ৰাছিয়াত ব্যৱসায় বন্ধ কৰিলে পেপচিকো, কোকাকোলা, ষ্টাৰবাকছে

author img

By

Published : Mar 9, 2022, 2:00 PM IST

McDonald's, Starbucks, PepsiCo, Coca-Cola suspend business in Russia

ইউক্ৰেইনত ৰাছিয়া সেনা বাহিনীৰ সামৰিক অভিযানক (Russian military operations in Ukraine) বিভিন্ন মহলে সমালোচনা কৰিছে । ৰাছিয়াৰ বিৰুদ্ধে পদক্ষেপ লৈছে বহু দেশে । ইয়াৰ অংশস্বৰূপে এইবাৰ ৰাছিয়াত ব্যৱসায় অস্থায়ীভাৱে বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে আমেৰিকাৰ পেপচিকো (PepsiCo), কোকা-কোলা (Coca-Cola), মেকডনাল্ডছ (McDonald's) আৰু ষ্টাৰবাকছ (Starbucks) কোম্পানীয়ে ।

ইণ্টাৰনেশ্যনেল ডেস্ক, ৯ মাৰ্চ : ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ (Russia Ukraine War) অব্যাহত আছে । ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ সামৰিক অভিযানক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াও অব্যাহত আছে । ৰাছিয়াৰ বিৰুদ্ধে ইতিমধ্যে বিভিন্ন দেশে বহু ক্ষেত্ৰত প্ৰতিবন্ধকতা জাৰি কৰিছে । ৰাছিয়াৰ বিৰুদ্ধে বিভিন্ন পদক্ষেপৰ অংশস্বৰূপে আনকি বিশ্বৰ ডাঙৰ ডাঙৰ কোম্পানী তথা প্ৰতিষ্ঠানবোৰে ৰাছিয়া ত্যাগ কৰিছে ।

ইয়াৰ মাজতে আমেৰিকাৰ কেইবাটাও বৃহৎ কোম্পানীৰ গুৰুত্বপূৰ্ণ ঘোষণা । আমেৰিকাৰ কোম্পানী পেপচিকো (PepsiCo) আৰু কোকাকোলা (Coca-Cola), মেকড’নাল্ডছ (McDonald's) আৰু ষ্টাৰবাকছ (Starbucks) কৰ্তৃপক্ষই ৰাছিয়াত তেওঁলোকৰ ব্যৱসায় সাময়িকভাৱে স্থগিত ৰাখিছে (American multinational company suspend business in Russia) । পেপচি-কোলা কোম্পানীয়ে ঘোষণা কৰা মতে, তেওঁলোকৰ অধীনত থকা পানীয় ছেভেন আপ (7Up) আৰু মিৰিণ্ডা (Mirinda) ব্ৰেণ্ডৰ বিক্ৰী ৰাছিয়াত স্থগিত ৰাখিছে । কেৱল এয়াই নহয়, ৰাছিয়াত মূলধন বিনিয়োগ আৰু সকলো বিজ্ঞাপন আৰু প্ৰচাৰমূলক কাৰ্যকলাপ স্থগিত ৰাখিব কোম্পানীটোৱে ।

অৱশ্যে, পেপচিকোৱে লগতে কয় যে তেওঁলোকে উৎপাদন কৰা দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী যেনে - গাখীৰ আৰু অন্যান্য দুগ্ধজাত সামগ্ৰী, কেঁচুৱাৰ খাদ্য আদি ৰাছিয়াৰ বজাৰত বিক্ৰী অব্যাহত ৰাখিব ।

কোকা-কোলা কোম্পানীয়েও এক প্ৰেছ বিজ্ঞপ্তিযোগে ঘোষণা কৰে যে, তেওঁলোকে ৰাছিয়াত ব্যৱসায় স্থগিত ৰাখিছে । উল্লেখ্য যে, দুয়োটা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্ৰেণ্ডে জনপ্ৰিয় শীতল পানীয় উৎপাদন কৰে । আমেৰিকান বহুজাতিক ফাষ্ট ফুড কৰ্পোৰেচন মেকড’নাল্ডছেও ৰাছিয়াত সকলো ৰেষ্টুৰেণ্ট বন্ধ ৰখাৰ কথা ঘোষণা কৰে । আনহাতে ষ্টাৰবাকচৰ মুখ্য কাৰ্যবাহী বিষয়া কেভিন জনছনে কয় যে ৰাছিয়াত কোম্পানীটোৰ সকলো ব্যৱসায়িক কাৰ্যকলাপ স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে ।

লগতে পঢ়ক : Most sanctioned country in world: বিশ্বৰ ভিতৰতে সৰ্বাধিক প্ৰতিবন্ধকতা থকা দেশ ৰাছিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.