কৃষকৰ অনুকুলে শস্য বীমাঃ পি এম এফ বি আইৰ এক মূল্যায়ন

author img

By

Published : Dec 23, 2020, 8:58 PM IST

কৃষকৰ অনুকুলে শস্য বীমাঃ পি এম এফ বি আইৰ এক মূল্যায়ন

প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা (পি এম এফ বি আই) পৃথিৱীৰ অন্যতম বৃহৎ ফচল বীমা আঁচনি।

২০১৬ চনত আৰম্ভ কৰা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা (পি এম এফ বি আই) পৃথিৱীৰ অন্যতম বৃহৎ ফচল বীমা আঁচনি। বহু পৰিমাণে ৰাজসাহায্যযুক্ত এই আঁচনিত কৃষকে অতি কম পৰিমাণৰ প্ৰিমিয়ামৰ ধন আদায় দিব লাগে ৷

খাৰিফ শস্য চপোৱাৰ সময়ত কৃষকে এই আঁচনিৰ অধীনত মাত্ৰ ২ শতাংশ প্ৰিমিয়ামহে দিব লাগে। ৰবিশস্যৰ সময়ত খাদ্য আৰু তৈলবীজৰ শস্য চপোৱা কালত মাত্ৰ ১.৫ শতাংশহে আদায় দিবা লাগে। প্ৰকৃত প্ৰিমিয়ামৰ হাৰ আৰু কৃষকে আদায় কৰা প্ৰিমিয়ামৰ হাৰৰ মাজত থকা প্ৰভেদৰ হাৰখিনি সমানে পূৰায় কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে। ঋতুকালীন শস্য ঋণ গ্ৰহণ কৰা সকলো কৃষককে এই পি এম এফ বি আইৰ অন্তৰ্ভুক্ত কৰা হয়। আন কৃষকসকলে স্বেচ্ছাই একেই হাৰত বীমা ক্ৰয় কৰিব পাৰে। জলবায়ুকেন্দ্ৰিক কাৰণত ফচলৰ ক্ষতি, পোক-পৰুৱাৰ আক্ৰমণত খেতি নষ্ট হোৱা বা ফচল চপোৱাৰ পাছত হোৱা ক্ষতি-এই আটাইবোৰকে বীমা আঁচনিখনে সাঙুৰি লয়। এক অঞ্চল ভিত্তিত এই আঁচনিখন ৰূপায়ণ কৰা হয়। সাধাৰণতে প্ৰধান শস্যৰ ক্ষেত্ৰত বীমাকৃত ইউনিট একোটা এখন গাঁও পঞ্চায়ত এলেকা হয়।

