প্ৰথম বছৰতে 4 কোটি ভাৰতীয় স্মাৰ্টফোন ব্যৱহাৰকাৰীয়ে লাভ কৰিব 5G সেৱা

author img

By

Published : May 15, 2021, 2:07 PM IST

4cr indian smartphone users can take 5g in 1st year

এৰিক্সন কনজিউমাৰ লেব (Ericsson ConsumerLab) ৰ এক প্ৰতিবেদন অনুসৰি প্ৰথম বৰ্ষতে ভাৰতৰ প্ৰায় 40 মিলিয়ন স্মাৰ্টফোন ব্যৱহাৰকাৰীয়ে 5G লাভ কৰিব পাৰিব ৷ এই সুবিধা উপলব্ধ হোৱাৰ লগে লগে ভাৰতৰ প্ৰায় 67 শতাংশ লোকে 5G সেৱা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ৷

নিউজ ডেস্ক,15 মে': ভাৰতত 5G সেৱা উপলব্ধ হোৱাৰ লগে লগে দেশৰ প্ৰায় চাৰি কোটি স্মাৰ্টফোন ব্যৱহাৰকাৰী লোকে 5G সেৱা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷ প্ৰকৃতাৰ্থত ক'বলৈ গ'লে 2019 বৰ্ষৰ তুলনাত প্ৰায় 14 শতাংশ পইণ্ট বৃ্দ্ধি কৰি ভাৰতৰ প্ৰায় 67 শতাংশ স্মাৰ্টফোন ব্যৱহাৰকাৰীয়ে 5G সেৱা উপলব্ধ হোৱাৰ লগে লগে উক্ত সেৱা গ্ৰহণ কৰাৰ অভিপ্ৰায় প্ৰকাশ কৰিছে ৷

এৰিক্সন কনজিউমাৰ লেব (Ericsson ConsumerLab) এ তৈয়াৰ কৰি উলিওৱা এক প্ৰতিবেদনে এই কথা দাবী কৰিছে ৷ 5G সেৱাই কেনেকৈ নতুন ব্যৱহাৰকাৰীসকলক মনত প্ৰভাৱ পেলাইছে সেই কথা এই প্ৰতিবেদনে তুলি ধৰিছে ৷

এক বিবৃতিযোগে এৰিকশ্যন ইণ্ডিয়া তথা নেটৱৰ্ক চল্যুশ্যনছ এৰিক্সন চাউথ ইষ্ট এচিয়া, ওচেনিয়া আৰু ভাৰতৰ মুৰব্বী নীতিন বাঞ্চালে কয় যে, "ভাৰতীয় সেৱা প্ৰদানকাৰীসকলে 5G নিয়োজনৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে এই অধ্যয়নে 5G ৰ ক্ষেত্ৰত কিছু আকৰ্ষণীয় উপভোক্তা অন্তৰ্দৃষ্টি প্ৰদান কৰিছে, যিয়ে গ্ৰাহক সকলক 5G সেৱা গ্ৰহণত উদগনি দিয়াৰ লগতে গ্ৰাহকৰ প্ৰত্যাশা পূৰণ কৰাত সহায় কৰিব" ৷

ৱাই-ফাইৰ ব্যৱহাৰ হ্ৰাস কৰাৰ উপৰিও, 5G ৰ প্ৰাৰম্ভিক ব্যৱহাৰকাৰীসকলে 4G ব্যৱহাৰকাৰীৰ তুলনাত প্ৰত্যেক সপ্তাহত ক্লাউড গেমিঙত গড়ে দুই ঘণ্টাৰ অধিক আৰু অগমেণ্টেড ৰিয়েলিটি (এআৰ) এপছত এক ঘণ্টাৰ অধিক সময় ব্যয় কৰে । অৱশ্যে, 5G ব্যৱহাৰকাৰীসকলে ইয়াৰ স্পীডক লৈ সন্তুষ্ট হ'লেও প্ৰায় 70 শতাংশ লোক নতুন এপছ আৰু অভিনৱ সেৱাৰ উপলব্ধতাক লৈ অসন্তুষ্ট ৷ গ্ৰাহকসকলে কয় যে, ডিজিটেল সেৱাৰে পৰিৱেষ্টিত 5G প্লেনৰ বাবে তেওঁলোক 20-30 শতাংশ অধিক পৰিশোধ কৰিবলৈও ইচ্ছুক ৷

উল্লেখ্য যে, ভাৰতত 5G ৰ প্ৰায় 10 জন সাম্ভাব্য প্ৰাৰম্ভিক গ্ৰহণকাৰীৰ ভিতৰত 7 জনে 4G তকৈ অধিক স্পীড আশা কৰাৰ পৰিৱৰ্তে 10 জনৰ ভিতৰত 6 জনে যোগাযোগ সেৱা প্ৰদানকাৰীৰ (চিএছপি) পৰা মূল্য নিৰ্ধাৰণৰ উদ্ভাৱন আশা কৰে ৷ প্ৰতিবেদনটোৱে সংযুক্ত ৰাষ্ট্ৰ, ব্ৰিটেইন, চীন আৰু দক্ষিণ কোৰিয়াকে ধৰি মুঠ 26 খন বজাৰৰ গ্ৰাহকৰ মনোভাৱ আৰু ধাৰণা অধ্যয়ন কৰিছিল ৷

লগতে পঢ়ক: অপ্প’ ৰেন’-6 প্ৰ’ত ডিমেনচিটি 1200 ৰ সুবিধা থকাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.