বিদেনৰ হোৱাইট হাউচে চীন, ভাৰতৰ ওপৰত সলনি নকৰে নীতিঃ বিশেষ

author img

By

Published : Aug 10, 2020, 9:09 PM IST

Updated : Aug 11, 2020, 9:27 AM IST

বিদেনৰ হোৱাইট হাউচে চীন, ভাৰতৰ ওপৰত জাপি দিব আমেৰিকান ৰাজনীতি: বিশেষজ্ঞ

অৰুণিম ভূঞাৰ এক প্ৰতিবেদন ৷

নিউজ ডেস্ক, 10 আগষ্ট : আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ সকলো জল্পনা কল্পনা চলি থকাৰ মাজতে ডেম'ক্ৰেট প্ৰাৰ্থী জ' বিদেনৰ বিজয় নিশ্চিত বুলি দেখা গৈছে ৷ বেইজিঙৰ সৈতে এক বাণিজ্যিক সংঘাতৰ মাজতে এনে অৱস্থাত ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈয়ো প্ৰশ্নৰ উত্থাপন হৈছে যদিও বিশেষজ্ঞসকলে মত পোষণ কৰিছে যে, আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে হোৱাইট হাউচ প্ৰশাসনে এই ক্ষেত্ৰত ডনাল্ড ট্ৰাম্পে গ্ৰহণ কৰা নীতিকে অনুসৰণ কৰিব ৷

ভাৰত-আমেৰিকাৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক বিগত দুটা দশকত উন্নত হোৱা দেখা গৈছে আৰু এইক্ষেত্ৰত আমেৰিকাই চীনৰ ৰাষ্ট্ৰপতি ঝী জিনপিঙে শাসনভাৰ লোৱাৰ পৰাই চীনৰ বিশ্বৰ একমাত্ৰ শক্তি হিচাপে উত্থানত বাধাৰ সৃষ্টি কৰি আহিছে ৷

জনমত সৰ্বেক্ষণে দেখাইছে যে, যদিহে নিৰ্বাচন থিকে-থাকে হয় তেতিয়া বিদেনৰ বিজয় নিশ্চিত ৷ Financial Timesৰ শেহতীয়া ভোটগণনা ট্ৰেকাৰত Real Clear Politicsৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ডেম'ক্ৰেট প্ৰাৰ্থী জ' বিদেনে ইলেক্টৰেল কলেজৰ 538টা ভোটৰ ভিতৰত 308টা লাভ কৰাৰ বিপৰীতে ট্ৰাম্পে 113 টাতে সীমাৱদ্ধ হৈ থাকে ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰিবলৈ 538টা ভোটৰ ভিতৰত 270টা ভোটৰ প্ৰয়োজন হয় ৷ একেসময়তে বিশেষজ্ঞ ইতিহাসবিদ আমেৰিকান ইউনিভাৰ্চিটীৰ এলেন লিখমেনে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জ' বিদেনৰ বিজয় নিশ্চিত বুলি মন্তব্য কৰিছে ৷

লিখমেনে তেওঁৰ মুখ্য আৰ্হিৰ 13 টা ঐতিহাসিক দিশ আঙুলিয়াই দিছে আৰু তাৰ দ্বাৰাই 1980ৰ দশকৰ পৰা তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচন সন্দৰ্ভত ভৱিষ্যতবানী প্ৰকাশ কৰি আহিছে ৷

এই পূৰ্বানুমান কোভিড-19ক নিয়ন্ত্ৰণ কৰাক লৈ ট্ৰাম্পে সন্মুকীন হোৱা সমালোচনাৰ সময়তে হৈছে আৰু নৱেম্বৰৰ 3লৈ নিৰ্বাচন পিছুৱাই দিয়া,আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ইতিহাসত এয়া প্ৰথমবাৰ,তাত পোষ্টেল ভোটৰ সহায় লোৱা হ'ব বুলি উল্লেখ কৰিছে,যিয়ে সঠিক ফলাফল নিদিব ৷

