পলায়নৰ পিছত প্ৰথমবাৰৰ বাবে ভিডিঅ' বাৰ্তা প্ৰেৰণ আশ্ৰফ ঘানিৰ

author img

By

Published : Aug 19, 2021, 12:54 PM IST

Afghan President Ashraf Ghani releases video

তালিবানে(Taliban) কাবুল দখল কৰি সমগ্ৰ দেশ নিজৰ নিয়ন্ত্ৰণলৈ নিয়াতো নিশ্চিত হোৱাৰ উমান পোৱাৰ পাচতে স্বদেশ, লাখ লাখ অসহায়, নিৰাপত্তাহীন, আতংকিত জনতাক এৰি পলায়ন কৰিছিল আফগানিস্তান(Afghanistan)ৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানি(Ashraf Ghani)এ ৷ সংকটৰ সময়ত দেশবাসীক এৰি যোৱাক লৈ আশ্ৰফ ঘানি নিজ দেশৰ নাগৰিকৰ লগতে আন বহুতৰে সমালোচনাৰ সন্মুখীন হৈছিল । অৱশেষত বুধবাৰে ঘানিয়ে এই অপবাদৰ বিৰোধিতা কৰি নিজৰ মতামত প্ৰকাশ কৰিলে এটা ভিডিঅ'ৰ জৰিয়তে । সাধাৰণ জনতাৰ তেজেৰে দেশখন অধিক ৰক্তাক্ত হোৱাৰ পৰা ৰক্ষা কৰাৰ এয়াই একমাত্ৰ উপায় আছিল বুলি মন্তব্য কৰিছে ঘানিয়ে ।

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৯ আগষ্ট: অৱশেষত দেশবাসীৰ ওচৰত কৈফিয়ৎ দিলে আফগানিস্তান(Afghanistan)ৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানি(Ashraf Ghani)এ । বুধবাৰে এক ভিডিঅ' বাৰ্তাৰ জৰিয়তে পলায়নৰ কাৰণ বৰ্ণনা কৰে ঘানিয়ে । তালিবানে আফগানিস্তাৰ এখনৰ পাচত আনখন মুখ্য চহৰ, গ্ৰামাঞ্চল দখল কৰি কাবুলৰ দিশে আগবাঢ়ি অহাৰ সময়তে দেশবাসীক এক ভয়ংকৰ সংকটৰ মাজতে এৰি ঘানি পলায়ন কৰিছিল ।

বুধবাৰে ভিডিঅ' বাৰ্তাৰ জৰিয়তে তেওঁ কয় যে, দেশখনত অধিক হিংসাত্মক পৰিস্থিতি সৃষ্টি হোৱা অথবা সাধাৰণ লোকৰ তেজেৰে দেশ ৰাঙলী হোৱাত বাধা দিয়াৰ বাবে তেওঁ পলায়ন কৰাটোৱেই একমাত্ৰ উপায় আছিল । আনহাতে, তাজিকিস্তানত থকা আফগানিস্তানৰ ৰাষ্ট্ৰদূতে অভিযোগ তুলিছে যে, ঘানিয়ে দেশৰ ৰাজকোষৰ পৰা বহু মিলিয়ন ডলাৰ চুৰি কৰি নিছে । কিন্তু, ঘানিয়ে এই অভিযোগ নস্যাৎ কৰিছে ।

ভিডিঅ'টোত তেওঁ কয় যে, চিৰিয়া আৰু য়েমেনৰ দৰে কাবুল অধিক ৰক্তাক্ত হোৱাটো তেওঁ বিচৰা নাছিল । সেয়েহে তেওঁ কাবুল ত্যাগৰ সিদ্ধান্ত লৈছিল ।

