SpaceX : পৃথিৱীৰ কক্ষপথৰ ভ্ৰমণ সামৰণি পেলালে চাৰিওগৰাকী মহাকাশ পৰ্যটকে

author img

By

Published : Sep 19, 2021, 11:19 AM IST

Trailblazing tourist trip to orbit ends with splashdown

শনিবাৰে SpaceX ৰ জৰিয়তে পৃথিৱীৰ কক্ষপথত কৰা পৰীক্ষামূলক ভ্ৰমণৰ সামৰণি পেলালে চাৰিওগৰাকী মহাকাশ পৰ্যটকে ৷ কোনো প্ৰশিক্ষিত মহাকাশচাৰী অবিহনে অপেচাদাৰী লোকে মহাকাশলৈ ভ্ৰমণ কৰা এইটোৱেই প্ৰথম যাত্ৰা ৷

ইণ্টাৰনেশ্যনেল ডেস্ক, 19 ছেপ্তেম্বৰ : শনিবাৰে SpaceX ৰ জৰিয়তে পৃথিৱীৰ কক্ষপথত কৰা পৰীক্ষামূলক ভ্ৰমণৰ সামৰণি পেলালে চাৰিওগৰাকী মহাকাশ পৰ্যটকে ৷ ভ্ৰমণৰ অন্তত ফ্ল’ৰিডা উপকুলৰ আটলাণ্টিকত অৱতৰণ কৰে ৷ সূৰ্যাস্তৰ কিছুসময় পূৰ্বে তেওঁলোকৰ SpaceX কেপচুলটো তেওঁলোকে তিনিদিন পূৰ্বে যাত্ৰা আৰম্ভ কৰা ঠাইডোখৰৰ পৰা কিছু দূৰত অৱতৰণ কৰে ৷

Trailblazing tourist trip to orbit ends with splashdown
SpaceX: পৃথিৱীৰ কক্ষপথৰ ভ্ৰমণ সামৰণি পেলালে চাৰিওগৰাকী মহাকাশ পৰ্যটকে

কোনো প্ৰশিক্ষিত মহাকাশচাৰী অবিহনে অপেচাদাৰী লোকে মহাকাশলৈ ভ্ৰমণ কৰা এইটোৱেই প্ৰথম যাত্ৰা ৷ SpaceX ৰ প্ৰতিষ্ঠাপক ইলন মাস্কে এই ভ্ৰমণৰ দ্বাৰা সকলোকে দেখুৱাব বিচাৰিছিল যে, সাধাৰণ লোকেও নিজে কোনো বিশেষ মহাকাশ প্ৰশিক্ষণ অবিহনেই পৃথিৱীৰ কক্ষপথত ভ্ৰমণ কৰিব পাৰে ৷ ইলন মাস্কে এই তিনিওগৰাকী মহাকাশ যাত্ৰীকে ‘ৰকেট চালনাকাৰী পৰ্যটক’ (Rocket Riding Tourist) হিচাপে নামাকৰণ কৰিছে ৷

Trailblazing tourist trip to orbit ends with splashdown
SpaceX: পৃথিৱীৰ কক্ষপথৰ ভ্ৰমণ সামৰণি পেলালে চাৰিওগৰাকী মহাকাশ পৰ্যটকে

SpaceX ৰ স্বয়ংক্ৰিয় ড্ৰেগন কেপচুলটো বুধবাৰে নিশা উৰণ আৰম্ভ কৰাৰ পিছত 363 মাইল (585 কিল’মিটাৰ) উচ্চতাত উপনীত হৈছিল । আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰক 100 মাইল (160 কিল’মিটাৰ) অতিক্ৰম কৰি যাত্ৰীসকলে কেপচুলটোৰ শীৰ্ষত যোগ দিয়া এটা ডাঙৰ গোলাকাৰ খিৰিকীৰ জৰিয়তে পৃথিৱীৰ দৃশ্যবোৰ উপভোগ কৰিছিল ।

লগতে পঢ়ক : তালিবান 2.0ৰ অধীনত আফগান মহিলা

১৯৬৯ চনত এপ’ল’ ৯ ৰ পিছত আটলাণ্টিকত উৰণ সমাপ্ত কৰা এই চাৰিওগৰাকীয়েই হ’ল প্ৰথম মহাকাশ ভ্ৰমণকাৰী । নাছাৰ বাবে মহাকাশচাৰী কঢ়িয়াই অনা SpaceXৰ আগৰ দুটা ক্ৰু splashdown ও মেক্সিকো উপসাগৰত আছিল ।

Trailblazing tourist trip to orbit ends with splashdown
SpaceX: পৃথিৱীৰ কক্ষপথৰ ভ্ৰমণ সামৰণি পেলালে চাৰিওগৰাকী মহাকাশ পৰ্যটকে

SpaceX ৰ এজন পৰিচালক বেঞ্জি ৰীডে NASA ৰ বাবে মহাকাশচাৰী উৎক্ষেপণৰ বাবে প্ৰায় ছয়খন ব্যক্তিগত বিমানৰ আশা কৰিছে । ইয়াৰ উপৰিও নাছাৰ প্ৰাক্তন মহাকাশচাৰীসকলৰ সৈতে ভ্ৰমণৰ বাবে ধন পৰিশোধ কৰা গ্ৰাহকসকলক মহাকাশ কেন্দ্ৰলৈ লৈ যোৱাৰ বাবে ইতিমধ্যে চাৰিখন SpaceX বিমান বুক কৰা হৈছে ।

প্ৰথমটো ভ্ৰমণ 2022 ৰ আৰম্ভণিতে পৰিকল্পনা কৰা হৈছে ৷ ইয়াৰ বাবে ইতিমধ্যে তিনিজন ব্যৱসায়ীয়ে ৫৫ নিযুত ডলাৰ পৰিশোধ কৰিছে । ইয়াৰ উপৰিও ৰাছিয়াই অহা মাহত চিত্ৰ গ্ৰহণৰ বাবে এজন অভিনেতা, চলচ্চিত্ৰ পৰিচালক আৰু ডিচেম্বৰত এজন জাপানী টাইকুনক (tycoon) লোৱাৰ পৰিকল্পনা কৰিছে ।

লগতে পঢ়ক : পৰিয়ালসহ পাকিস্তানত উপস্থিত আফগান মহিলা ফুটবল দলৰ খেলুৱৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.