কাঁত চিণ্ডেৰেলা লুকেৰে অনুৰাগীৰ হৃদয় জয় কৰিছে অদিতি ৰাও হাইদাৰীয়ে, চাওক ফটো
Updated: May 26, 2023, 3:12 PM |
Published: May 26, 2023, 3:12 PM
Published: May 26, 2023, 3:12 PM

৭৬ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত শোভা অব্যাহত ৰাখিছে বলীউডৰ চেলিব্ৰিটিসকলে । শেহতীয়াকৈ অদিতি ৰাও হাইদাৰীয়েও কাঁৰ ৰেড কাৰ্পেটত উপস্থিত হৈ প্ৰথম লুকৰে সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হৈছে । চাওক অভিনেত্ৰীগৰাকীৰ কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ছবি ৷

1/ 12
এইবাৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত উৰ্বশী ৰাউটেলা, ছাৰা আলী খান, ছানী লিয়নি আৰু মৌনি ৰয়ৰ লগতে অদিতি ৰাও হাইদাৰীয়েও আত্মপ্ৰকাশ কৰে ৷ প্ৰথম দিনা নীলা ৰঙৰ গাউন পৰিধান কৰি কাঁ চলচ্চিত্ৰ মহোৎসৱত উপস্থিত হয় অভিনেত্ৰীগৰাকী ৷ একে সময়তে দ্বিতীয় লুকতো অবিনেত্ৰীগৰাকীৰ ধুনীয়া দেখা যায় ৷ এই গাউনটোত ৰাজকুমাৰীৰ দৰে দেখা পোৱা গৈছিল অদিতিক ৷ হালধীয়া ৰঙৰ ষ্ট্ৰেপলেছ গাউন পৰিধান কান ৰেড কাৰ্পেটত উপস্থিত হয় অদিতি । অভিনেত্ৰীগৰাকীয়ে পৰিধান কৰা হালধীয়া ৰঙৰ ছানশ্বাইন গাউনৰ সৈতে ৰাফেল পেটাৰ্ণ আছিল যিয়ে ইয়াক বল গাউনৰ ৰূপ দিছিল । অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰামত কিছু ছবি শ্বেয়াৰ কৰিছে, য’ত তেওঁক বিভিন্ন ভংগীমাৰে পোজ দিয়া দেখা যায় । ফেশ্বন ডিজাইনাৰ মাইকেল চিনকোৰ সংগ্ৰহৰ পৰা এই গাউনটো বাছি লৈছিল অদিতিয়ে। অদিতিৰ এই লুকটো ষ্টাইল কৰিছিল চেলিব্ৰিটি ষ্টাইলিষ্ট সমন ৰতনীয়ে । অভিনেত্ৰীগৰাকীৰ এই গাউনটোক প্লাংগিং স্কেয়াৰ নেকলাইন দিয়া হৈছিল, যাৰ সৈতে কৰ্চেটটো যোগ কৰা হৈছিল, যিটো টাইট ফিটিঙত আছিল ।

Loading...