ঘানিয়ে লগতে কয় যে, যদি তেওঁ আফগানিস্তানৰ ৰাষ্ট্ৰপতি হৈ থাকিলহেতেন, বহু লোক ফাঁচীকাঠত ওলমিবলগীয়া হ'লহেতেন । এয়া আফগানিস্তানৰ ইতিহাসৰ এক ভয়ংকৰ সংকট হিচাপে চিহ্নিত হ'লহেতেন । তেওঁ কয় যে, তেওঁ সন্মানীয় মৃত্যুক ভয় নকৰে আৰু আফগানিস্তানক অসন্মান কৰাটো তেওঁৰ বাবে গ্ৰহণযোগ্য নাছিল । কিন্ত পৰিস্থিতিয়ে তেওঁ দেশ এৰিবলৈ বাধ্য কৰালে ।

তেওঁ কয় যে, আফগানিস্তান ধ্বংস, দেশখন আৰু বহু লোকক তেজেৰে ৰাঙলী হোৱাৰ পৰা ৰক্ষা পাবলৈহে তেওঁক আফগানিস্তানৰ পৰা বাহিৰলৈ লৈ যোৱা হৈছিল । ঘানিয়ে বুধবাৰে বিয়লি তেওঁৰ ফেচবুক পেজত এটা ভিডিঅ' পোষ্ট কৰি নিশ্চিত কৰিছিল যে তেওঁ আৰৱত আছে । তেওঁ এই বাৰ্তাৰ জৰিয়তে আফগান নিৰাপত্তা বাহিনীক ধন্যবাদ জ্ঞাপন কৰে ।

আৰৱৰ বৈদেশিক পৰিক্ৰমা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা মন্ত্ৰণালয়ে এক বিবৃতিযোগে জনাইছে যে, আফগান ৰাষ্ট্ৰপতি আশ্ৰফ ঘানি আৰু তেওঁৰ পৰিয়ালক মানৱীয়তাৰ খাতিৰত আৰৱে আদৰণি জনাইছে । আনহাতে ঘানিয়ে এই ভিডিঅ' বাৰ্তাৰ জৰিয়তে তাজিকিস্তানত থকা আফগানিস্তানৰ ৰাষ্ট্ৰদূতৰ এক অভিযোগো অস্বীকাৰ কৰে । ঘানিয়ে পলায়নৰ সময়ত আফগানিস্তানৰ ৰাজকোষৰ পৰা ১৬৯ নিযুত আমেৰিকান ডলাৰ চুৰি কৰিছিল বুলি ৰাষ্টদূতগৰাকীয়ে অভিযোগ তুলিছিল ।

ঘানিয়ে কৈছে যে, তেওঁৰ লগত সেই সময়ত কেৱল তেওঁ পৰিধান কৰি থকা পৰম্পৰাগত এযোৰ সাজ আৰু এযোৰ চেণ্ডেল আছিল । ৰাষ্টদূতগৰাকীৰ অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি মন্তব্য কৰে ঘানিয়ে । কাবুলত থকা ৰাছিয়াৰ ৰাষ্ট্ৰদূতেও অভিযোগ উত্থাপন কৰিছিল যে, ঘানিয়ে চাৰিখন গাড়ী আৰু নগদ ধনেৰে ভৰ্তি এখন হেলিকপ্টাৰ লৈ কাবুল ত্য়াগ কৰিছিল । তেওঁ অভিযোগ তুলিছিল যে, চাৰিওখন বাহন নগদ ধনেৰে ভৰি আছিল আৰু হেলিকপ্টাৰতো ধন লৈ যোৱা হৈছিল । আনকি লগত নিয়াৰ অসুবিধাৰ বাবে বহু পৰিমাণৰ ধন ৰাণৱেত পেলাই থৈ গৈছিল আশ্ৰফ ঘানিয়ে । কিন্তু ভিডিঅ'টোত ঘানিয়ে সকলো অভিযোগ নস্যাৎ কৰিছে ।

লগতে পঢ়ক:তালিবানৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলি লোৱা ছালিমা মাজাৰী আফগানিস্তানত বন্দী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.