১৬ ফেব্ৰুৱাৰীত ইউক্ৰেইন আক্ৰমণ কৰিব ৰাছিয়াই : ফেচবুক পোষ্টত ঘোষণা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ

author img

By

Published : Feb 15, 2022, 10:46 AM IST

১৬ ফেব্ৰুৱাৰীত ইউক্ৰেইনৰ ওপৰত চলিব পাৰে ৰাছিয়াৰ আক্ৰমণ ৷ ফেচবুক পোষ্ট যোগে এই আসংকা ব্যক্ত কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে (Ukrainian President Volodymyr Zelensky on Russian invasion ) ৷

ইন্টাৰনেশ্বনেল ডেস্ক, 15 ফেব্ৰুৱাৰী : ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে সোমবাৰে তেওঁৰ ফেচবুক পোষ্টত ১৬ ফেব্ৰুৱাৰীত ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ সম্ভাব্য আক্ৰমণৰ (Russian invasion on February 16) কথা উল্লেখ কৰিছে (Ukrainian President Zelensky in FB post) । ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত চলি থকা তীব্ৰ উত্তেজনাময় পৰিৱেশৰ মাজত ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ এই পোষ্টতো সমুখলৈ আহিছে । ফেচবুকত পোষ্ট যোগে তেওঁ তেওঁৰ ৰাষ্ট্ৰবাসীক সম্বোধন কৰি কয়, " আমাক জনোৱা হৈছে যে, ১৬ ফেব্ৰুৱাৰীৰ দিনটো আক্ৰমণৰ দিন হ'ব " ।

ইয়াৰোপৰি জেলেনস্কিয়ে লিখিছিল যে ইউক্ৰেইনত বুধবাৰে একতা দিৱস অনুষ্ঠিত হ'ব । এই সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশ ইতিমধ্যে প্ৰদান কৰা হৈছে৷ তথ্য অনুসৰি, ৰাছিয়াই ইউক্ৰেইনৰ সীমান্তৰ ওচৰত ১,০০,০০০ তকৈও অধিক সৈন্য মোতায়েন কৰিছে । এই ঘটনাই আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু নাটো মিত্ৰশক্তিৰ মাজত উদ্বেগ সৃষ্টি কৰিছে যে ৰাছিয়াই সামৰিক অনুপ্ৰৱেশৰ পৰিকল্পনা কৰিছে ।

অৱশ্যে, ৰাছিয়াই এনে ধৰণৰ কোনো পৰিকল্পনা ৰখাৰ কথা নিৰন্তৰ অস্বীকাৰ কৰি আহিছে । ইউক্ৰেইন, ৰাছিয়া আৰু নাটো ৰাষ্ট্ৰসমূহৰ বিষয়াসকলে অঞ্চলটোৰ উত্তেজনা হ্ৰাস কৰাৰ আশাৰে কেইবা সপ্তাহ ধৰি কূটনৈতিক আলোচনাত লিপ্ত হৈ আছে, কিন্তু কথোপকথনবোৰে কোনো সফলতা লাভ কৰা নাছিল । ইয়াৰ পূৰ্বে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে শনিবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে কথা পাতিছিল আৰু কৈছিল যে যদি ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰে তেন্তে ইয়াৰ ফল ভোগ কৰিব লাগিব ।

লগতে পঢ়ক : ভোটগ্ৰহণ কেন্দ্ৰৰ নিৰাপত্তা বিষয়াক ধমক উত্তৰাখণ্ড বিধানসভাৰ অধ্যক্ষ প্ৰেমচান্দ আগৰৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.