5G স্মাৰ্টফোনৰ বাবে নতুন মাল্টি শ্বিপ পেকেজ মুকলি SAMSUNGৰ

author img

By

Published : Jun 15, 2021, 8:25 PM IST

Samsung unveils new multi chip package for 5g smartphones

মুকলি হ'ল SAMSUNG ৰ এল পি ডি ডি আৰ 5 ইউ এফ এছ ভিত্তিক মাল্টি শ্বিপ পেকেজ (UMCP) । ছেমচাং ইলেক্ট্ৰনিকছে (SAMSUNG Electronics) ঘোষণা কৰে এই নতুন পেকেজৰ বিষয়ে । স্মাৰ্টফোন ব্যৱহাৰকাৰীসকলে এই নতুন পেকেজৰ জৰিয়তে অধিক সুবিধা লাভ কৰিব ।

নিউজ ডেস্ক, ১৫ জুন: দক্ষিণ কোৰিয়াৰ প্ৰযুক্তি প্ৰতিষ্ঠান ছেমচাঙে (SAMSUNG) বৰ্তমান হেণ্ডছেট বজাৰত নিজৰ স্থিতি অধিক সবল কৰিবলৈ ন ন প্ৰযুক্তিৰ ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে । শেহতীয়াকৈ ছেমচাঙে 5G স্মাৰ্টফোনত ব্যৱহাৰৰ বাবে এটা নতুন মাল্টি শ্বিপ পেকেজ (MCP) মেম'ৰী প্ৰডাক্ট মুকলি কৰিছে ।

বিশ্বৰ সৰ্ববৃহৎ মেম'ৰী শ্বিপ উৎপাদক প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা মতে, ইউনিভাৰ্চেল ফ্লেছ ষ্ট'ৰেজ (UFS) এম চি পি-ৰ বৃহৎ উৎপাদন আৰম্ভ কৰিছে, যি একক কম্পেক্ট পেকেজত উচ্চ প্ৰদৰ্শন ডি আৰ এ এম আৰু এন এণ্ড ফ্লেছ মেম'ৰী শ্বিপ একত্ৰিত কৰে ।

শেহতীয়াকৈ এই এম চি পিটো ছেমচাঙ (SAMSUNG)ৰ এল পি ডি ডি আৰ 5 মোবাইল ডি আৰ এ এমত সংযুক্ত কৰা হৈছে আৰু ই প্ৰতি ছেকেণ্ডত পঢ়া আৰু লিখাৰ গতি 25 গিগাবাইট (GB) বৃদ্ধি কৰে । ছেমচাঙে (SAMSUNG) গ্ৰাহকসকলৰ বিভিন্ন প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে ডি আৰ এ এমৰ 6 GBৰ পৰা 12 GBলৈকে আৰু এন এ এনডি ফ্লেছ 128 জিবিৰ পৰা 512 জিবিলৈকে বিভিন্ন ষ্ট'ৰেজ ক্ষমতাৰ বিকল্প আগবঢ়াব ।

শীৰ্ষ স্মাৰ্টফোন বিক্ৰেতা কোম্পানী ছেমচাঙ (SAMSUNG)ৰ তৰফৰ পৰা কোৱা হৈছে যে, এলপিডিডিআৰ 5 ইউ এম চি পিয়ে নিম্ন স্তৰৰ ডিভাইচ ব্যৱহাৰ কৰিলেও সুস্থিৰ অৱস্থাত উচ্চ মানৰ 5 5G সেৱা উপভোগ কৰাত ব্যৱহাৰকাৰীসকলক সহায় কৰিব ।

ইয়োনহাপ সংবাদ গোষ্ঠীয়ে এই তথ্যসমূহ প্ৰকাশ কৰিছে । কোম্পানীটোৱে আশা কৰিছে যে, ইয়াৰ ইউ এম চি পি সজ্জিত ডিভাইচসমূহ চলিত মাহৰ পৰাই বিশ্বৰ বিভিন্ন দেশৰ বজাৰত মুকলি কৰা হ'ব ।


লগতে পঢ়ক:ভাৰতীয় বজাৰত মুকলি কেনন(Canon)ৰ ৪টা নতুন ফটো প্ৰিণ্টাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.