Rang ghar National Drama Festival: কাছবা অৰ্ঘ্যৰ দুখনকৈ নাটকে মন্ত্ৰমুগ্ধ কৰিলে দৰ্শকক

author img

By

Published : Dec 3, 2022, 4:20 PM IST

The 30th National Rangghar Nat Mahotsav begins in Barpeta

বৰপেটাত চলি থকা ৰংঘৰ ৰাষ্ট্ৰীয় নাট মহোৎসৱত দ্বিতীয় নিশা কলকতাৰ ‘কাছবা অৰ্ঘ্য’ৰ ‘ম্যেকবেথ দ্য বাদ্য’ আৰু ‘আমেৰিকান ফুটবল’ মঞ্চস্থ ৷ নাট মহোৎসৱত মনীষ মিত্ৰৰ নাটকে মুহিলে দৰ্শকক ৷ 30 সংখ্যক ৰাষ্ট্ৰীয় নাট মহোৎসৱক লৈ আশাবাদী বৰপেটাবাসী ৷

বৰপেটা, 3 ডিচেম্বৰ : বৃহস্পতিবাৰৰ পৰা বৰপেটাত আৰম্ভ হৈছে '30 সংখ্যক ৰাষ্ট্ৰীয় ৰংঘৰ নাট মহোৎসৱ' ৷ এইবেলি ৰংঘৰ নাট মহোৎসৱত প্ৰথমবাৰৰ বাবে লেটিন আমেৰিকাৰ দেশ উৰুগুৱেৰ এটা নাট্য দলে বৰপেটাত নাট পৰিবেশন কৰিব (Rangghar Nat Mahotsav) ৷ তাকে লৈ অতিকে উৎসাহী আয়োজক সমিতিৰ লগতে সমগ্ৰ বৰপেটাবাসী ৷

ৰাষ্ট্ৰীয় ৰংঘৰ নাট মহোৎসৱ

ৰংঘৰ নাট মহোৎসৱৰ দ্বিতীয় নিশা কলকতাৰ ‘কাছবা অৰ্ঘ্য’ নামৰ নাট্যদলটোৱে মঞ্চস্থ কৰে ‘ম্যেকবেথ দ্য বাদ্য’ আৰু ‘আমেৰিকান ফুটবল’ নামৰ দুখনকৈ নাট ৷ প্ৰসিদ্ধ নাট্য নিৰ্দেশক, নাট লেখক মনীষ মিত্ৰৰ পৰিচালনাৰে মঞ্চস্থ কৰা নাট দুখনে ভিন্ন ৰস প্ৰদান কৰে উপস্থিত দৰ্শকক ৷ বিশ্ববিশ্ৰুত নাট্যকাৰ শ্বেক্সপীয়েৰৰ মেকবেথৰ দ্বন্দাত্মক দিশক এক নতুন সম্পৰীক্ষাৰে নতুন চিন্তাৰে নতুন আংগিকেৰে ৰচনা কৰা ‘ম্যেকবেথ দ্য বাদ্য’ত ঐশিক ৰায়চৌধুৰীৰ অনবদ্য অভিনয়ে এক নতুন সোৱাদ দিয়ে দৰ্শকক ৷

The 30th National Rangghar Nat Mahotsav begins in Barpeta
ৰাষ্ট্ৰীয় ৰংঘৰ নাট মহোৎসৱ

একেদৰে হেৰ'ল্ড পিন্টাৰৰ কবিতা ‘আমেৰিকান ফুটবল’ত লেখকৰ মত প্ৰকাশৰ অধিকাৰৰ বিৰুদ্ধে সমগ্ৰ বিশ্বজুৰি চলি থকা দমনক লৈ মনীষ মিত্ৰৰ আন এক অভিযোজনা ‘আমেৰিকান ফুটবল'এ দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখে ৷ বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত নাট মহোৎসৱত শুকুৰবাৰে নিশা নাট উপভোগ কৰে হিন্দী বোলছবি জগতৰ অভিনেতা তথা অপেছাদাৰী নাটকৰ প্ৰখ্যাত পৰিচালক মাকৰাণ্ড দেশপাণ্ডেই ৷ দেশৰ প্ৰখ্যাত অভিনেতা তথা পৰিচালক মাকৰাণ্ড দেশপাণ্ডেই বৰপেটাৰ ৰংঘৰ ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে পৰৱৰ্তী সময়তো বৰপেটালৈ অহাৰ ইচ্ছা ব্যক্ত কৰে ৷

The 30th National Rangghar Nat Mahotsav begins in Barpeta
ৰাষ্ট্ৰীয় ৰংঘৰ নাট মহোৎসৱ

ইপিনে বৰপেটাৰ ৰংঘৰ নাট মহোৎসৱক লৈ অতিকে আশাবাদী বৰপেটাৰ বিভিন্নজন ৷ সকলোৰে আশা- 30 বছৰ ধৰি দেশৰ প্ৰসিদ্ধ নাট পৰিচালকৰ নাটক আমন্ত্ৰণ কৰি বৰপেটাত নাট মহোৎসৱৰ যি নাট্য পৰম্পৰাৰ সৃষ্টি হৈছে সেয়া অনন্য হিচাপে পৰিচিত হৈ পৰিছে ৷ অৱশ্যে ৰংঘৰ নাট মহোৎসৱৰ যি বিশাল আয়োজন তাৰ তুলনাত ৰংঘৰ নাট মহোৎসৱৰ প্ৰচাৰ সীমিত বুলিও মন্তব্য কৰে বহুতে ৷

লগতে পঢ়ক : Rang Ghar national theatre fest : বৰপেটাত আৰম্ভ ৩০ সংখ্যক ৰংঘৰ নাট মহোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.