Sa Re Ga Ma Pa Li’l Champs: ছিকিমৰ জেটচেন ডোহনা লামাৰ শিৰত ছা ৰে গা মা পা লি’ল চেম্পছৰ বিজয়ী খিতাপ

author img

By

Published : Jan 23, 2023, 6:50 PM IST

Jetshen Dohna Lama

ছিকিমৰ পাকয়ংৰ 9 বছৰীয়া জেটচেন ডোহনা লামাক ছা ৰে গা মা পা লি’ল চেম্পছৰ বিজয়ী হিচাপে ঘোষণা কৰা হয় । আনহাতে 9 বছৰীয়া হৰ্ষ চিকন্দৰ আৰু 12 বছৰীয়া ধ্যানেশ্বৰী ঘাডগেক ক্ৰমান্বয়ে প্ৰথম আৰু দ্বিতীয় ৰানাৰ্ছ আপ হিচাপে ঘোষণা কৰা হয় (Sa Re Ga Ma Pa Li’l Champs)।

চিটাৰা ডেস্ক, 23 জানুৱাৰী : ছিকিমৰ পাকয়ংৰ 9 বছৰীয়া জেটচেন ডোহনা লামাক সংগীত ৰিয়েলিটী শ্ব’ ছা ৰে গা মা পা লি’ল চেম্পছৰ বিজয়ী হিচাপে নিৰ্বাচিত কৰা হৈছে । 2022 চনৰ 15 অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানৰ দেওবাৰে সামৰণি পৰে ৷ গ্ৰেণ্ড ফিনালেত বহু তাৰকা অতিথিয়ে অংশগ্ৰহণ কৰে ৷ বিশেষকৈ বলীউডৰ তাৰকা জেকী শ্ৰফ, চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ কাশ্যপ আৰু সংগীত পৰিচালক অমিত ত্ৰিবেদী উপস্থিত থাকে সামৰণি অনুষ্ঠানত ।

Jetshen Dohna Lama
জেটচেন ডোহনা লামাৰ হাতত বিজয়ী খিতাপ

অন্তিম খণ্ডৰ সময়ত শীৰ্ষ ছজন প্ৰতিযোগীয়ে নিজৰ শ্ৰেষ্ঠ অভিনয়ৰ সৈতে কঠোৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল । হৰ্ষ চিকন্দৰ, ৰাফা য়াছমিন, অথৰ্ৱ বাক্সী, অতনু মিশ্ৰ, জেটচেন ডোহনা লামা আৰু ধ্যানেশ্বৰী ঘাডগে শীৰ্ষ ছটা স্থানত আছিল যদিও জেটচেনেই আঁজুৰি আনে বিজয়ী খিতাপ । জেটচেনক শেষবাৰৰ বাবে প্ৰশংসা কৰিছিল হেমা মালিনীয়ে, যিয়ে তেওঁৰ কণ্ঠক কিংবদন্তি লতা মংগেশকাৰৰ সৈতে তুলনা কৰিছিল ।

জেটচেনক বিজয়ী হিচাপে নিৰ্বাচিত কৰি ট্ৰফী প্ৰদান কৰে বিচাৰক শংকৰ মহাদেৱন, অনু মালিক আৰু নীতি মোহনে । প্ৰথম আৰু দ্বিতীয় ৰানাৰ্ছ আপৰ স্থান ক্ৰমে হৰ্ষ চিকন্দৰ (9) আৰু 12 বছৰীয়া ধ্যানেশ্বৰী ঘাডগে । এই খণ্ডটোত জেকী শ্ৰফে মঞ্জিৰাৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু অমিত ত্ৰিবেদীয়ে জেটচেনক তেওঁৰ সৈতে মঞ্চত Pareshaan গাবলৈ অনুৰোধ কৰিছিল ।

ৰক সংগীতৰ ডাঙৰ অনুৰাগী জেটচেনে তিনি বছৰ বয়সৰ পৰাই গান গাবলৈ আৰম্ভ কৰিছিল । ট্ৰফী জয় কৰাৰ পাছত 9 বছৰীয়া ছাত্ৰীগৰাকীয়ে নিজৰ অনুভৱ প্ৰকাশ কৰি কয়, "এয়া সপোন পূৰণ হোৱাৰ দৰেই । প্ৰতিযোগিতাখন কঠিন আছিল কাৰণ সকলো প্ৰতিযোগীয়ে অতি প্ৰতিভাশালী । মোৰ যাত্ৰা মোৰ বাবে এক শিক্ষণ অভিজ্ঞতা হৈ আহিছে আৰু মই মোৰ সকলো পৰামৰ্শদাতাৰ প্ৰতি কৃতজ্ঞ যিসকলে মোক নিৰন্তৰ সমৰ্থন কৰি আহিছে আৰু এগৰাকী কণ্ঠশিল্পী হিচাপে মোৰ সম্ভাৱনা বুজাত মোক সহায় কৰিছে" ৷ সামৰণিত লামাই এই কথা উল্লেখ কৰি কয়, "মই নিশ্চিতভাৱে মোৰ লগত স্মৃতিৰ এটা টোপোলা লৈ গৈছো আৰু মোৰ নতুন গানৰ যাত্ৰাৰ বাবে অপেক্ষা কৰি আছোঁ" ৷

জেটছেনৰ প্ৰদৰ্শন সন্দৰ্ভত মন্তব্য কৰি মহাদেৱনে কয়, ''জেটচনে গোটেই চিজনত নিৰন্তৰভাৱে সৰ্বোচ্চ পৰ্যায়ত প্ৰদৰ্শন কৰি আহিছে আৰু সপ্তাহৰ পিছত সপ্তাহ ধৰি তেওঁৰ গান গোৱাৰ দক্ষতা নিখুঁত কৰাৰ দিশত কাম কৰি আহিছে । মই সঁচাকৈয়ে তেওঁক এই চিজনত এগৰাকী গায়িকা হিচাপে বিকশিত হোৱা দেখিছোঁ" ৷ নীতিয়ে বিজয়ীগৰাকীক অভিনন্দন জনাই এইদৰে কয়, "মই গোটেই চিজনটোত তেওঁৰ প্ৰদৰ্শন ভাল পাই আহিছো আৰু উপভোগ কৰি আহিছো । মই বিশ্বাস কৰোঁ যে তেওঁ সঁচাকৈয়ে এগৰাকী বহুমুখী গায়িকা যাৰ উদ্যোগটোত কেৰিয়াৰ গঢ়ি তোলাৰ সম্ভাৱনা আছে" ৷

অনু মালিকে জেটচেনক শুভেচ্ছা জ্ঞাপন কৰি কয় যে, "তেওঁৰ গান শুনি সদায় আনন্দৰ সৃষ্টি হৈ আহিছে । এই চিজনৰ আৰম্ভণিৰ পৰাই আমি তেওঁৰ দক্ষতা বৃদ্ধি হোৱা দেখিবলৈ পাইছো । মই নিশ্চিত যে তেওঁৰ সন্মুখত এক উজ্জ্বল ভৱিষ্যত আছে" ৷

লগতে পঢ়ক : Royal Miss Diva Universe 2022: মুম্বাইত উজলিল টিংখাঙৰ জীয়াৰী পাহাৰী গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.