পাকিস্তানৰ স্থবিৰ গণতন্ত্ৰত এতিয়া জাট জেনেৰেল বনাম পাঠান প্ৰধানমন্ত্ৰী

author img

By

Published : Apr 5, 2022, 9:10 PM IST

jat-general-vs-pathan-pm-in-paks-stillborn-democracy

ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘাতে আঘাট হানিব পাৰে পাকিস্তানৰ গনতন্ত্ৰক । দেশখনৰ শক্তিশালী সেনাই এতিয়াও নিশ্চিত নহয় আমেৰিকাৰ নে চীন-ৰাছিয়াৰ, কাৰ পক্ষ লোৱাটো ভাল । কিন্তু দেশ খনৰ সেনা প্ৰধান লেঃ জেনেৰেল বাজৱাই নিশ্চিত ভাৱেই কৰিব বিচাৰিছে এক অসম্ভৱক সম্ভৱ--তেওঁ বিচাৰিছে চীন আৰু আমেৰিকা দুয়োখন দেশৰেই কাষ চপাৰ ।

নিউজ ডেস্ক, 5 এপ্ৰিল : ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ সামৰিক পদক্ষেপে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান আৰু সেনা প্ৰধান জেনেৰেল কামাৰ জাভেদ বাজৱাৰ মাজৰ বিভেদক অভূতপূৰ্বভাৱে স্পষ্ট কৰি তুলিছে (General Bajwa and Imran Khan differ over russia Ukraine war) । অৱশ্যে, দুয়োৰে মাজত থকা এই সংঘৰ্ষ প্ৰকৃততে দেশখনত গণতন্ত্ৰক গভীৰভাৱে শিপাবলৈ নিদিয়াৰ ফলত সৃষ্ট হোৱা এক গভীৰ দুৰ্দশা ।

আন্তৰ্জাতিক ক্ৰিকেটৰ দ্ৰুত বলাৰ হিচাবে খ্যাত বৰ্তমানৰ প্ৰধানমন্ত্ৰী খান এজন পাঠান আৰু সেনাপ্ৰধান জেনেৰেল বাজৱা জাট বংশৰ । দুয়োজন ব্যক্তিৰ পৃথক ব্যক্তিত্ব আছে যি শক্তিশালী ইচ্ছাশক্তিসম্পন্ন আৰু দুয়োজনকেই বিশেষভাৱে এজনে আনজনৰ প্ৰতি প্ৰতিকূল বুলিহে জনা যায় । এসময়ত শক্তিশালী পাকিস্তানী সেনাৰ দ্বাৰা সমৰ্থিত খানে আইএছআই’ৰ মুৰব্বীৰ নিযুক্তিৰ বিষয়টোক লৈ সেনাৰ ওপৰতো খড়্গহস্ত হোৱাৰ নজিৰ আছে ।

দুয়োজনৰে এই বিপৰীতমুখী মত শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিল তেতিয়া যি সময়ত দুয়োজনে ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক পদক্ষেপৰ ওপৰত বিপৰীত স্থিতি লৈছিল (Difference between Pak General Bajwa and Imram Khan ) । প্ৰধানমন্ত্ৰী খানৰ স্থিতিৰ বিপৰীতে, জেনেৰেল বাজৱাই ইউক্ৰেইনত ৰাছিয়াৰ পদক্ষেপৰ বিৰুদ্ধে তীব্ৰ মাত মতা দেখা গৈছিল ।

২ এপ্ৰিল (শনিবাৰে) ইছলামাবাদ নিৰাপত্তা আলোচনাত ভাষণ দি জেনেৰেল বাজৱাই কৈছিল, "দুখৰ বিষয় যে, ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ আক্ৰমণ অতি দুৰ্ভাগ্যজনক... ৰাছিয়াৰ বৈধ নিৰাপত্তা ৰক্ষাৰ চিন্তা থকা স্বত্বেও, এখন সৰু দেশৰ বিৰুদ্ধে ইয়াৰ আক্ৰমণক ক্ষমা কৰিব নোৱাৰি ।"

"চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিৰ দ্বাৰা চীনৰ সৈতে পাকিস্তানৰ এক ঘনিষ্ঠ সম্পৰ্ক আছে । একেদৰে, আমাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে উৎকৃষ্ট আৰু কৌশলগত সম্পৰ্কৰ এক দীঘলীয়া ইতিহাস আছে, যি আমাৰ সৰ্ববৃহৎ ৰপ্তানি বজাৰ । আমি আনখন দেশৰ সৈতে আমাৰ সম্পৰ্কক প্ৰভাৱিত নকৰাকৈ দুয়োখন দেশৰ সৈতে আমাৰ সম্পৰ্ক বহল, সম্প্ৰসাৰিত কৰিব বিচাৰো," বাজৱাই কৈছিল ।

তেওঁৰ মন্তব্যই স্পষ্টভাৱে কৰে যে, যেতিয়া পৃথিৱীখন দুটা খণ্ডত বিভক্ত হৈ আছে ৷ এটা আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত আৰু আনটো ৰাছিয়া-চীন অক্ষৰ দ্বাৰা, সেইসময়ত বাজৱাই অসম্ভৱ সম্ভৱ কৰিব বিছাৰিছে । যি সময়ত ইমৰান খান চৰকাৰে চীন আৰু ৰাছিয়াৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিছিল সেই সময়ত আমেৰিকাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বিচাৰি থকাটো চীনে, যিয়ে চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰ (চিপিইচি) প্ৰকল্পত ৬০ বিলিয়ন ডলাৰৰ বিশাল বিনিয়োগ কৰিব বিছাৰিছে, বৰ সহজ ভাৱে নল’ব ।

লগতে পঢ়ক : দলৰ পুনৰুজ্জীৱিতকৰণ অতি প্ৰয়োজন : ছোনিয়া গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.