Barack Obama tests positive for COVID-19 : আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ দেহত ক’ভিড 19

author img

By

Published : Mar 14, 2022, 8:03 AM IST

Barack Obama tests positive for COVID-19

টুইটাৰৰ জৰিয়তে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ'বামাই দেওবাৰে ঘোষণা কৰে যে, তেওঁ ক’ভিড-১৯ ত আক্ৰান্ত (Barack Obama tests positive for COVID-19) হৈছে ৷

ইণ্টাৰনেশ্যনেল ডেস্ক, 14 মাৰ্চ : আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামা আক্ৰান্ত হৈছে কৰ’ণা ভাইৰাছত ৷ দেওবাৰে অ’বামাই টুইটযোগে সদৰী কৰে এই কথা ৷ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে কৰ’ণা ভাইৰাছৰ বাবে নমুনা পৰীক্ষা কৰিছিল ৷ তাতেই অ’বামা কৰ’ণাত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে (Barack Obama tests positive for COVID-19) ৷ অৱশ্যে অ’বামাৰ পত্নী মিছেল অ’বামা আক্ৰান্ত হোৱা নাই কৰ’ণাত ৷

বিগত কিছুদিন পূৰ্বৰে পৰা আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে ডিঙিত খজুৱতি অনুভৱ কৰি আছিল ৷ যাৰ বাবে তেওঁ কৰ’ণাৰ নমুনা পৰীক্ষা কৰে ৷ এই নমুনাৰ পৰীক্ষাতে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে ৷

  • I just tested positive for COVID. I’ve had a scratchy throat for a couple days, but am feeling fine otherwise. Michelle and I are grateful to be vaccinated and boosted, and she has tested negative.

    It’s a reminder to get vaccinated if you haven’t already, even as cases go down.

    — Barack Obama (@BarackObama) March 13, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

সংবাদ মাধ্যমত প্ৰকাশিত সূত্ৰ অনুসৰি, বিগত কিছুদিন পূৰ্বে তেওঁ ৱাছিংটন ডিচিৰ পৰা আহিছিল আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামা ৷

লগতে চাওক: চুইমিং পুল, হেলিপেড, মিনি-গল্ফ কোৰ্চ থকা পৃথিৱীৰ আটাইতকৈ দীঘল গাড়ীখন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.