ষঠ পূজা পালন কৰিছে টিভিৰ সীতা ওৰফে দীপিকা চিখলিয়াই, চাওক ভিডিঅ’
Published: Nov 20, 2023, 12:58 PM

ষঠ পূজা পালন কৰিছে টিভিৰ সীতা ওৰফে দীপিকা চিখলিয়াই, চাওক ভিডিঅ’
Published: Nov 20, 2023, 12:58 PM
Chhath Puja 2023 : এই সময়ত দেশৰ বহু ঠাইত পালন কৰা হৈছে ষঠ পূজা । ইফালে টিভিৰ সীতা অৰ্থাৎ দীপিকা চিখলিয়াইও পালন কৰিছে ষঠ পূজা । ইয়াৰে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে ।
চিটাৰা ডেস্ক, 20 নৱেম্বৰ : টিভি ধাৰাবাহিক ৰামায়ণত সীতাৰ চৰিত্ৰত অভিনয় কৰি প্ৰতি ঘৰে ঘৰে জনপ্ৰিয় হৈ পৰা দীপিকা চিখলীয়া প্ৰায়ে কিবা নহয়, কিবা কাৰণত বাতৰিৰ শিৰোনামত থাকে । আজিও দৰ্শকে তেওঁক কেৱল সীতাৰ চৰিত্ৰতহে দেখে ।
প্ৰায়ে অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত অনুৰাগীৰ বাবে শ্বেয়াৰ কৰে পোষ্ট । শেহতীয়াকৈ পবিত্ৰ উৎসৱ ষঠ পূজাক লৈ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে । অভিনেত্ৰীগৰাকীয়ে এই পবিত্ৰ উৎসৱটো অতি আড়ম্বৰেৰে উদযাপন কৰিছে ।
টিভিৰ সীতা ওৰফে দীপিকা চিখলীয়াই উদযাপন কৰিছে ষঠ পূজা
দীপিকাই নিজৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে । এই ভিডিঅ’টোত ৰঙা শাৰী পৰিধান কৰা অভিনেত্ৰীগৰাকীক অতি সুন্দৰ দেখা গৈছে । হাতত দেখা গৈছে পূজাৰ সামগ্ৰী । এই বিশেষ উৎসৱৰ বাবে অভিনেত্ৰীগৰাকীয়ে সম্পূৰ্ণৰূপে পৰম্পৰাগত শৈলীত সাজ-পোছাক পৰিধান কৰিছে ।
ভিডিঅ’টোত দেখা গৈছে ৰামায়ণৰ ৰাম ওৰফে অৰুণ গোবিলৰ সৈতে দীপিকাক । দুয়োগৰাকীক ষঠ পূজাৰ সামগ্ৰী কঢ়িয়াই অনা দেখা গৈছে । ইয়াৰ পিচত দীপিকা আৰু অৰুণক মূৰ তল কৰি ষষ্ঠী মাতাৰ পূজা কৰা দেখা গৈছে । অৱশ্যে এই ভিডিঅ’টো পুৰণি আৰু এটা শ্ব’ৰ সময়ত লোৱা দৃশ্যৰহে ভিডিঅ’ ।
উল্লেখ্য যে, দীপিকা চিখলিয়াই নিজৰ নতুন অনুষ্ঠানৰ চেটত এই উৎসৱ উদযাপন কৰিছে । আন এটা ভিডিঅ’ পোষ্ট কৰিছে অভিনেত্ৰীগৰাকীয়ে, য’ত দীপিকাক তেওঁৰ শ্ব’ৰ ষ্টাৰ কাষ্টৰ সৈতে থিয় হৈ থকা দেখা গৈছে । ভিডিঅ’টোত তেওঁ সকলো অনুৰাগীক ষঠ পূজাৰ অভিনন্দন জ্ঞাপন কৰিছে ।
এই ভিডিঅ’টোত অভিনেত্ৰীগৰাকীয়ে কয়- ‘‘নমস্কাৰ, ইয়াত আজি আমি সকলোৱে ষঠ উৎসৱৰ শ্বুটিং কৰি আছো । আপোনালোক সকলোকে ষষ্ঠী মাতাৰ শুভেচ্ছা জনালো । কোৱা জয় ষষ্ঠী মাতা’’ । বৰ্তমান দীপিকাক দেখা গৈছে ধাৰাবাহিক ধৰ্মীপুত্ৰ নন্দনীত ।
