NATO report: ইউক্ৰেইনত মৃত্যু ৭০০০ ৰ পৰা ১৫০০০ ৰাছিয়ান সৈন্যৰ

author img

By

Published : Mar 24, 2022, 2:00 PM IST

NATO

ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধত ৰাছিয়াৰ ৭,০০০ৰ পৰা ১৫,০০০ হাজাৰ সেনাৰ মৃত্যু হৈছে (7000 to 15000 Russian soldiers killed in Ukraine)। প্ৰথমবাৰলৈ তথ্য প্ৰকাশ কৰিছে নাটোৱে । অৱশ্যে এই তথ্য গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে আমেৰিকাই । তথ্য প্ৰদান কৰা সূত্ৰৰ নিৰ্ভৰযোগ্যতা নাই বুলি সন্দেহ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই ।

ইণ্টাৰনেশ্যনেল ডেস্ক,২৪ মাৰ্চ : ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ অব্যাহত আছে (Russia Ukraine war)। ইতিমধ্যে ইউক্ৰেইনৰ কেইবাখনো চহৰ দখল কৰিছে ৰাছিয়া সেনাই । প্ৰতিমুহূৰ্ততে ইউক্ৰেইনত ৰাছিয়াই বোমা, মিছাইল, টেংকাৰ আদিৰে আক্ৰমণ অব্যাহত ৰাখিছে । ধ্বংসস্তুপত পৰিণত হৈছে ইউক্ৰেইনৰ বহু অঞ্চল (Many parts of Ukraine have been destroyed)।

লাখ লাখ লোকে ইউক্ৰেইনৰ পৰা পলায়ন কৰিছে । আনহাতে বহুলোকে বাংকাৰ আৰু সুৰক্ষিত স্থানত আশ্ৰয় লৈছে । ইফালে ৰাছিয়াৰ সেনাক বাধা দিবলৈ বিভিন্ন পন্থা হাতত লৈছে ইউক্ৰেইনৰ সেনা বাহিনীয়ে । বহু ক্ষেত্ৰত ৰাছিয়া সেনাৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে থিয় দিছে ইউক্ৰেইনৰ সেনা ।

দুয়োখন দেশৰে যথেষ্ট সেনাও এই যুদ্ধত শ্বহীদ হৈছে । দুয়োখন দেশে ইতিমধ্যে বিভিন্ন ধৰণৰ দাবী কৰিছে । কিন্তু ইয়াৰ মাজতে নাটোৱে প্ৰকাশ কৰিছে এক তথ্য । নাটোৰ তথ্য অনুসৰি চাৰি সপ্তাহৰ এই যুদ্ধত ৰাছিয়াৰ ৭,০০০ৰ পৰা ১৫,০০০ সেনা নিহত হৈছে (7000 to 15000 Russian soldiers killed in Ukraine)।

আনহাতে আফগানিস্তানত ১০ বছৰত ৰাছিয়াৰ প্ৰায় ১৫,০০০ সেনা নিহত হৈছিল । নাটোৰ এগৰাকী জ্যেষ্ঠ সামৰিক বিষয়াই জনোৱা মতে এই তথ্য ইউক্ৰেইন কৰ্তৃপক্ষৰ তথ্য ওপৰত আধাৰিত । অৱশ্যে নাটোৱে বিশেষ সূত্ৰৰ নাম প্ৰকাশ কৰাৰ পৰা বিৰত আছে ।

ইফালে ইউক্ৰেইনে যোৱা সপ্তাহত সামৰিক লোকচানৰ এক তথ্য প্ৰকাশ কৰিছে । ৰাষ্ট্ৰপতি জেলেনস্কিয়ে প্ৰায় দুসপ্তাহ পূৰ্বে জনাইছিল যে এই যুদ্ধত প্ৰায় ১,৩০০ ইউক্ৰেইনৰ সৈনিক নিহত হৈছে । বুধবাৰৰ দিনটোত ৰাজধানী কেইভ চহৰত ধাৰাষাৰ গুলীবৰ্ষণ হোৱা দেখা গৈছে । কৰ্তৃপক্ষই জনোৱা মতে যুদ্ধ আৰম্ভ হোৱাৰ পাছত ৰাজধানী চহৰত প্ৰায় ২৬৪ গৰাকী সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে । গুলীবৰ্ষণত পুনৰ আন এগৰাকী সাংবাদিকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে ।

ইফালে নাটোৰ আন এগৰাকী বিষয়াই জনোৱা মতে যুদ্ধত নিহত আৰু আহত হোৱা ৰাছিয়ান সেনাৰ সংখ্যা হৈছে ৩০-৪০ হাজাৰ । অৱশ্যে নাটোৰ শেহতীয়া তথ্যক লৈ সন্তুষ্ট নহয় আমেৰিকা যুক্তৰাষ্ট্ৰ । আমেৰিকাৰ মতে ৰাছিয়া বা ইউক্ৰেইন সেনাৰ মৃত্যুৰ এই তথ্য বিশ্বাস কৰাটো কঠিন । আমেৰিকাৰ মতে এই তথ্যৰ কোনো নিৰ্ভৰযোগ্যতা নাই ।

লগতে পঢ়ক :Russia Ukraine War : ৰাছিয়ান সেনাৰ দখলত ইউক্ৰেইনৰ মাৰিয়াপ’ল চহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.