বৰুণ ধৱনৰ বিবাহ বাৰ্ষিকীত কিদৰে উপস্থিত হয় বি-টাউন তাৰকাসকল, চাওক
Published on: Jan 25, 2023, 3:46 PM IST |
Updated on: Jan 25, 2023, 3:46 PM IST
Updated on: Jan 25, 2023, 3:46 PM IST

2021 চনত, অভিনেতা বৰুণ ধৱন তেওঁৰ প্ৰেমিকা নাতাশা দালালৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল আৰু প্ৰেমিক যুগলে মঙলবাৰে তেওঁলোকৰ দ্বিতীয় বিবাহ বাৰ্ষিকী উদযাপন কৰে । বিশেষ দিনটো উপলক্ষে, বৰুণ আৰু নাতাশাই এটা পাৰ্টী ৰাখে য'ত বলীউডৰ বহু সংখ্যক চেলেব্ৰিটী উপস্থিত আছিল । বৰুণ আৰু নাতাশাৰ বিবাহ বাৰ্ষিকী অনুষ্ঠানত উপস্থিত হোৱা তাৰকাসকলে নিজৰ আকৰ্ষণীয় অৱতাৰেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ বৰুণৰ ঘনিষ্ঠ কৰণ জোহৰ আৰু শশাংক খৈতানক পাৰ্টীত দেখা গৈছিল । তাৰ লগতে এই অনুষ্ঠানত তেওঁৰ Jugjugg Jeeyo ৰ সহ তাৰকা অনিল কাপুৰ, নৱাব দুহিতা ছাৰা আলী খানকো দেখা গ’ল ৷ ড্ৰেছৰ লগতে ছাৰাৰ নাকত মৰা বেণ্ডেজটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ নীতিশ তিৱাৰী পৰিচালিত বাৱালত বৰুণে জাহ্নৱী কাপুৰৰ সৈতে অভিনয় কৰিছে ৷ পাৰ্টীলৈ বৰুণে জাহ্নৱীকো আমন্ত্ৰণ জনায় ৷ বৰুণক তেওঁৰ চলচ্চিত্ৰ নিৰ্মাতা পিতৃ ডেভিড ধৱনৰ সৈতে পাৰ্টীত ফটোৰ বাবে প’জ দিয়া দেখা গৈছিল । বৰুণ আৰু নাতাশাই আলিবাগৰ মেঞ্চন হাউচত ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ সদস্যৰ উপস্থিতিত বিবাহ পাশত আৱদ্ধ হৈছিল । চাওক বিবাহ বাৰ্ষিকী উদযাপনৰ কিছু ফটো-
1/ 13
বৰুণ ধৱনৰ বিবাহ বাৰ্ষিকীত কি দৰে উপস্থিত হয় বি-টাউন তাৰকাসকল, চাওক

Loading...