দক্ষিণ আমেৰিকাত অবৈধ সোণৰ খনিত দুৰ্ঘটনা, ১০ গৰাকী লোকৰ মৃত্যু
Published: Nov 21, 2023, 2:33 PM

দক্ষিণ আমেৰিকাত অবৈধ সোণৰ খনিত দুৰ্ঘটনা, ১০ গৰাকী লোকৰ মৃত্যু
Published: Nov 21, 2023, 2:33 PM
দক্ষিণ আমেৰিকাৰ সোণৰ খনিৰ বাবে জনাজাত চুৰিনামত ভয়ংকৰ ঘটনা । এটা অবৈধ সোণৰ খনিত দুৰ্ঘটনাৰ ফলত ১০ গৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।
ইণ্টাৰনেশ্যনেল ডেস্ক,২১ নৱেম্বৰ : দক্ষিণ আমেৰিকাৰ চুৰিনাম দেশত সোমবাৰে এটা অবৈধ সোণৰ খনিত দুৰ্ঘটনা সংঘটিত হয় । সোণৰ খনি খহি পৰাৰ ফলত প্ৰায় ১০ গৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী, সামৰিক বিষয়া আৰু উদ্ধাৰকাৰী দলক খনিলৈ প্ৰেৰণ কৰা হৈছে । দুৰ্ঘটনা সংঘটিত সোণৰ এই খনি দেশখনৰ দক্ষিণৰ গ্ৰামাঞ্চলত অৱস্থিত । চৰকাৰী সূত্ৰৰ মতে খনিৰ শ্ৰমিকসকলে সোণৰ সন্ধানৰ বাবে তেওঁলোকৰ নিজা সুৰংগ নিৰ্মাণ কৰিছিল বুলি ধাৰণা কৰা হয় । সচৰাচৰ চুৰিনামত এনেদৰে সোণৰ সন্ধানত সুৰংগ নিৰ্মাণ কৰা প্ৰায়ে দেখা যায় ।
অৱশ্যে এতিয়াও স্পষ্ট হোৱা নাই যে কি কাৰণত দুৰ্ঘটনাটো সংঘটিত হ'ল । ৰাষ্ট্ৰপতি চান সন্তোখিয়ে জনোৱা মতে ঘটনাটোক লৈ এতিয়াও যথেষ্ট অনিশ্চয়তা আছে । প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণত গুৰুত্ব আৰোপ কৰিছে । ঘটনাটো সংঘটিত হোৱাৰ সময়ত সন্তোষীয়ে চৰকাৰী বাজেট সভাত অংশগ্ৰহণ কৰি আছিল ।
উল্লেখ্য যে চুৰিনাম সোণৰ খনিৰ বাবে বিশ্বজুৰি জনাজাত । আমেৰিকা আৰু কানাডিয়ান কোম্পানীবোৰে এনে কাৰ্যকলাপত যথেষ্ট বিনিয়োগ কৰে । শেহতীয়া বছৰবোৰত অবৈধ সোণৰ খননও বৃদ্ধি পাইছে ।
ইফালে দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত আছে । ধ্বংসাৱশেষৰ তলত অধিক শ্ৰমিক আৱদ্ধ হোৱাৰ আশংকা কৰিছে উদ্ধাৰকাৰী দলে । যাৰ বাবে উদ্ধাৰ অভিযানৰ ওপৰত তাৎক্ষণিকভাৱে গুৰুত্ব দিয়া হৈছে । এই ঘটনাৰ পাছত অবৈধ খননৰ কাৰ্যকলাপে প্ৰশাসনৰ ওপৰত পুনৰ এবাৰ তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে । এনে ধৰণৰ কাৰ্যকলাপৰ ওপৰত কঠোৰ পদক্ষেপ লোৱা স্বত্বেও অবৈধ খনন অব্যাহত আছে । ইফালে এই ঘটনাটোৱে স্পষ্ট কৰি দিছে যে দক্ষিণ আমেৰিকাৰ দেশখনত সোণ অবৈধ খনন কি ধৰণে বৃদ্ধি পাইছে ।
