2020ৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজিত হ'ব নেকি ট্ৰাম্প ?

author img

By

Published : Aug 10, 2020, 5:03 PM IST

2020ৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজিত হ'ব নেকি ট্ৰাম্প ?

বিশিষ্ট সাংবাদিক অৰুণিম ভূঞাৰ এক প্ৰতিবেদন ৷

নিউজ ডেস্ক, 10 আগষ্ট : কোভিড-19ৰ দোহাই দি আৰু মেইন-ইন পদ্ধতিৰে ভোট সম্পন্ন কৰিব বিচৰা যিটোৱে অশুদ্ধ ফলাফল প্ৰদান কৰিব পাৰে, আচল কথাটো হৈছে ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজিত হ'ব বুলি আমেৰিকাৰ এগৰাকী ইতিহাসবিদ যিয়ে, বিগত চাৰিটা দশকত ৰাষ্ট্ৰপতি নিৰ্বাচন সন্দৰ্ভত ভৱিষ্যতবানী প্ৰদান কৰি আহিছে, তেওঁ এই মন্তব্য কৰিছে ৷

চলিত সপ্তাহৰ পূৰ্বেই New York Timesপ্ৰকাশ কৰা তেওঁৰ ভৱিষ্যতবানীত আমেৰিকান ইউনিভাৰ্চিটীৰ এলেন লিখমেনে তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ প্ৰস্তুত কৰা মুখ্য আৰ্হিসমূহৰ ভিত্তিত ট্ৰাম্পে ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজিত হ'ব বুলি মন্তব্য কৰিছে ৷

লিখমেনে তেওঁৰ “The Keys to the White House”, নামৰ কিতাপখনত তেওঁৰ মুখ্য আৰ্হিসমূহৰ 13 টা ঐতিহাসিক দিশ আঙুলিয়াই দিছে আৰু তাৰ দ্বাৰাই 1980ৰ দশকৰ পৰা তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচন সন্দৰ্ভত ভৱিষ্যতবানী প্ৰকাশ কৰি আহিছে ৷

উদাহৰণস্বৰূপে, Financial Timesৰ শেহতীয়া ভোটগণনা ট্ৰেকাৰত Real Clear Politicsৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ডেম'ক্ৰেট প্ৰাৰ্থী জ' বিদেনে ইলেক্টৰেল কলেজৰ 538টা ভোটৰ ভিতৰত 308টা লাভ কৰাৰ বিপৰীতে ট্ৰাম্পে 113 টাতে সীমাৱদ্ধ হৈ থাকে ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰিবলৈ 538টা ভোটৰ ভিতৰত 270টা ভোটৰ প্ৰয়োজন হয় ৷

ৰাষ্ট্ৰপতি ট্ৰাম্পে ইয়াক নাকচ কৰি তেওঁৰ সপক্ষে থকা সমৰ্থন হ্ৰাস নহয় বুলি উল্লেখ কৰিছে ৷ অৱশ্যে লিখমেনে তেওঁৰ আৰ্হিৰ ভিত্তিত ট্ৰাম্পে পৰাজয়বৰণ কৰিব বুলি বাৰম্বাৰ উল্লেখ কৰিছে ৷

আচলতে এই মুখ্য আৰ্হিসমূহ কি হয় আৰু ই কিদৰে কাম কৰে ?

আচলতে এই মুখ্য আৰ্হিসমূহ কি হয় আৰু ই কিদৰে কাম কৰে ?

