Suhana Khan birthday special: এসময়ত পিতৃৰ লাইমলাইট ভাল নোপোৱা সুহানাই শীঘ্ৰেই কৰিব বলীউডত আত্মপ্ৰকাশ
Updated: May 22, 2023, 12:42 PM |
Published: May 22, 2023, 12:42 PM
Published: May 22, 2023, 12:42 PM

শ্বাহৰুখ খান আৰু গৌৰী খানৰ কন্যা সুহানা খান অন্যতম আদৰৰ চেলিব্ৰিটি কিড। যেতিয়াই সুহানা খানে বাহিৰলৈ ওলাই যায় বা ছ’চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰে সেই পোষ্টবোৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে ৷ ডিভাগৰাকীক ছ’চিয়েল মিডিয়াত যথেষ্ট অনুৰাগীয়ে অনুসৰণ কৰে । পিতৃৰ পদাংক অনুসৰণ কৰি অতি সোনকালে জ’য়া আখতাৰ পৰিচালনাত ‘দ্য আৰ্চিজ’ ছবিৰে বলীউডত আত্মপ্ৰকাশ কৰিব শ্বাহৰুখ কন্যাই । চলচ্চিত্ৰৰে জড়িত পৰিয়ালত জন্ম লোৱাৰ পিচতো সুহানাই নিজা ব্যক্তিগতৰে নিজৰ এক সুকীয়া স্থান গঢ়ি তুলিবলৈ সক্ষম হৈছে।

1/ 11
আজি (২২ মে’) বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান আৰু গৌৰি খানৰ প্ৰিয় কন্যা সুহানা খানৰ ২৩ সংখ্যক জন্মদিন ৷ সুহানাৰ জন্মদিনৰ এই বিশেষ ক্ষণ উপলক্ষে আজি আমি কম সুহানাৰ বিষয়ে বহু নজনা কথা ৷ এছ আৰ কেৰ কন্যা হোৱাৰ পিচতো সুহানাৰ ওপৰত কোনো হেঁচা নাই । ২০১৮ চনত এখন আগশাৰীৰ আলোচনীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সুহানাই কয় যে তেওঁ আৰু তেওঁৰ ভাতৃ আৰিয়ান যথেষ্ট সৰু আছিল যেতিয়া তেওঁলোকে উপলব্ধি কৰিছিল যে তেওঁলোকৰ শৈশৱ আনতকৈ পৃথক হ’ব । সুহানাই কয় যে প্ৰথম অৱস্থাত তেওঁৰ পিতৃ ছুপাৰষ্টাৰ হোৱাৰ বাবে মানুহৰ পৰা পোৱা মনোযোগক সুহানাই বৰ বিশেষ এটা ভাল পোৱা নাছিল ৷ কিয়নো সেই সময়ত সুহানা স্বাভাৱিকত জীৱন-যাপনৰ বাবে হাহাকাৰ কৰিছিল । সুহানাই লগতে কয় যে প্ৰায় পাঁচ বছৰ বয়সত শ্বাহৰুখে তাইক স্কুললৈ লৈ গৈছিল আৰু ওচৰ-চুবুৰীয়া সকলোৱে কেৱল দুয়োকে চাই আছিল । স্কুলৰ বাহিৰত সুহানাক সাৱটি ধৰিব বিচাৰিছিল শ্বাহৰুখে কিন্তু যিহেতু কিছুমান মানুহে দুয়োৰে চাই আছিল সেয়াহে সুহানাই পিতৃ নিজৰ পৰা আঁতৰাই ঠেলি দিছিল ৷ কাৰণ সুহানাৰ মতে সেই সময়ত পোৱা মনোযোগ আকৰ্ষণ শ্বাহৰুখৰ কন্যাই ভাল পোৱা নাছিল । অৱশেষত সুহানাই বুজি পালে যে যিহেতু সুহানাৰ পিতৃ এগৰাকী ছুপাষ্টাৰ গতিকে এনেকুৱা হ’ব স্বাভাৱিক ৷

Loading...