কে এল ৰাহুল-আথিয়া শেট্টীৰ বিয়াৰ ফটো চাওক
Updated on: Jan 30, 2023, 5:29 PM IST

আথিয়া শেট্টীক তেওঁৰ আইতাকে আগবঢ়োৱা এযোৰ আকৰ্ষণীয় কাণফুলি পিন্ধা দেখা গৈছে । হালধি অনুষ্ঠানৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ পিছত আথিয়াই এতিয়া তেওঁৰ অনুৰাগীসকলৰ সৈতে মেহেন্দী অনুষ্ঠানৰ ফটো শ্বেয়াৰ কৰিছে । এযোৰ চকু থৰ লগা চিকংকাৰী লেহেঙ্গা পিন্ধা আথিয়াক শেহতীয়া ছবিবোৰত আকৰ্ষণীয় দেখা গৈছে । ছবিবোৰত, অভিনেত্ৰীগৰাকীক তেওঁৰ দেউতাক সুনিল শেট্টীৰ সৈতে নৃত্য কৰা দেখা গৈছে । 2023 বৰ্ষৰ 23 জানুৱাৰীত পতি-পত্নী হিচাপে সামাজিক স্বীকৃতি লাভ কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ কে এল ৰাহুল আৰু অভিনেত্ৰী আথিয়া শেট্টীয়ে ৷ 90 দশকৰ জনপ্ৰিয় অভিনেতা সুনীল শেট্টীৰ কন্যা আথিয়া শেট্টীৰ ৰাহুলৰ সৈতে প্ৰেমে গৰম কৰি ৰাখিছিল বলীউডৰ আকাশ-বতাহ ৷ খাণ্ডালাস্থিত সুনীল শেট্টীৰ ফাৰ্মহাউচত বিয়াত বহে আথিয়া আৰু ৰাহুল ৷ গ’ল্ডেন হাৱাৰৰ সময়ত প্ৰেমিকযুগলে ফেৰা লয় ৷ তেওঁলোকৰ বিয়াৰ ফটোসমূহ সপোনপুৰীৰ ফটো যেন দেখা গৈছে ৷ ফটোসমূহত ৰাজকীয় যুটিৰ দৰে দেখা গৈছে দুয়োকে ৷ বিবাহ সম্পন্ন হোৱাৰ পিছত বাহিৰলৈ ওলাই আহি নৱদম্পতীয়ে পাপাৰাজ্জীৰ সন্মুখত ফটোৰ বাবে প’জ দিয়ে ৷ হাঁহি হাঁহি কেমেৰাৰ সন্মুখত ধৰা দিয়া আথিয়া-ৰাহুলক স্বৰ্গসুখত থকা যেন দেখা গ’ল ৷ বিখ্যাত ডিজাইনাৰ অনামিকা খান্নাৰ আকৰ্ষণীয় পোছাকত দুয়োৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ আইভৰী সাজত জীৱনৰ অন্যতম বিশেষ দিনটোত বিশেষকৈ সজাই তোলে দুয়োৱে নিজকে ৷ শনিবাৰে আথিয়াই বিয়াৰ পূৰ্বৰ অনুষ্ঠানৰ কিছু ফটো শ্বেয়াৰ কৰে য’ত ৰাহুলৰ সৈতে উষ্ম আলিংগন কৰা দেখা যায় অভিনেত্ৰী গৰাকীক ৷ শুকুৰবাৰে আথিয়া শেট্টী আৰু কে এল ৰাহুলে তেওঁলোকৰ হালধি অনুষ্ঠানৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল । ফটোসমূহত পৰিয়ালৰ প্ৰতিজন সদস্যকে উৎফুল্লিত ৰূপত দেখা গৈছে ৷ চাওক কে এল ৰাহুল আৰু আথিয়া শেট্টীৰ কেইখনমান ফটো -
