বাংলাদেশত ভয়ংকৰ নাও দুৰ্ঘটনাত নিহত প্ৰায় 23 গৰাকী

author img

By

Published : Sep 25, 2022, 6:35 PM IST

at least 23 people died in boat accident in Bangladesh

বাংলাদেশৰ আউলিয়া ঘাটত সংঘটিত হৈছে এক ভয়ংকৰ নাও দুৰ্ঘটনা (Boat accident in Bangladesh) ৷ বৰ্তমানলৈকে এই নাও দুৰ্ঘটনাত প্ৰায় 23 গৰাকী যাত্ৰী নিহত হৈছে ৷ আনকি বৰ্তমানলৈকে সন্ধানহীন হৈ আছে 30 গৰাকীৰো অধিক যাত্ৰী ৷

নিউজ ডেস্ক, 25 ছেপ্টেম্বৰ : বাংলাদেশত সংঘটিত হৈছে এক নাও দুৰ্ঘটনা (Boat accident in Bangladesh) ৷ এই নাও দুৰ্ঘটনাত কমেও 23 গৰাকী যাত্ৰী নিহত হৈছে ৷ বৰ্তমানেও সন্ধানহীন হৈ আছে 30 গৰাকীৰো অধিক যাত্ৰী ৷ জানিব পৰা মতে, আউলিয়া ঘাটত সংঘটিত হৈছে এই শোকাৱহ নাও দুৰ্ঘটনাটো (Many people died in boat accident in Bangladesh) ৷

এই পৰ্যন্ত উদ্ধাৰ হোৱা মৃতদেহসমূহৰ ভিতৰত মহিলা আৰু শিশুও আছে বুলি জানিবলৈ দিয়ে দুৰ্ঘটনা সংঘটিত হোৱা উত্তৰ পঞ্চগড়ৰ জিলা প্ৰশাসক জাহুৰুল ইছলামে ৷ বৰ্তমানেও নিৰুদ্দেশ হোৱা লোকসকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে ৷ তথ্য অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত নাওখনত আছিল 70 গৰাকীৰো অধিক যাত্ৰী ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বাংলাদেশত বহুকেইটা এনে নাও দুৰ্ঘটনা সংঘটিত হৈছিল ৷

যোৱা বছৰ ডিচেম্বৰ মাহত সংঘটিত এক নাও দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল 37 গৰাকী যাত্ৰীয়ে ৷ একে বছৰেৰে নৱেম্বৰ মাহত সংঘটিত নাও দুৰ্ঘটনাত মৃত্যু হৈছিল 85 গৰাকী যাত্ৰীৰ ৷ একে মাহতে আন এক দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল 46 গৰাকী যাত্ৰীয়ে ৷

লগতে পঢ়ক : টিপ্পি জলপ্ৰপাতৰ সমীপত ভয়ংকৰ ভূমিস্খলন : পানীৰ সোঁতত উটি গ’ল বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.