Cannes 2023: কাঁ মহোৎসৱত এইবাৰ উৰ্বশীয়ে পৰিধান কৰিলে ব্যতিক্ৰমী সাজ ,চাওক ফটো
Updated: May 23, 2023, 5:22 PM |
Published: May 23, 2023, 5:22 PM
Published: May 23, 2023, 5:22 PM

বিদেশৰ পৰা উৰ্বশী ৰাউটেলাই শ্বেয়াৰ কৰিছে নিজৰ শেহতীয়া ছবি ৷ ২০২৩ চনৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰৱেশ কৰা উৰ্বশী ৰাউটেলাই পুনৰবাৰ সেউজীয়া সাজ-পোছাক পৰিধান কৰি ৰেড কাৰ্পেটত খোজ দিয়ে । অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত ধাৰাবাহিকভাৱে নিজৰ সুন্দৰ সুন্দৰ ফটো পোষ্ট কৰিছে ৷ চাওক অভিনেত্ৰীগৰাকীৰ শেহতীয়া ছবিকেইখন ৷

1/ 11
বলীউডৰ অভিনেত্ৰী উৰ্বশী ৰাউটেলাই যোৱা কেইদিনমানৰ পৰা কাঁ চলচ্চিত্ৰ মহোৎসৱ ২০২৩ ত নতুন ৰূপেৰে আধিপত্য বিস্তাৰ কৰিছে। কুমিৰৰ নেকেলেচৰ পৰা আৰম্ভ কৰি নীলা লিপষ্টিকলৈকে ছ’চিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীৰ প্ৰত্যেকটো লুকৰ চৰ্চা হৈছে ৷ শেহতীকৈ উৰ্বশী ৰাউটেলাই কাঁ ২০২৩ ত এনে ড্ৰেছ পৰিধান কৰিছে, যি সাজে পুনৰবাৰ ছ’চিয়েল মিডিয়াত চৰ্চিত হৈছে ৷ উল্লেখ্য যে, উৰ্বশীয়ে সেউজীয়া পাখিৰ গাউনৰ সৈতে মেচিং কেপ পৰিধান কৰি ৰেড কাৰ্পেটত খোজ দিয়ে ৷ ইয়াৰ লগে লগে অভিনেত্ৰীগৰাকীৰ নিৰ্মল জিলিকি থকা গাউনটোৰ সৌন্দৰ্য আৰু অধিক বাঢ়ি যায় । কাঁৰ পৰা উৰ্বশীয়ে নিজৰ ছবি শ্বেয়াৰ কৰা এয়াই প্ৰথম নহয় । ইয়াৰ পূৰ্বেই বহু ছবি শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে ৷ গতিকে চাও আহক অভিনেত্ৰীগৰাকীয়ে শেহতীয়াকৈ কাঁ চলচ্চিত্ৰ মহোৎসৱত পৰিধান কৰা ড্ৰেছৰ ছবি ৷

Loading...