ক্ৰমাৎ সুস্থ হৈ উঠিছে কিংবদন্তী খেলুৱৈ পেলে

author img

By

Published : Sep 18, 2021, 11:47 AM IST

Updated : Sep 19, 2021, 10:22 AM IST

Health condition of Pele

বৰ্তমান সুস্থিৰ হৈছে ব্ৰাজিলৰ প্ৰখ্যাত ফুটবল খেলুৱৈ পেলে(Pele)ৰ স্বাস্থ্যৰ অৱস্থা । উশাহ-নিশাহত অসুবিধা হোৱাৰ পিছতে শুকুৰবাৰে খেলুৱৈগৰাকীক এলবাৰ্ট আইনষ্টাইন চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল । বৰ্তমান তেওঁৰ স্বাস্থ্যৰ অৱস্থা পূৰ্বতকৈ সুস্থিৰ বুলি জানিবলৈ দিছে চিকিৎসালয় কৰ্তৃপক্ষই ।

স্প’ৰ্টছ ডেস্ক, ১৮ ছেপ্টেম্বৰ : ক্ৰমান্বয়ে সুস্থিৰ হৈছে দুভৰিৰ যাদুৰে বিশ্ববাসীৰ হৃদয় জয় কৰা কিংবদন্তী ফুটবল খেলুৱৈ পেলে(Pele)ৰ স্বাস্থ্যৰ অৱস্থা । শুকুৰবাৰে শ্বাস-প্ৰশ্বাসজনিত কাৰণত তেওঁক চাও পাওলোৰ এলবাৰ্ট আইনষ্টাইন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । বৰ্তমানেও চিকিৎসালয়খনৰ আই চি ইউতে আছে কিংবদন্তী ফুটবল খেলুৱৈগৰাকী । পূৰ্বতকৈ তেওঁৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ হৈছে ।

চিকিৎসালয় কৰ্তৃপক্ষই জনাইছে যে, চলিত মাহৰ আৰম্ভণিতে ব্ৰাজিলৰ প্ৰখ্যাত খেলুৱৈগৰাকীৰ মলাশয়ৰ টিউমাৰৰ বাবে অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছিল । শুকুৰবাৰে উশাহ-নিশাহ লোৱাত অসুবিধা হোৱাত তেওঁক চিকিৎসালয়খনৰ আই চি ইউলৈ স্থানান্তৰ কৰা হয় । পেলেৰ কন্যা কেলি নাচিমেণ্টো(Kely Nascimento)ৱে চিকিৎসালয়ত পিতৃৰ কাষতে ৰৈ থকা তেওঁৰ এখন ফটো ছ'চিয়েল মিডিয়াত পোষ্ট কৰাৰ পিছতে চিকিৎসালয় কৰ্তৃপক্ষই খেলুৱৈগৰাকীৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে উল্লেখ কৰি এক বিবৃতি প্ৰকাশ কৰে ।

নাচিমেণ্টোৱে ইনষ্টাগ্ৰাম পোষ্টযোগে ফটোখন শ্বেয়াৰ কৰি লিখিছে যে, তেওঁৰ পিতৃ পেলেৰ দৰে বয়সৰ এজন লোকৰ বাবে অস্ত্ৰোপচাৰৰ পিছত এনে অসুবিধা আহি পৰাতো এক স্বাভাৱিক কথা । এনেধৰণৰ অস্ত্ৰোপচাৰৰ পিছত, কেতিয়াবা ৰোগীগৰাকী অলপ সুস্থ হৈ উঠে আৰু কেতিয়াও অসুবিধাৰ সন্মুখীনো হ'বলগীয়া হয় । যোৱা ৬ ছেপ্টেম্বৰত চিকিৎসালয় কৰ্তৃপক্ষই জনাইছিল যে, পেলেৰ মলাশয়ৰ টিউমাৰৰ বাবে অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছে ।

তেওঁৰ নিয়মীয়া পৰীক্ষাৰ সময়ত সন্দেহজনক টিউমাৰটো চিনাক্ত কৰা হৈছিল আৰু ইয়াৰ পাছতে ৩১ আগষ্টৰ পৰা তেওঁ চিকিৎসাধীন হৈ থাকে । অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পাছত মঙলবাৰে তেওঁক আই চি ইউৰ পৰা উলিয়াই অনা হৈছিল । পিছত উশাহ লোৱাত অসুবিধা পোৱা বাবে শুকুৰবাৰে তেওঁক আই চি ইউলৈ নিয়া হয় । আনহাতে, কিংবদন্তী খেলুৱৈগৰাকীৰ স্বাস্থ্যক লৈ অনুৰাগীসকলক চিন্তিত হৈ পৰিছে ।

সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ফুটবল খেলুৱৈ হিচাপে জনাজাত পেলে বিগত কেইটামান বছৰ ধৰি স্বাস্থ্যজনিত সমস্যাত ভূগি আছে আৰু তেওঁৰ চিকিৎসা চলি আছে । পেলে হৈছে ক্ৰীড়া জগতৰ ইতিহাসৰ একমাত্ৰ খেলুৱৈ, যিয়ে তিনিবাৰ বিশ্বকাপত জয়ী হৈছিল । ১৯৫৮ চনত ব্ৰাজিলে প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰিছিল । মাত্ৰ ১৭ বছৰ বয়সত আয়োজক দেশ ছুইডেনৰ বিৰুদ্ধে চূড়ান্ত খেলত দুটা গ'লসহ বিশ্বত চমক সৃষ্টি কৰিছিল পেলেই ।

লগতে পঢ়ক: ৰাষ্ট্ৰীয় জিমনাষ্টিকছ দিৱস 2021

Last Updated :Sep 19, 2021, 10:22 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.