Amit Shah LIVE: কলাক্ষেত্রৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ বিশেষ অনুষ্ঠান লাইভ
Published: May 25, 2023, 3:15 PM

গুৱাহাটী, ২৫ মে’: অসমত হ'ব দেশৰ নৱমখন ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় । বৃহস্পতিবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজন কৰা এক অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ গুৱাহাটী চৌহদৰ আধাৰশিলা স্থাপন কৰিব । কামৰূপ জিলাৰ চাংসাৰিৰ মলঙত স্থাপন হ'বলগীয়া এই প্ৰকল্পৰ ব্যয় প্ৰায় ৩০০ কোটি টকা । প্ৰকল্পটোৰ বাবে অসম চৰকাৰে ৫০ একৰ ভূমি আৱণ্টন দিছে । দুটা পৰ্যায়ত এই প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰা হ'ব । প্ৰথম পৰ্যায়ৰ কাম ২০২৬ চনত সম্পূৰ্ণ হ'ব আৰু ২০৩০ চনত দ্বিতীয় পৰ্যায়ৰ কাম সম্পূৰ্ণ হ'ব । দুটা পৰ্যায় সম্পূৰ্ণ হ'লে আসনৰ সংখ্যা তিনি হাজাৰৰো অধিক হ'ব । ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ গুৱাহাটী চৌহদত ফৰেনছিক বিজ্ঞান, চাইবাৰ নিৰাপত্তা, ডিজিটেল ফনেছিকছ, ফৰেনছিক মনোবিজ্ঞান, বন্যপ্রাণী ফৰেনছিক, নিচাযুক্ত দ্রব্য, ড্ৰ'ন ফৰেনছিক, ফৰেনছিক ন্যায় আৰু আইন বিষয়ত ৫০টা স্নাতক, স্নাতকোত্তৰ, পি এইচ ডি আৰু প'ষ্ট ডক্টৰেলৰ পাঠ্যক্ৰম ব্যৱস্থা থাকিব । আনহাতে একে অনুষ্ঠানতে কেন্দ্ৰীয় গৃহমন্ত্রীগৰাকীয়ে অসম আৰক্ষীৰ 'অসম পুলিচ সেৱা সেতু' নামৰ এটা পৰ্টেল মুকলি কৰে । এই পৰ্টেলৰ যোগেদি থানালৈ নোযোৱাকৈয়ে অনলাইন যোগে এজাহাৰ দাখিল কৰাকে ধৰি আন কেতবোৰ সেৱাৰ সুবিধা গ্ৰহণ কৰিব পৰা যাব ।