আপোনাৰ ওচৰে পাজৰে থকা ক’ভিড ৰোগীক সহায় কৰাৰ ৯ টা উপায়

author img

By

Published : May 21, 2021, 7:55 PM IST

HELP PEOPLE IN PANDEMIC

সম্প্ৰতি ভাৰতবৰ্ষ কৰ'ণা মহামাৰীৰ দ্বিতীয়টো ঢৌৰ কবলত পৰি ককবকাই আছে ৷ ই বয়স নিৰ্বিশেষে সকলো লোককে মাৰাত্মকভাৱে আক্ৰান্ত কৰিছে ৷ এহাতে চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মী তথা অন্যান্য অগ্ৰণী কৰ্মীসকলে জনসাধাৰণৰ প্ৰাণ ৰক্ষা কৰিবলৈ অহৰহভাৱে যৎপৰোনাস্তি চেষ্টা চলাই গৈছে ৷ আনফালে জনতা ভগ্ন হৃদয়ৰে নিজৰ নিজৰ ঘৰবোৰত অসহায় হৈ সোমাই থাকিব লগীয়া হৈছে ৷ এনে এক সন্ধিক্ষণত আপোনাৰ এক সামান্য সঁহাৰিয়েও ক’ভিড আক্ৰান্ত সকলৰ বাবে এক ডাঙৰ সহায় হ’ব পাৰে ৷ তলত তেনেধৰণৰ নটা উপায়ৰ বিষয়ে উল্লেখ কৰা হ’ল, যাৰ সহায়ত আপুনি ক’ভিড ৰোগীসকলৰ প্ৰতি সহায়ৰ হাত আগবঢ়াব পাৰিব ৷

সম্প্ৰতি সময়বোৰ কঠিন হৈছে পৰিছে ৷ এনে পৰিস্থিতিত ঘৰতে সোমাই থাকিব লগীয়া হ’লে অসহায় অনুভৱ হয় ৷ বিশেষকৈ তেতিয়া যেতিয়া আপোনাৰ কোনো শুভাকাংক্ষীয়ে আপোনাৰ সন্মুখতে কষ্টত ভুগি থাকিব লগীয়া হয় ৷ যদি আপোনাৰ ক’ভিড-১৯ত আক্ৰান্ত কোনো বন্ধু–বান্ধৱী, সম্পৰ্কীয় নাইবা কোনো চুবুৰীয়া আছে; আপুনি তেওঁলোকক দেখা কৰিবলৈ যাব নোৱাৰাটো স্বাভাৱিক ৷ কিন্তু তেওঁলোকক সহায় কৰিব পৰা, তেওঁলোকৰ যত্ন ল'ব পৰা বিকল্প উপায় কেইবাটাও আছে ৷ সম্প্ৰতি ক’ভিড-১৯য়ে দেশখনৰ যি গতি কৰিছে, সি অগণন লোকক অসহায় অৱস্থাত পেলাইছে ৷ তলত নটা উপায় দিয়া হ’ল যাৰ জৰিয়তে তেওঁলোকক আপুনি সহায় কৰিব পাৰিব ৷

১/ তেওঁলোকলৈ ফোন কৰক: যদি আপোনাৰ ওচৰ চুবুৰীয়াৰ মাজত কোনোবা ক’ভিড-১৯ত আক্ৰান্ত ব্যক্তি আছে তেন্তে শীঘ্ৰে সুস্থ হৈ উঠাৰ কামনা কৰি তেওঁলোকক ফোন কৰিব পাৰে নাইবা মেছেজ কৰি খবৰ সুধিব পাৰে ৷ এই অপ্ৰীতিকৰ পৰিস্থিতি দেখি আক্ৰান্ত ব্যক্তি গৰাকী সন্ত্ৰস্ত হৈ উঠিব পাৰে নাইবা হতাশাত ভুগিব পাৰে ৷ তেনে অৱস্থাত তেওঁলোক অতি শীঘ্ৰে সুস্থ হৈ উঠিব পাৰে বুলি আশ্বস্ত কৰিব পাৰে ৷ সদায় নোৱাৰিলেও দুদিনমানৰ মূৰে মূৰে গৈ তেওঁলোকক এপাক চাই আহিবও পাৰে ৷

২/ ইতিবাচক চিন্তা : ক’ভিড-১৯ত ভুগি থকা ব্যক্তি এজন সকলো সময়তে নেতিবাচক চিন্তাৰে ভাৰাক্ৰান্ত হৈ থকাৰ সম্ভাৱনাই অধিক ৷ এনে সময়ত তেওঁলোকক সহায় কৰাৰ আটাইতকৈ উত্তম উপায়টো হ’ল তেওঁলোকলৈ কোনো ইতিবাচক বাতৰি প্ৰেৰণ কৰা ৷ তেওঁলোকৰ মনত ভয় জন্মাব পৰা ঘটনাবোৰ আলোচনা নকৰিব ৷ তেওঁলোকক চিনেমা, টি ভি ছিৰিজ, সংগীত আদি চাবলৈ পৰামৰ্শ দিব পাৰে নাইবা আনন্দ দিবলৈ কোনো মিম প্ৰেৰণ কৰিব পাৰে বা তেওঁলোকৰ সৈতে অতিবাহিত কৰা পুৰণি, ভাল লগা মুহূৰ্তবোৰৰ স্মৃতিৰ বিষয়ে কথা পাতিব পাৰে ৷

