বাহনৰ মূল্য 1.9 শতাংশলৈ বৃদ্ধিৰ সিদ্ধান্ত Maruti Suzuki India ৰ

author img

By

Published : Sep 6, 2021, 2:03 PM IST

Maruti Suzuki hikes vehicle prices by up to 1.9 pc

বাহনৰ মূল্য 1.9 শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে দেশৰ সৰ্ববৃহৎ বাহন নিৰ্মাণকাৰী প্ৰতিষ্ঠান Maruti Suzuki India ই ৷ এইটো কোম্পানীটোৰ তৃতীয়টো মূল্যবৃদ্ধিৰ সিদ্ধান্ত ৷

নিউজ ডেস্ক, 6 ছেপ্তেম্বৰ : দেশৰ সৰ্ববৃহৎ বাহন নিৰ্মাণকাৰী প্ৰতিষ্ঠান Maruti Suzuki India সোমবাৰে ঘোষণা কৰিছে যে, Celerio ৰ বাহিৰে ইয়াৰ আন বাহনসমূহৰ সামগ্ৰিক মূল্য 1.9 শতাংশলৈ বৃদ্ধি কৰা হ’ব ৷ তাৎক্ষণিকভাৱে এই সিদ্ধান্তক কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰে প্ৰতিষ্ঠানটোৱে ৷ বিভিন্ন সা-সৰঞ্জামৰ মূল্যবৃদ্ধিৰ বাবেই প্ৰতিষ্ঠানটোৱে বাহনসমূহৰ মূল্যবৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলিও জনায় ৷

এয়া হৈছে চলিত বৰ্ষৰ Maruti Suzuki India ৰ তৃতীয়টো মূল্যবৃদ্ধিৰ সিদ্ধান্ত ৷ প্ৰতিষ্ঠানটোৱে ইতিমধ্যে চলিত বৰ্ষৰে জানুৱাৰী আৰু এপ্ৰিলত বাহনৰ মূল্য সৰ্বমুঠ 3.5 শতাংশলৈ বৃদ্ধি কৰিছিল ৷ বৰ্তমান কোম্পানীটোৱে প্ৰৱেশ পৰ্যায়ৰ hatchback Alto ৰ পৰা S-CROSS লৈকে বিভিন্ন মডেল বিক্ৰী কৰি আছে ৷ ইয়াৰ মূল্য 2.99 লাখ টকাৰ পৰা আৰম্ভ কৰি 12.39 টকাৰ ভিতৰত (এক্স-শ্ব'ৰুম মূল্য দিল্লী) লাখ টকাৰ ভিতৰত ।

Maruti Suzuki India ই যোৱা মাহত কৈছিল যে, মূল্যবৃদ্ধি প্ৰয়োজনীয় ৷ কিয়নো ই সামগ্ৰীৰ মূল্যৰ তীব্ৰ বৃদ্ধিৰ মাজত ইয়াৰ লাভজনকতা সুৰক্ষিত কৰে । Maruti Suzuki India ৰ জ্যেষ্ঠ কাৰ্যবাহী সঞ্চালক (বিক্ৰী আৰু বিপণন) শশাংক শ্ৰীবাস্তৱে কৈছিল যে, কোম্পানীটোৰ বাবে উচ্চ সামগ্ৰীৰ ব্যয়ৰ প্ৰভাৱ পূৰণ কৰিবলৈ মূল্য বৃদ্ধি কৰাৰ বাহিৰে আন কোনো বিকল্প বাকী নাই ।

তেওঁ কৈছিল যে, ইস্পাতৰ মূল্য যোৱা বছৰৰ প্ৰতি কিল’গ্ৰামত ৩৮ টকাৰ পৰা এই বছৰৰ মে’-জুনত প্ৰতি কিল’গ্ৰামত ৬৫ টকালৈ বৃদ্ধি পাইছে । একেদৰে তামৰ মূল্য প্ৰতি টনত 5,200 মাৰ্কিন ডলাৰৰ পৰা দুগুণ হৈ প্ৰতি টনত 10,000 মাৰ্কিন ডলাৰ হৈছে । সমান্তৰালকৈ ৰেডিয়ামৰ দৰে মূল্যৱান ধাতুৰ মূল্য ২০২০ চনৰ মে’ মাহত ১৮,০০০ টকা গ্ৰামৰ পৰা প্ৰায় ৬৪,৩০০ টকা প্ৰতি গ্ৰামলৈ বৃদ্ধি হৈছে ৷

মূল্যৱান ধাতুৰ ক্ষেত্ৰত বিভিন্ন বিশ্বব্যাপী বজাৰ আৰু ভাৰতত কঠোৰ নিৰ্গমন নিয়মৰ পৰিৱৰ্তনৰ ফলত সামগ্ৰিক চাহিদা বৃদ্ধি পাইছে বুলি মন্তব্য কৰে শশাংক শ্ৰীবাস্তৱে ।

লগতে পঢ়ক : ২০ অক্টোবৰত উইণ্ড'জ-১১ত উপলব্ধ হ'ব অ'এছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.