Chatbot এ ঘূৰাই দিব আপোনাৰ হেৰোৱা মোবাইল ফোন

author img

By

Published : Aug 28, 2022, 6:29 PM IST

A Chatbot that locates Lost Phone

এতিয়াৰে পৰা মোবাইল ফোন হেৰুৱালে আপুনি যাব নালাগে থানালৈ ৷ কোনো ধৰণৰ পঞ্জীয়ন কৰাৰো প্ৰয়োজন নাই । কাৰণ 'Chatbot' এ ঘূৰাই দিব আপোনাৰ হেৰোৱা মোবাইল ফোনটো(Chatbot that locates Lost Phone) ৷ কিন্তু কেনেকৈ পঢ়ক সবিশেষ ৷

নেশ্যনেল ডেস্ক, 28 আগষ্ট: বিশ্বত বৰ্তমান সকলোৰে জীৱনত মোবাইল ফোনটো যেন এক অবিচ্ছেদ্য অংশ হৈ পৰিছে । ফোন এটা হেৰাই গ’লে ফোনৰ ডাটা উদ্ধাৰ কৰাটো কিমান কঠিন হয় সেয়া আমি সকলোৱে জানো । বহুলোকে নিজৰ হেৰোৱা ফোনটো বিচাৰিবলৈ বহুত চেষ্টা কৰে, কিন্তু সেয়া যেন একপ্ৰকাৰে অসম্ভৱ হৈ পৰে । কিন্তু এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো কাৰণ নাই ! কিয়নো আপুনি এতিয়াৰে পৰা আপোনাৰ হেৰোৱা ফোনটো অতি সহজে বিচাৰি উলিয়াব পাৰিব । কাৰণ Chatbot এ ঘূৰাই দিব আপোনাৰ ফোন (Chatbot that locates Lost Phone)।

A Chatbot that locates Lost Phone
Chatbotয়ে ঘূৰাই দিব আপোনাৰ হেৰুওৱা মোবাইল ফোন

এনে এক অভিনৱ সেৱা আৰম্ভ কৰিছে অন্ধ্ৰ প্ৰদেশ আৰক্ষীয়ে । চেটবট(Chatbot)ৰ জৰিয়তে হেৰাই যোৱা ফোন বিচাৰি উলিয়াবলৈ এক অভিনৱ সেৱা উপলব্ধ কৰিছে অন্ধ্ৰ প্ৰদেশ আৰক্ষীয়ে । অন্তনপুৰ জিলা আৰক্ষীয়ে হেৰাই যোৱা মোবাইল ফোন বিচাৰি উলিয়াবলৈ 'Chatbot' নামৰ এক অভিনৱ সেৱা উপলব্ধ কৰিছে । যিসকলে মোবাইল হেৰুৱাইছে তেওঁলোকে আৰু থানালৈ যোৱা বা FIR পঞ্জীয়ন কৰাৰ প্ৰয়োজন নাই, মাত্ৰ এটা WhatsApp মেছেজ প্ৰেৰণ কৰক আৰু লাভ কৰক আপোনাৰ ফোনৰ তথ্য ।

আৰক্ষীয়ে জনোৱা মতে, হেৰাই যোৱা ফোনটো ট্ৰেচ কৰি মালিকক গতাই দিয়া হ’ব । ২৭ জুনত অনন্তপুৰৰ এছ পি ফক্কিৰপ্পা কাগিনেলি (SP Fakkirappa Caginelli)য়ে Chatbot প্ৰযুক্তিৰ ব্যৱস্থা কৰিছিল ।

কেনেদৰে কাম কৰে Chatbot এ ?(How does it work)

  • যিসকল লোকৰ মোবাইল ফোন হেৰাইছে বা কোনোবাই চুৰি কৰিছে তেওঁলোকে প্ৰথমে ইংৰাজীত ‘হাই’ বা ‘হেল্প’ বুলি মেছেজ কৰি WhatsApp নম্বৰ ৯৪৪০৭ ৯৬৮১২ত প্ৰেৰণ কৰিব লাগিব । লগে লগে ‘অনন্তপুৰ আৰক্ষীলৈ স্বাগতম’ শীৰ্ষক এটা লিংক আপোনালৈ যাব । তাৰ পিছত গুগল ফৰ্মেটটো খোল খাব । ইয়াত জিলা, নাম, বয়স, পিতৃৰ নাম, ঠিকনা, যোগাযোগ নম্বৰ, হেৰাই যোৱা ফোনৰ মডেল, আই এম ই আই নম্বৰ, ফোনটো হেৰোৱা বা চুৰি হোৱা ঠাই আদি দিব লাগিব ।
  • সবিশেষ তথ্য দিয়াৰ পিছত অভিযোগ পঞ্জীয়ন কৰা হ’ব । ইয়াৰ ওপৰত নজৰ ৰাখিবলৈ জিলা আৰক্ষী কাৰ্যালয়ত ৮ জনীয়া এটা বিশেষ কাৰিকৰী দলে কাম কৰি আছে(Special Technical Team) । তেওঁলোকে মোবাইলটো বিচাৰিবলৈ কাম আৰম্ভ কৰিব ।
  • Chatbotৰ জৰিয়তে ফোন ক'লৰ বাবে তেলেংগানা, কৰ্ণাটক, তামিলনাডু আৰু কেৰালাৰ দৰে সকলো জিলাৰ পৰা অভিযোগ প্ৰাপ্ত হৈছে ।
  • চলিত বৰ্ষৰ ২৪ আগষ্টলৈকে অনন্তপুৰ জিলাৰ ৭,৬০৩ জন, অন্য জিলাৰ ২,৮৫৬ জন আৰু অন্য ৰাজ্যৰ ২০২ জন লোকে এই চেটবটটো প্ৰেৰণ কৰিছে । এই পৰ্যন্ত ১০,৬৬১ টা অভিযোগ আহিছে । ইয়াৰে ২,১০০ ফোন চিনাক্ত কৰি মালিকক গতাই দিয়া হৈছে। আৰক্ষীয়ে ২,৯৫০টা ফোনৰ সবিশেষ লাভ কৰিছে আৰু সেইবোৰ জব্দ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷
  • কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ এক্সপ্ৰেছ গ্ৰুপে(Express Group) এই সেৱাসমূহক স্বীকৃতি প্ৰদান কৰি ‘টেকন’লজি সভা ২০২২’ বঁটাৰ বাবে নিৰ্বাচিত কৰে ।

চেটবটৰ জৰিয়তে ৰাজ্যখনৰ অনন্তপুৰ জিলাত ফোনবোৰ জব্দ কৰা হৈছিল । অনন্তপুৰৰ এছপিয়ে কাৰিকৰী দল আৰু অন্যান্য বিষয়াসকলৰ কঠোৰ পৰিশ্ৰমৰ বাবে 'প্ৰযুক্তি সভা ২০২২' বঁটাৰ বাবে নিৰ্বাচিত হোৱাত আনন্দ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : ১২ অক্টোবৰৰ ভিতৰত ভাৰতত আৰম্ভ হ’ব সুলভ মূল্যৰ 5G সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.