ফলপ্ৰসূ ৰূপায়ণক লৈ ৰাজ্যসমূহৰ সন্দেহঃ

২০১৭-১৮ বিত্তীয় বৰ্ষত পাঁচ কোটিতকৈ অধিক খেতিয়কে খাৰিফ আৰু ৰবি শস্যৰ বাবে এই আঁচনিৰ অধীনত বীমা পঞ্জীয়ন কৰিছিল। ২০১৫ চনৰ তুলনাত এয়া আছিল ৪০ শতাংশ বৃদ্ধি। সেই সময়ত আন ধৰণৰ শস্য বীমা আঁচনি উপলব্ধ আছিল। কিন্তু শেহতীয়া প্ৰতিবেদনে সকলো ৰাজ্যতে পি এম এফ বি আইৰ ৰূপায়ণ সন্দৰ্ভত সন্দেহৰ সৃষ্টি কৰিছে। কিয়নো কিছুসংখ্যক ৰাজ্যই এই আঁচনি ত্যাগ কৰিবলৈ লৈছে। বিহাৰ আৰু গুজৰাটে ইতিমধ্যে আঁচনিখন ত্যাগ কৰিছে। গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে প্ৰকাশ কৰা অনুসৰি বীমা কোম্পানীসমূহে অধিক পৰিমাণৰ প্ৰিমিয়াম (৪৫০০ কোটি টকা) দাবী কৰাৰ ফলত গুজৰাট চৰকাৰে বীমা আঁচনিখন ত্যাগ কৰিবলৈ বাধ্য হয়। কেন্দ্ৰীয় চৰকাৰৰ আঁচনিখনৰ সলনি গুজৰাট চৰকাৰে মুখ্যমন্ত্ৰী কিষাণ সহায় যোজনা নামেৰে বিকল্প আঁচনি এখন আৰম্ভ কৰে। ১৭০০-১৮৮ কোটি চকা ব্যয়সাপেক্ষে গ্ৰহণ কৰা এই আঁচনিখনে ২০২০ চনৰ খাৰিফৰ সময়ত সকলো কৃষককে প্ৰিমিয়াম অবিহনে সাঙুৰি লৈছে। পশ্চিমবংগ আৰু বিহাৰৰো নিজাববীয়াকৈ শস্য বীমা আঁচনি আছে। এই ৰাজ্য দুখনৰ খেতিয়কে প্ৰিমিয়ামৰ ধন দিবলগীয়া নহয়। পাঞ্জাৱে কাহানিও পি এম এফ বি আই আঁচনি ৰূপায়ণ নকৰিলে। খবৰ অনুসৰি এই বৰ্ষৰ (২০২০) প্ৰথম ভাগত আন কিছুসংখ্যক ৰাজ্যৱেও আঁচনিখন বন্ধ কৰাৰ সিদ্ধান্ত প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে। বহু ৰাজ্য চৰকাৰে তেওঁলোকে আদায় দিবলগীয়া প্ৰিমিয়াম নিদিয়াত কৃষকসকলে কোনো বীমা দাবী কৰাৰ সুবিধা লাভ কৰা নাই। বাতৰি অনুসৰি ২০১৯ চনৰ খাৰিফ ছিজনৰ সময়ৰে খেতিয়কসকলৰ বীমাৰ ধনৰ এক তৃতীয়াংশও বীমা কোম্পানীসমূহে মোকলাই দিয়া নাই। ইয়াৰ পৰা এনে ধাৰণা হয় যে কেন্দ্ৰীয় চৰকাৰৰ এই অভিলাসী আঁচনিখনৰ পৰা কৃষকসকলতকৈ কিছুমান বীমা প্ৰতিষ্ঠানহে অধিক লাভান্বিত হৈছে। অন্ধ্ৰ প্ৰদেশ চৰকাৰে নিৱাৰ চাইক্লনৰ পাছত বীমাৰ প্ৰিমিয়াম নিদিয়া, নতুন কৃষি আইনৰ বিৰুদ্দে কৃষক সংগঠনসমূহে দেশৰ ৰাজধানীত অব্যাহত ৰখা আন্দোলনে লাভ কৰা ব্যাপক সমৰ্থনে কৃষকসকলক প্ৰয়োজনীয় সকলো সাহায্য প্ৰদান কৰা তথা ফলপ্ৰসূ ব্যৱসায়িক আৰ্হি সৃষ্টি কৰা আৰু বীমাৰ সুবিধাৰ দৰে বিষয়সমূহৰ গুৰুত্বক অধিক প্ৰাসংগিক কৰি তুলিছে। কৃষিখণ্ডই হৈছে গ্ৰামীন ভাৰতৰ ৭০ শতাংশ পৰিয়ালৰ জীৱিকাৰ মূল উপায়।

প্ৰত্যাহ্বান দূৰীকৰণঃ

ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত ইণ্ডিয়ান ইনষ্টিটিউট অৱ্ আহমেদাবাদে চলোৱা এক গৱেষণাত নিৰ্দিষ্ট নখন ৰাজ্যৰ কৃষকৰ পি এম এফ বি আই আঁচনি সন্দৰ্ভত থকা অজ্ঞতাৰ বিষয়ে উন্মোচিত হয়। ঋণ গ্ৰহণ কৰি আঁচনিৰ প্ৰিমিয়াম পৰিশোধ কৰা কৃষকসকলেও বীমা আঁচনিখনৰ বিষয়ে নাজানে। পশ্চিমবংগত আঁচনিখনৰ বিষয়ে সজাগতা বৃদ্ধিত গাঁও পঞ্চায়তসমূহে মুখ্য ভূমিকা পালন কৰিছে। অসমত এই ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰে বেংকসমূহে। গুৰুত্বপূৰ্ণ দিশটো হ’ল যে অধিকাংশ ৰাজ্যতে বীমা এজেণ্টসকলৰ ভূমিকা বেছি লক্ষণীয় নহয়। এই দিশটো গুৰুত্বপূৰ্ণ। কিয়নো ঋণ গ্ৰহণ নকৰা খেতিয়কসকলে বীমা কৰাটো বহু পৰিমাণে এজেণ্টসকলৰ ওপৰতে নিৰ্ভৰ কৰে। অধ্যয়নত সাঙুৰি লোৱা কৃষকসকলে নথি-পত্ৰৰ বাবে প্ৰয়োজন হোৱা সময়ৰ পৰিমাণ হ্ৰাসৰ লগতে উচ্চ হাৰত ক্ষতিপূৰণ, আঁচনিখনৰ স্বচ্ছতা, অধিক সজাগতামূলক অনুষ্ঠান, কৃষিকৰ্মত ব্যৱহৃত জীৱ-জন্তুৰ অন্তৰ্ভুক্তিকৰণ, পঞ্চায়তৰ অধিক সক্ৰিয় ভূমিকা আদিৰ পৰামৰ্শ দিছে। অধ্যয়নৰ মতে পি এম এফ বি আইৰ দৰে আঁচনিৰ বাবে খেতিয়কসকলে ১০ শতাংশ পৰ্যন্ত প্ৰিমিয়াম আদায় দিবলৈ সাজু আছে যদিহে তেওঁলোকৰ দাবী নিষ্পত্তি ছয় সপ্তাহৰ ভিতৰত সম্পন্ন হয়। ইয়াৰ পৰাই কৃষক সমাজৰ বীমাৰ প্ৰয়োজনীয়তাৰ কথা উপলব্ধি কৰিব পাৰি।