৩/ বিশ্বাসযোগ্য উৎসবোৰৰ বিষয়ে জনাই কৰিব পৰা সহায় : আপুনি যদি চিকিৎসালয়, অক্সিজেন ছিলিণ্ডাৰ/কনচেনট্ৰেটৰ, ইঞ্জেক্সন বা ঔষধৰ সন্ধানৰত কোনো লোকৰ বিষয়ে জানে তেন্তে তেওঁলোকক এইবোৰ পাব পৰা বিশ্বাসযোগ্য সূত্ৰ/উৎসৰ বিষয়ে জনাওক ৷ প্ৰথমে আপুনি নিজেই তেনে নম্বৰবোৰৰ সত্য সত্যতাৰ বিষয়ে নিশ্চিত হৈ তেওঁলোকলৈ প্ৰেৰণ কৰিব যাতে তেওঁলোকে প্ৰতিবাৰতে প্ৰতিটো নম্বৰ ডায়েল কৰিব লগীয়াত নপৰে ৷ এনেকৈও আপুনি তেওলোকৰ কিছু সময় ৰাহি কৰিব পাৰে ৷

৪/ তথ্যৰ ব্যাপক প্ৰচাৰ : শেহতীয়া পৰিস্থিতিত সামাজিক মাধ্যমে প্ৰচুৰ পৰিমাণে সহায় কৰিছে ৷ টুইটাৰ, ইনষ্টাগ্ৰাম, ফেচবুক ইত্যাদিয়ে চিকিৎসা সঁজুলিৰ সন্ধানৰত লোকসকলক চিকিৎসা সঁজুলি যোগানকাৰী সকলৰ সৈতে সংযোগ স্থাপনত সহায় কৰি দিছে ৷ এনে সন্ধানৰত লোকসকলৰ পোষ্টবোৰ প্ৰচাৰ কৰিব পাৰে লগতে বিশ্বাসযোগ্য উৎসসমূহৰ তথ্য সম্বলিত পোষ্টবোৰো প্ৰচাৰ কৰিব পাৰে ৷

৫/ ঘৰতে একাষৰীয়াকৈ থকা লোক সকলৰ বাবে খাদ্যৰ যোগান ধৰা : যদি আপোনাৰ চুবুৰীৰে কোনো ব্যক্তি নাইবা কোনো সম্বন্ধীয় লোক বা আপোনাৰ কোনো বন্ধু সংক্ৰমিত হৈছে আৰু তেওঁ একাষৰীয়াকৈ থাকিব লগীয়া হৈছে তেনেস্থলত আপুনি তেওঁলোকৰ বাবে খাদ্য প্ৰস্তুত কৰি দিয়াৰ প্ৰস্তাৱ দিব পাৰে ৷ যিহেতু এই সময়চোৱাত আক্ৰান্তসকল যথেষ্ট দুৰ্বল হৈ পৰে ; সেয়ে তেওঁলোকে নিজৰ বাবে খাদ্য প্ৰস্তুত কৰিব নোৱাৰিবও পাৰে ৷ আপুনি তেওঁলোকক ঘৰতে ৰন্ধা স্বাস্থ্য সন্মত আৰু সতেজ আহাৰৰ যোগান ধৰিব পাৰে ৷ কিন্তু মনত ৰেখা উচিত যে এই আহাৰ এবাৰ ব্যৱহাৰযোগ্য বাচন-বৰ্তনতহে দিব ৷

৬/ প্ৰয়োজনীয় সামগ্ৰীৰ যোগান ধৰাৰ লগতে পোহনীয়া কুকুৰটোক খোজ কঢ়াবলৈ লৈ যোৱা : আপুনি যদি এজন যুৱক আৰু সুস্থ তেন্তে আপোনাৰ চুবুৰীত একাষৰীয়াকৈ থকা নাইবা বয়সীয়াল লোকসকলক নিত্য ব্যৱহাৰ্য গেলামালৰ সামগ্ৰীৰ যোগান ধৰিব পাৰে ৷ এনে কাৰ্য তেওঁলোকৰ বাবে খুবেই সহায়ক হ’ব ৷ এই কাম কৰিবলৈ যোৱাৰ আগেয়ে এইটো সুনিশ্চিত কৰিব যে আপুনি সকলো ধৰণৰ প্ৰতিৰোধাত্মক উপায়সমূহ অৱলম্বন কৰিছে আৰু আপুনি লৈ যোৱা সামগ্ৰীসমূহ তেওঁলোকৰ দুৱাৰদলিতহে থৈ আহিব, যাতে তেওঁলোকক চুব লগীয়া নহয় ৷ ইয়াৰ উপৰি তেওঁলোকৰ পোহনীয়া কুকুৰবোৰক সদায় খোজকঢ়াবলৈও লৈ যাব পাৰে ৷

