰ ফটো

author img

By

Published : Jun 9, 2021, 2:31 PM IST

ganymede

৭ জুনত জুনো মহাকাশযানে বৃহস্পতিৰ সৰ্ববৃহৎ উপগ্ৰহ গ্যানিমেডৰ পৃষ্ঠৰ ৬৪৫ মাইল (১,০৩৮ কিল’মিটাৰ)ৰ ভিতৰলৈ প্ৰৱেশ কৰিছিল আৰু জুনোকেম ইমেজাৰৰ পৰা আৰু ইয়াৰ ষ্টেলাৰ ৰেফাৰেন্স ইউনিট ষ্টাৰ কেমেৰাৰ (Stellar Reference Unit star camera) সহযোগত দুখন ছবি সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।

নিউজ ডেস্ক,৯ জুন: প্ৰথমবাৰলৈ নাছাই সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে বৃহস্পতি গ্ৰহৰ সৰ্ববৃহৎ উপগ্ৰহ গ্যানিমেডৰ ফটো । নাছাৰ জুনো মহাকাশযানে দুটা দশকতকৈও অধিক সময়ৰ ভিতৰত উপগ্ৰহটোৰ ওচৰলৈ যাবলৈ সক্ষম হৈছে আৰু বৰফৰ উপগ্ৰহৰ দুখনকৈ ছবি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ।

৭ জুনত জুনো মহাকাশযানে বৃহস্পতিৰ সৰ্ববৃহৎ উপগ্ৰহ গ্যানিমেডৰ পৃষ্ঠৰ ৬৪৫ মাইল (১,০৩৮ কিলোমিটাৰ)ৰ ভিতৰলৈ প্ৰৱেশ কৰিছিল আৰু জুনোকেম ইমেজাৰৰ পৰা আৰু ইয়াৰ ষ্টেলাৰ ৰেফাৰেন্স ইউনিট ষ্টাৰ কেমেৰাৰ (Stellar Reference Unit star camera) সহযোগত দুখন ছবি সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।

ganymede
নাছাই সংগ্ৰহ কৰিলে বৃহস্পতি গ্ৰহৰ সৰ্ববৃহৎ উপগ্ৰহ গ্যানিমেডৰ ফটো

ফটোবোৰত গ্যানিমেডৰ পৃষ্ঠত কিছুমান আগ্নেয়গিৰি মুখগহ্বৰৰ দৰে অংশ দেখিবলৈ পোৱা গৈছে, ইয়াৰে কিছুমান অন্ধকাৰ আৰু উজ্জ্বল ভূখণ্ড আৰু দীঘল গাঁথনিগত অংশ যিবোৰ টেকটনিক ফ'ল্টৰ দৰে কোনো বস্তু বুলি ধাৰণা কৰা হৈছে ।

ছান এণ্টনিঅ'ৰ দক্ষিণ-পশ্চিম গৱেষণা প্ৰতিষ্ঠানৰ জুনোৰ মুখ্য অনুসন্ধানকাৰী স্কট বোল্টনে এক বিবৃতিত উল্লেখ কৰা মতে এই বৃহৎ উপগ্ৰহৰ আটাইতকৈ ওচৰলৈ যোৱা মহাকাশযান এইখনেই প্ৰথম ।তেওঁ লগতে কয় যে কোনো বৈজ্ঞানিক সিদ্ধান্ত লোৱাৰ পূৰ্বে কিছু সময়ৰ প্ৰয়োজন হ'ব কিন্তু তেতিয়ালৈ মহাকাশৰ এই আশ্চৰ্য উপভোগ কৰিব পাৰি ।

ইয়াৰ সেউজীয়া ফিল্টাৰ ব্যৱহাৰ কৰি মহাকাশযানৰ জুনোকেমে পানী, বৰফ আবৃত উপগ্ৰহৰ প্ৰায় গোটেই ফালটো ধৰি ৰাখিছিল । পিছত কেমেৰাৰ ৰঙা আৰু নীলা ফিল্টাৰ অন্তৰ্ভুক্ত কৰি একেখন ছবিৰ সংস্কৰণ পোৱা গৈছে । ইফালে ইমেজিং বিশেষজ্ঞসকলে গ্যানিমেডৰ ৰঙীন প্ৰতিচ্ছবি প্ৰদান কৰিবলৈ সক্ষম হ'ব । ছবিৰ ৰিজউলিশ্বন প্ৰতি পিক্সেলত প্ৰায় ০.৬ মাইল (১ কিলোমিটাৰ)।

ইয়াৰ উপৰিও জুনোৰ ষ্টেলাৰ ৰেফাৰেন্স ইউনিটে বৃহস্পতি গ্ৰহৰ পৰা বিয়পি পৰা ক্ষীণ পোহৰত থকা গ্যানিমেডৰ অন্ধকাৰ ফালৰ এটা ব্লেক এণ্ড হোৱাইট ছবি (black-and-white picture) লাভ কৰে । এই ছবিৰ ৰিজউলিশ্বন প্ৰতি পিক্সেলত ০.৩৭ ৰ পৰা ০.৫৬ মাইল (৬০০ ৰ পৰা ৯০০ মিটাৰ)ৰ ভিতৰত ।

মহাকাশযানে অনাগত দিনবোৰত গ্যানিমেডৰ আৰু অধিক ছবি প্ৰেৰণ কৰিব বুলি আশা কৰা হৈছে । উল্লেখ্য যে গ্যানিমেড বুধ গ্ৰহতকৈ ডাঙৰ আৰু সৌৰজগতৰ একমাত্ৰ উপগ্ৰহ যাৰ নিজা মেগনেটোস্ফেয়াৰ(magnetosphere) আছে ।

লগতে পঢ়ক: ভাৰতৰ প্ৰথম সৌৰ মহাকাশ অভিযানত ARIESয়ে সহায় কৰিব ISROক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.