আনহাতে বীমা কোম্পানীসমূহে শস্যৰ বীমাক তেওঁলোকৰ ফালৰ পৰা লাভজনক নহয় বুলি ভাবে। কিয়নো এই খণ্ডত 'গুড ৰিস্ক'তকৈ 'বেড ৰিস্ক'ৰ সংখ্যা অধিক। এনে নেতিবাচক ধাৰণাৰ ফলত বীমা প্ৰতিষ্ঠানসমূহে কৃষি খণ্ডক লাভজনক বুলি গণ্য নকৰে। একেদৰে ৰাজ্য চৰকাৰসমূহ ভাবে যে তেওঁলোকে আদায় দিয়া ৫০ শতাংশ প্ৰিমিয়াম অথলে যায়। কিয়নো অতি কমসংখ্যক খেতিয়কেহে বীমাৰ লাভ আদায় কৰিবলৈ সক্ষম হয়। আনহাতে, বীমা নিষ্পত্তিৰ ক্ষেত্ৰত অধিক সময় লগাৰ বাবে ধন লাভ কৰাত দেৰি হোৱাত খেতিয়কসকলৰ মনত নেতিবাচক ধাৰণাই স্থান পাইছে। শস্যৰ ক্ষতিৰ পৰিমাণ সঠিকভাৱে নিৰ্ধাৰণ কৰাটো বীমাৰ বাবে এক ব্যৱহাৰিক সমস্যা। কাৰিকৰী ভাষাক ইয়াক Crop Cutting Experiments (CCEs) বুলি কোৱা হয়। এই ব্যৱসায়িক সুযোগ গ্ৰহণ কৰিবলৈ হ’লে বীমা প্ৰতিষ্ঠানসমূহে কৰ্মচাৰীৰ লগতে স্থানীয় আন্তঃগাঁথনি গঢ় দিব লাগিব। খেতিয়কসকলে যাতে সময়মতে বীমাৰ ধন লাভ কৰে তাৰ বাবে স্মাৰ্টফোন আৰু ৰিম’ট চেনচিঙৰ দৰে ব্যৱস্থা ব্যৱহাৰ কৰিব পাৰি।

পি এম এফ বি আইক ৰাজ্য চৰকাৰ, কৃষক আৰু বীমা কোম্পানী সকলোৰে বাবে অধিক গ্ৰহণযোগ্য কৰি তোলাৰ বাবে যথেষ্ট থল আছে। কৰ্প’ৰেট যুক্তৰাষ্ট্ৰীয়তাবাদৰ দৰে আঁচনিখনৰ উপকাৰিতা প্ৰসাৰ কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে জিলা আৰু গাঁও পৰ্যায়ৰ সংস্থাসমূহৰ সৈতে মিলি কাম কৰিব লাগিব। যদি বৰ্তমানৰ ৰূপত পি এম এফ বি আই গ্ৰহণযোগ্য নহয়, অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাৰ দৰে ৰাজ্যত য’ত কৃষকসকলে সঘনাই চাইক্লন, অসমানুপাতিক বৃষ্টিপাত, তাপমাত্ৰা বৃদ্ধি আৰু দীৰ্ঘকালীন খৰাং অৱস্থাৰ সন্মুখীন নহয়, তেন্তে এক সুসংহত আৰু ফলপ্ৰসূ বীমা ব্যৱস্থাৰ প্ৰয়োজন আছে। যদিও পি এম এফ বি আইৰ উদ্দেশ্য অভিলাসী, আঁচনিখন অধিক সক্ৰিয় আৰু ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ প্ৰয়োজনীয়তা আছে যাতে দুখীয়া কৃষকসকল আহিবলগীয়া দিনসমূহত অধিক দুখীয়া হৈ নপৰে। ভাৰতৰ এই প্ৰত্যাহ্বানক অতি কম গুৰুত্ব প্ৰদান কৰা হৈছে।

ড০ এ নি আৰ জ্যোতি কুমাৰ

মুৰব্বী, বাণিজ্য বিভাগ, মিজোৰাম বিশ্ববিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.