13টা ঐতিহাসিক দিশৰ ভিত্তিত এই আৰ্হি নিৰ্দিষ্ট কৰা হৈছে আৰু ইয়াক মধ্যৱৰ্তী লাভ, বিনা প্ৰতিদ্বন্দিতা, শাসনাধিষ্ঠ, বিনা তৃতীয় পক্ষ, শক্তিশালী হ্ৰস্ৰম্যাদী অৰ্থনীতি, শক্তিশালী দীৰ্ঘম্যাদী অৰ্থনীতি, মুখ্য নীতি পৰিৱৰ্তন, বিনা দুৰ্নীতি, বিনা বৈদেশিক/সামৰিক বিফলতা, বৈদেশিক সামৰিক সফলতা, বিনা সামাজিক উৎকন্ঠা, চৰিত্ৰবান শাসন আৰু চৰিত্ৰহীন প্ৰতিদ্বন্দী ৷

এই আটাইকেইটা দিশকে সংখ্যাগত ভিত্তিক হয় অথবা নহয়ৰ হিচাপে নিৰ্ধাৰিত কৰা হৈছে ৷ যদিহে ইয়াৰ ছটা দিশ মিছা হয়, তেতিয়াহ'লে ট্ৰাম্পে হোৱাইট হাউচৰ পৰা বিদায় ল'ব লাগিব ৷

ট্ৰাম্প বনাম বিদেন, লিখমেনৰ মতে, তাত সাতটা দিশ আছে যিসমূহ মিছাৰ আওঁতাত আহে আৰু ইয়ে ডেম'ক্ৰেটিক প্ৰাৰ্থীৰ সপক্ষে যায় ৷ সেইকেইটা হৈছে, মধ্যৱৰ্তী লাভ, শক্তিশালী হ্ৰস্ৰম্যাদী অৰ্থনীতি, শক্তিশালী দীৰ্ঘম্যাদী অৰ্থনীতি, বিনা সামাজিক উৎকন্ঠা, বিনা দুৰ্নীতি, বৈদেশিক সামৰিক সফলতা আৰু চৰিত্ৰবান শাসন ৷

লিখমেনৰ আৰ্হি পূৰ্বানুমানৰ পৰা কিদৰে অধিক সাৰ্থক ?

লিখমেনৰ আৰ্হি পূৰ্বানুমানৰ পৰা কিদৰে অধিক সাৰ্থক ?

লিখমেনে কোৱাৰ দৰে গুৰুত্বপূৰ্ণ কথাটো হৈছে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে কৰা যাত্ৰাই কোনো প্ৰভাৱ নেপেলায় ৷ আমেৰিকাস্থিত ইউএছ ইণ্ডিয়া পলিটিকেল এক্সন কমিটীৰ প্ৰতিষ্ঠাপক সদস্য ৰবিন্দৰ সচদেৱে ইটিভি ভাৰতক এইদৰে কয় ৷

"তেওঁ(লিখমেন) যি কৈছে, তেওঁৰ আৰ্হিয়ে শাসনত থকা দলৰ শাসননীতিক অনুসৰণ কৰে ৷" সচদেৱ আমেৰিকান ইউনিভাৰ্চিটীৰ এগৰাকী প্ৰাক্তন ছাত্ৰ আৰু তেওঁ লিখমেনৰ সৈতে প্ৰায়েই আলোচনাত মিলিত হৈ থাকে ৷

"শাসনত থকা দলটোৱে কাম কৰি তেওঁৰ দিশসমূহৰ অধিকাংশ পুৰণ কৰিলে সেই দলটোৱে হোৱাইট হাউচত পুনৰ অধিস্থিত হ'ব ৷ যদিহে দলটোৱে কাম নকৰে তেতিয়া ই হোৱাইট হাউচ হেৰুৱাব ৷"

সচদেৱৰ পৰৱৰ্তী সময়ত লিখমেনৰ আৰ্হিৰ দুটা পৃথক দিশৰ বিষয়ে ব্যাখ্যা আগবঢ়ায় ৷

"এটা হৈছে তেওঁ নিজেই এগৰাকী ইতিহাসৰ অধ্যাপক, আমেৰিকান ইতিহাস আৰু ৰাষ্ট্ৰপতিৰ ইতিহাস.... আমেৰিকান ইতিহাসৰ চলিত ধাৰা আৰু আমেৰিকান নিৰ্বাচন অথবা আমেৰিকান ৰাজনীতি ৷ আমেৰিকান ৰাজনীতিত এগৰাকী ইতিহাসৰ অধ্যাপক সেয়েহে, তেওঁ এইসমূহ ধাৰা ভালদৰে বুজি পায় ৷"