অৱশ্যে, বিশেষজ্ঞসকলে কয় যে, যদিহে বিদেনে নিৰ্বাচনত বিজয়ী হয়, হোৱাইট হাউচৰ নতুন অধিনায়কগৰাকীয়ে ট্ৰাম্প প্ৰশাসনৰ দৰেই ভাৰত আৰু চীনৰ সন্দৰ্ভত ব্যৱহাৰ কৰিব ৷ "ভাৰত-আমেৰিকাৰ সম্পৰ্ক এক দুৱাৰমুখত উপনীত হৈছে ৷" বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰাক্তন সচিব পিনাক ৰঞ্জন চক্ৰৱৰ্তীয়ে ইটিভি ভাৰতক এইদৰে কয় ৷

ভাৰত আৰু আমেৰিকাই এক বিশ্বায়ন সামৰিক বন্ধুত্বৰে বান্ধ খাই আছে আৰু এই সম্পৰ্ক দুয়োখন দেশৰ উমৈহতীয়া গণতান্ত্ৰিক মুল্যবোধ আৰু দ্বিপাক্ষিক, আঞ্চলিক তথা বিশ্বায়ন ধাৰাৰে সম্পৰ্কিত ৷ আমেৰিকাই ভাৰতক ইতিমধ্যেই ইয়াৰ মুখ্য সামৰিক সহযোগী হিচাপে চিহ্নিত কৰিছে ৷

আমেৰিকাস্থিত ইউএছ ইণ্ডিয়া পলিটিকেল এক্সন কমিটীৰ প্ৰতিষ্ঠাপক সদস্য ৰবিন্দৰ সচদেৱে ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰা অনুসৰি, বিদেন ক্ষমতালৈ আহিলে ভাৰত-আমেৰিকাৰ সম্পৰ্ক পূৰ্বৰ দৰেই অব্যাহত থকাৰ লগতে অধিক উন্নত হোৱাৰ সম্ভাৱনা আছে ৷

একেসময়তে তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত নিম্ন আৰু উচ্চ সদনৰ ভূমিকাও উল্লেখ কৰে ৷ আমেৰিকাৰ নিম্ন সদন, হাউচ অৱ ৰিপ্ৰেছেনটেটিভ ডেম'ক্ৰেটৰ দ্বাৰা নিয়ন্ত্ৰিত হোৱাৰ লগতে উচ্চ সদন, ছিনেট ৰিপাব্লিকানৰ দ্বাৰা নিয়ন্ত্ৰিত ৷ "যদি ছিনেটত ডেম'ক্ৰেটিক ক্ষমতালৈ আহে আৰু হোৱাইট হাউচত বিদেন থাকে, তেতিয়াহ'লে মই ভাবো ভাৰত-আমেৰিকাৰ সম্পৰ্কত কিছু জটিলতা আহিব, কিয়নো কিছুসংখ্যক ডেম'ক্ৰেট ভাৰতক লৈ অসন্তুষ্ট আৰু ইয়ে তেওঁলোকক অধিক লাভৱান কৰিব ৷" সচদেৱে কয় ৷

"আমেৰিকাৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে সৰ্বেসৰ্বা হ'লেও হাউচ আৰু ছিনেটে একেলগে বহুটো চাপ প্ৰয়োগ কৰিব পাৰে আৰু আইন বলৱৎ কৰাৰ ক্ষেত্ৰটো তেওঁলোকৰ হাততেই অধিকাংশ ক্ষমতা থাকে ৷"

আমেৰিকাই ভাৰতৰ সৈতে বাণিজ্যিক সম্পৰ্ক বৃদ্ধি কৰাৰ পক্ষপাতী ৷ 2019ত আমেৰিকা-ভাৰতৰ বাণিজ্যিক সম্পৰ্ক 149 বিলিয়ন ডলাৰ হয় ৷ কিন্তু এইক্ষেত্ৰত আমেৰিকাৰ চীনৰ সৈতে সম্পৰ্কৰ কথাটো অধিক চিন্তনীয় যেতিয়া বিদেন ক্ষমতালৈ আহিব ৷

