Ryanair flight lands safely after bomb scare : এথেন্স বিমানবন্দৰত বোমাতংক

author img

By

Published : Jan 23, 2023, 11:44 AM IST

Ryanair flight lands safely after bomb scare

এথেন্স আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হুলস্থূলীয়া পৰিৱেশ (Tense situation in Athens airport)। পোলেণ্ডৰ পৰা উৰা মৰা এখন বিমান এথেন্স বিমানবন্দৰত আহি উপস্থিত হোৱাৰ লগে লগে কটকটীয়া নিৰাপত্তা । অৱশ্যে বিমানখনত বোমা পালে নে নিৰাপত্তা বাহিনীয়ে ?

ইণ্টাৰনেশ্যনেল ডেস্ক,২৩ জানুৱাৰী : এথেন্স আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হাহাকাৰ পৰিৱেশ (Tense situation in Athens airport)। পোলেণ্ডৰ পৰা অহা এখন বিমানত বোমা থকাৰ তথ্য লাভ কৰাৰ পাছতে হুলস্থূলীয়া পৰিৱেশ । বোমা আশংকাৰ সৈতে অৱশেষত সুৰক্ষিতভাৱে এথেন্স আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ । লগে লগে আতংকময় পৰিৱেশ বিমানবন্দৰত (Bomb scare in Athens airport)। অৱশ্যে তীব্ৰ তালাচীৰ অন্তত কোনো বোমা বা সন্দেহজনক সামগ্ৰী নাপালে নিৰাপত্তাৰক্ষীয়ে ।

জানিব পৰা মতে পোলেণ্ডৰ কাটোৱিচৰ পৰা অহা বিমানখনে দেওবাৰে এথেন্স আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিছিল । ৰিয়ানাৰৰ পোলেণ্ডৰ সহায়ক সংস্থা বাজৰ দ্বাৰা পৰিচালিত বিমানখন গ্ৰীচৰ ৰাজধানীৰ বিমানবন্দৰত স্থানীয় সময় অনুসৰি সন্ধিয়া ৫:৪০ বজাত অৱতৰণ কৰিছিল । গ্ৰীচৰ আকাশসীমাৰ মাজেৰে দুখন হেলেনিক বায়ু সেনাৰ এফ-১৬ যুঁজাৰু বিমানে সেই বিমানখনক অৱতৰণত সহায় কৰিছিল ।

বোয়িং ৭৩৭-৮০০ বিমানখনে পোলেণ্ডৰ পৰা দুঘণ্টা পলমকৈ ৰাওনা হৈছিল । গ্ৰীক প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে বিমানখনত বোমা থকাৰ খবৰ পোৱাৰ পাছতে সাৱধানতা হিচাপে দুখন গ্ৰীক এফ-১৬ বিমানে পোলেণ্ডৰ কাটোৱিচৰ পৰা এখন ৰিয়ানাৰ বিমান লৈ আছিল । সূত্ৰটোৱে লগতে কয় যে হাংগেৰিয়ান যুদ্ধ বিমানে পূৰ্বেও এনেদৰে বিমান লৈ আছিল ।

এথেন্স আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত স্থানীয় সময় অনুসৰি সন্ধিয়া ৫:৪০ বজাত ১৯০ জনতকৈও অধিক যাত্ৰীৰ সৈতে বিমানখন সুৰক্ষিতভাৱে অৱতৰণ কৰিছিল । লগে লগে বিমানখনত বোমা থকাৰ বিষয়ে সতৰ্কবাণী জাৰি কৰা হৈছিল । সংবাদমাধ্যমৰ বাতৰি অনুসৰি বিমানবন্দৰৰ এটা দূৰৱৰ্তী অংশত অৱতৰণ কৰাৰ পাছতে অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীয়ে বিমানখন ঘেৰি ধৰিছিল, আৰু বোমা স্কোয়াডে পৰীক্ষা আৰম্ভ কৰিছিল (Ryanair flight lands safely after bomb scare)।

যাত্ৰীসকলক বিমানৰ পৰা উলিয়াই অনা হৈছিল আৰু তেওঁলোকৰ বেগ লগতে সম্পূৰ্ণ বিমানখনত তালাচী চলোৱা হৈছিল । বিমানবন্দৰৰ মুখপাত্ৰ এলিনা ডিমোপুলুৱে কয় যে সকলো যাত্ৰী সুস্থ আৰু সুৰক্ষিত আছে । বোয়িং ৭৩৭ বিমানখনৰ পাইলটগৰাকীয়ে পূৰ্বেই বিমানখনত থকা সম্ভাৱ্য বিস্ফোৰক সঁজুলিৰ বিষয়ে কৰ্তৃপক্ষক সতৰ্ক কৰি দিছিল ।

ইফালে কাটোৱিচৰ পৰা এথেন্সলৈ যাত্ৰা কৰা বিমানৰ কৰ্মচাৰীসকলক সুৰক্ষা প্ৰক্ৰিয়া অনুসৰি এক সম্ভাৱ্য সুৰক্ষা ভাবুকিৰ বিষয়ে অৱগত কৰা হৈছিল । বোমাৰ ভাবুকিটো ক'ৰ পৰা আহিছিল সেয়া এতিয়াও নিশ্চিত হোৱা নাই । বিমানখন পোলেণ্ডৰ পৰা উৰা মৰাৰ পাছতে এই সতৰ্কবাণী দিয়া হৈছিল বুলি কোৱা হৈছে । বিশেষ আৰক্ষী বাহিনীয়ে বিমানখন আৰু বেগবোৰ পৰীক্ষা কৰিছিল যদিও প্ৰায় ১ ঘণ্টা ধৰি চলা তালাচীৰ পাছত কোনো বিস্ফোৰক সামগ্ৰী উদ্ধাৰ নহ'ল । সমগ্ৰ বিষয়টো এতিয়া ৰহস্যৰ আৱৰ্তত আছে । বিমানবন্দৰ কৰ্তৃপক্ষ আৰু আৰক্ষী সম্প্ৰতি বিষয়টোক লৈ তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক :Rishi Sunak fined by Police: ট্ৰেফিক নিয়ম উলংঘা কৰি জৰিমনা ভৰিলে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.