অ'মিক্ৰণৰ বিপদাশংকা এতিয়াও অতি বেছি হৈ আছে : Tedros Adhanom Ghebreyesus

author img

By

Published : Dec 29, 2021, 5:55 PM IST

Tedros Adhanom Ghebreyesus warns of high Omicroin risk

বৰ্তমান বিশ্বজুৰি অব্যাহত আছে ক'ভিড-১৯ৰ ভেৰিয়েণ্ট অ'মিক্ৰণৰ সংক্ৰমণ । ভয়াৱহ সংক্ৰমণ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰোছ অধানম ঘেব্ৰেয়েছাছে প্ৰকাশ কৰিছে যে, সামগ্ৰিকভাৱে ক'ভিডৰ নতুন ভেৰিয়েণ্টৰ সংক্ৰমণৰ বিপদাশংকা বৰ্তমান যথেষ্ট বেছি হৈ আছে(Tedros Adhanom Ghebreyesus on Omicroin infection)

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৯ ডিচেম্বৰ: বিশ্বৰ প্ৰায় ১০০ খন দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে ক'ভিড-১৯ৰ ভেৰিয়েণ্ট অ'মিক্ৰণৰ সংক্ৰমণ । দৈনিক আক্ৰান্তৰ বৰ্দ্ধিত সংখ্যাই চিন্তিত কৰি তুলিছে সকলোকে । ক'ভিড সম্পৰ্কীয় সাৱধনতা অৱলম্বন কৰিবলৈ সকলোকে বাৰে বাৰে সকীয়াই দিছে বিশ্ব স্বাস্থ্য সংস্থাই(WHO on Covid variant Omicron infection) । শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰোছ অধানম ঘেব্ৰেয়েছাছে বুধবাৰে পুনৰ সকীয়নি দিছে য়ে, অ'মিক্ৰণৰ সংক্ৰমণৰ বিপদাশংকা বৰ্তমান অতি বেছি হৈ আছে(Tedros Adhanom warns of high risk of Omicroin) ।

আনহাতে, বিশ্ব স্বাস্থ্য সংস্থাৰ মহামাৰী বিজ্ঞানৰ সাপ্তাহিক আপডেটত প্ৰকাশ পাইছে যে, ২০-২৬ ডিচেম্বৰ পৰ্যন্ত বিশ্বজুৰি নতুনকৈ আক্ৰান্ত হোৱা ক'ভিড ৰোগীৰ সংখ্যা আগৰ সপ্তাহৰ তুলনাত ১১ শতাংশ বৃদ্ধি পাইছে । ধাৰাবাহিকভাৱে প্ৰকাশিত তথ্যসমূহে প্ৰমাণ কৰিছে যে, ডেল্টা ভেৰিয়েণ্টতকৈ অ'মিক্ৰণৰ সংক্ৰমণ ২-৩ দিনৰ ভিতৰত দুগুণ বৃ্দ্ধি হোৱাৰ সম্ভাৱনা আছে । বিশ্ব স্বাস্থ্য সংস্থাই আমেৰিকা আৰু ইউৰোপৰ দেশবোৰৰ উদাহৰণ দাঙি ধৰি উল্লেখ কৰে যে, সংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে । অৱশ্যে, দক্ষিণ আফ্ৰিকাত এতিয়া অ'মিক্ৰণৰ সংক্ৰমণ হ্ৰাস হোৱা পৰিলক্ষিত হৈছে বুলি বিশ্ব স্বাস্থ্য সংস্থাই উল্লেখ কৰিছে ।

বিশ্ব স্বাস্থ্য সংস্থাই উল্লেখ কৰা মতে, সংক্ৰমণ বৃ্দ্ধিৰ লগতে অ'মিক্ৰণে ৰোগ প্ৰতিৰোধী প্ৰতিষেধকৰ প্ৰভাৱ নোহোৱা কৰি প্ৰতিষেধক গ্ৰহণ কৰা লোকক সংক্ৰমিত কৰিব পাৰে ।

ইউৰোপ, দক্ষিণ আফ্ৰিকা আৰু ডেনমাৰ্কৰ প্ৰাৰম্ভিক তথ্যৰ পৰা ধাৰণা কৰিব পৰা গৈছে যে, ডেল্টা ভেৰিয়েণ্টৰ তুলনাত অ'মিক্ৰণত আক্ৰান্তৰ চিকিৎসালয়ত ভৰ্তি হোৱাৰ আশংকা হ্ৰাস পাইছে । উল্লেখ্য যে, যোৱা মাহত দক্ষিণ আফ্ৰিকাত প্ৰথমগৰাকী অ'মিক্ৰণৰ আক্ৰান্ত ৰোগী চিনাক্ত কৰা হৈছিল । দক্ষিণ আফ্ৰিকাৰ স্বাস্থ্য কৰ্তৃপক্ষৰ লগতে আন দেশৰ স্বাস্থ্য বিশেষজ্ঞসকলেও সতৰ্ক কৰি দিছে যে, অ'মিক্ৰণ ভেৰিয়েণ্ট অধিক সংক্ৰামক । লগতে বিশেষজ্ঞসকলে কয় যে, এই ভেৰিয়েণ্টৰ দ্বাৰা আক্ৰান্ত হোৱা ৰোগীৰ দেহত মহামাৰীৰ মৃদু লক্ষণহে দেখা পোৱা যায় ।

লগতে পঢ়ক:মুম্বাইত দ্ৰুত গতিত বৃদ্ধি হৈছে COVID-19 ত আক্ৰান্তৰ সংখ্যা ; নতুনকৈ ১,৩৭৭ জন আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.