৭/ স্বেচ্ছাসেৱী : ক’ভিড-১৯ ত আক্ৰান্ত লোকসকলক সাহাৰ্য প্ৰদান কৰি থকা সন্থা তথা যুৱ সংগঠন অনেক আছে ৷ তেওঁলোকে বিভিন্ন চিকিৎসা সামগ্ৰী বিচৰাত, ধন সংগ্ৰহ কৰা আৰু সহায়ৰ প্ৰয়োজন হোৱা লোকসকলৰ বাবে বিভিন্ন ব্যৱস্থা কৰি দিয়াত সহায় কৰে ৷ তেওঁলোকৰ সৈতে ভাৰ্ছুৱেল স্বেচ্ছাসেৱী হিচাপে সংযুক্ত হৈ আপুনি বৰঙণি আগবঢ়াব পাৰে ৷ তেনে সংগঠনবোৰে সদায়ে একোখন অতিৰিক্ত সাহাৰ্য প্ৰদানকাৰী হাতৰ সন্ধানত থাকে ৷

৮/ অনুদান : আপোনাৰ হাতত যদি কিছু অতিৰিক্ত ধন আছে, তেন্তে ইয়াৰে কিছু অংশ দান দিয়াৰ বাবে বিবেচনা কৰিব পাৰে ৷ অনেক সাহাৰ্য পুঁজি, দাতব্য সন্থা, এন জি অ’ ইত্যাদিয়ে দান-বৰঙণিৰে চিকিৎসা সামগ্ৰী, চিকিৎসা, খাদ্য আৰু ধনৰ প্ৰয়োজনত থকা লোকসকলক সাহাৰ্য প্ৰদান কৰিবৰ বাবে আহ্বান জনাই ৷ কিয়নো একেবাৰেই নগণ্য অনুদানেও বহুত ডাঙৰ সহায় কৰিব পাৰে ৷

৯/ টীকাকৰণ আৰু টীকাকৰণৰ পঞ্জীয়ন : বিশেষজ্ঞ সকলে কৈছে যে ভাইৰাছ বিধক প্ৰতিহত কৰিবলৈ টীকাকৰণেই হ’ল আটাইতকৈ উত্তম পথ ৷ অধিক সংখ্যক লোকে প্ৰতিষেধক গ্ৰহণ কৰাৰ পাচত ভাইৰাছবিধক নিয়ন্ত্ৰণ কৰিবলৈ সহজ হ’ব আৰু জনসাধাৰণ গুৰুতৰভাৱে সংক্ৰমিত হোৱাৰ পৰা ৰক্ষা পৰিব ৷ সেয়েহে আপুনি যেতিয়াই সুযোগ লাভ কৰিব, নিজে আৰু নিজৰ পৰিয়ালৰ সদস্য সকলে প্ৰতিষেধক গ্ৰহণ কৰিব ৷ আপোনাৰ ওচৰ চুবুৰীয়াকো প্ৰতিষেধক ল'বলৈ উদগনি দিব ৷ আপোনাৰ ঘৰুৱা সহায়ক, চকীদাৰ, শাক-পাচলি বিক্ৰেতাজনে ম’বাইলৰ ব্যৱহাৰ নাজানিবও পাৰে ৷ গতিকে প্ৰতিষেধকৰ বাবে পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত সহায় কৰি দিব পাৰে ৷

তেনেকৈয়ে আমি ক'ভিড-১৯ ৰ প্ৰতিৰোধাত্মক নিয়মবোৰ উলংঘন নকৰাকৈ বিভিন্ন উপায়েৰে সহায়ৰ প্ৰয়োজন হোৱা লোক সকলক সাহাৰ্য প্ৰদান কৰিব পাৰো ৷ এনে পদক্ষেপে আপোনাকেই কেৱল সুখানুভূতি প্ৰদান নকৰে বৰঞ্চ যি সকল এই ৰোগ বিধৰ দ্বাৰা আক্ৰান্ত তেওঁলোকৰ কষ্টও বহুখিনি লাঘৱ কৰিব ৷ ক’ভিড-১৯ আৰু ইয়াৰ পৰৱৰ্তী কালত ঘটা ঘটনাবোৰ খুবেই নিৰাশাজনক ৷ সেয়ে আশাব্যঞ্জক খবৰবোৰহে প্ৰচাৰ কৰক, লগতে নিজৰ শাৰীৰিক তথা মানসিক স্বাস্থ্যৰ প্ৰতিও ধ্যান দিবলৈ নাপাহৰিব ৷

মনত ৰাখিব- “এই সময়ো পাৰ হ’ব”

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.