"দ্বিতীয়তে, তেওঁ কৰা কামসমূহৰ ভিতৰত তেওঁৰ আমেৰিকান ৰাষ্ট্ৰপতি নিৰ্বাচনত অতীত, বৰ্তমান আৰু ভৱিষ্যতত প্ৰভাৱ পেলাব পৰা ধাৰাসমূহক চিনাক্ত কৰিব পৰা সক্ষমতা আছে ৷ সেয়েহে মই ভাবো, ৰাষ্ট্ৰপতি ক্ষমতালৈ অহাৰ সময়ৰ ধাৰা, তাৰ পূৰ্বত কি ধাৰা প্ৰচলিত আছিল আদি দিশসমূহক তথ্যৰ ভিত্তিত চালিজাৰি চাব পৰা তেওঁৰ সক্ষমতা আছে ৷"

সচদেৱে লগতে লিখমেনৰ আৰ্হিৰ 13টা দিশৰ কথাসমূহ আঙুলিয়াই দি শক্তিশালী হ্ৰস্ৰম্যাদী অৰ্থনীতিক দৰাচলতে হ্ৰস্ৰম্যাদী আৰু বাকীসমূহ দীৰ্ঘম্যাদী বুলি উল্লেখ কৰে ৷ আচৰিতধৰণে লিখমেনে আজিৰ পৰা চাৰিদশক পূৰ্বে ৰাছিয়ান ভূ-বৈজ্ঞানিক ভ্লাদিমিৰ কেল্লিছ বৰকৰ সংস্পৰ্শলৈ আহি তেওঁৰ এই আৰ্হি প্ৰস্তুত কৰিছিল ৷

ভূমিকম্প আৰু ৰাজনীতিৰ মাজত কি সম্পৰ্ক ?

ভূমিকম্প আৰু ৰাজনীতিৰ মাজত কি সম্পৰ্ক ?

"ৰাজনীতি আৰু ভূমিকম্পৰ মাজৰ সম্পৰ্ক, ইয়াৰ বিষয়ে চিন্তা কৰিলে মনলৈ আহে, ই অত্যধিক চিন্তনীয় আৰু বুধিয়ক ৷"

"লিখমেনৰ আৰ্হিয়ে কয় যে, যদিহে তাত এটা ভূমিকম্প হয়, তেতিয়া সমাজৰ কিছুসংখ্যক উপাদান একেলগ হয়, আৰু তেতিয়া তাৰ উমৈহতীয়া শক্তিয়েও ভূমিকম্পৰ সৃষ্টি কৰিব পাৰে ৷ ইয়াৰ অৰ্থ এয়ে যে সমাজত যদি ভূমিকম্প হয়, তেতিয়া হোৱাইট হাউচ পৰাজিত হ'ব ৷" সচদেৱে এইদৰে কয় ৷

যিসকল পাঠকৰ এই সন্দৰ্ভত খোকোজা আছে, এইটো উল্লেখনীয় যে, লিখমেন নিজেও এগৰাকী ডেম'ক্ৰেট আৰু 2016ত তেওঁ ট্ৰাম্পৰ বিজয় সন্দৰ্ভত সম্পূৰ্ণ শুদ্ধ ভৱিষ্যতবানী কৰিছিল ৷ যাৰ বাবে এইগৰাকী অধ্যাপকৰ এইবাৰৰ ভৱিষ্যতবানীক আমেৰিকান ৰাষ্ট্ৰপতি নিৰ্বাচনত অধিক চিন্তনীয় হিচাপে লোৱা হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.