চক্ৰৱৰ্তীৰ মতে, বিদেনে কোভিড-19ৰ বাবে চীনৰ বিষয়টোক আওকান কৰিব নোৱাৰিব ৷ ইয়াৰ উপৰিও, চীন আৰু আমেৰিকাৰ মাজত এক শীতল বাণিজ্য়িক যুদ্ধ চলি আছে ৷ ইয়াৰ ভিতৰত আমেৰিকাৰ প্ৰযুক্তি আৰু চীনৰ ব্যয় ঘাটি আদি দিশ সন্নিৱিষ্ট হৈ আছে ৷ এই সময়ত চীন এক বৃহৎ সামৰিক প্ৰত্যাহ্বান আৰু বিদেনে তাক এৰাই চলিব নোৱাৰে ৷ চীনে মহামাৰীৰ আঁৰত আন কিছুমান কাৰ্যও সংঘটিত কৰি আহিছে বুলি তেওঁ মতপ্ৰকাশ কৰে ৷ আমেৰিকা চীনৰ সম্পৰ্কৰ আন এক দিশ হৈছে, ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ চীনৰ বৰ্ধিত গতিবিধি ৷ ভাৰতে আমেৰিকা, জাপান আৰু অষ্ট্ৰেলিয়াৰ সৈতে এইটো অঞ্চলৰ উন্নতি তথা শান্তিৰ বাবে কাম কৰি আহিছে আৰু ইয়াক সহজভাৱে ল'ব পৰা নাই বেইজিঙে ৷ ইয়াৰ লগতে দক্ষিণ চীন সাগৰত চীনৰ গতিবিধি মহামাৰীৰ সময়তো বৰ্ধিত হাৰে সামৰিক শক্তিৰ উত্থানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ইয়াক আলোচনাৰ মাজলৈ টানি আনিছে ৷

2017ত আমেৰিকাৰ সামৰিক নিৰাপত্তা নীতিৰ অধীনত চীনক এক “revisionist power” বুলি উল্লেখ কৰা হৈছে ৷ চক্ৰৱৰ্তীয়ে কয় যে, ট্ৰাম্পে দক্ষিণ চীন সাগৰক লৈ নিজৰ নীতি সলনি কৰি UN Convention on the Law of the Seaক সমৰ্থন কৰিছে ৷ পৰৱৰ্তী সময়ত চাৰিশক্তি (ভাৰত-জাপান-আমেৰিকা-অষ্ট্ৰেলিয়া)ই নিজৰ শক্তি প্ৰদৰ্শন কৰিব আৰু চীনে ইয়াৰ বিৰোধিতা কৰাটো নিশ্চিত ৷

সচদেৱৰ মতে, ট্ৰাম্প প্ৰশাসনৰ চীন আৰু বিশ্বৰ ভৌগলিক ৰাজনীতিক লৈ থকা স্থিতি অধিক জটিলৰ পৰা জটিলতৰ হৈ গৈ আছে ৷ ই নিজেই নিজে নৱেম্বৰলৈ পৰিৱৰ্তন আনিব ৷ শাসনত যিয়ে নহওঁক, চীনক লৈ আমেৰিকাই অধিক আগ্ৰাসী নীতি গ্ৰহণ কৰিব আৰু চীনক নিয়ন্ত্ৰণ কৰিবলৈ সকলো সম্ভৱ কৰিব আমেৰিকাই ৷

2050-60 লৈ চীনে এক বিশ্বক্ষমতাত অধীস্থিত হ'ব আৰু আমেৰিকাই ইয়াক নিবিচাৰে যে, এছিয়া মহাদেশৰ কোনো এখন দেশ,বিশেষকৈ চীনে এই ক্ষমতাত অধিস্থিত হওঁক ৷ ট্ৰাম্পে নিজৰ শাসনকালত এইটো হ'বলৈ নিদি চীনক বাধা দিয়াই নহয়, ইয়াক অস্বীকাৰো কৰিছে ৷

"চীনৰ সৈতে ট্ৰাম্পে আৰম্ভ কৰা যুদ্ধখন এইয়া ৷ এতিয়া বিদেন ক্ষমতালৈ আহিলে তেওঁৰ প্ৰশাসনে কম-বেছি পৰিমানে এই দিশটো অনুসৰণ কৰিব ৷"

লগতে পঢ়কঃ 2020ৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজিত হ'ব নেকি ট্ৰাম্প ?

Last Updated :Aug 11, 2020, 9:27 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.