Vikram Vedha Trailer: ন্যায়ৰ যুঁজত ছৈফ আলী খান আৰু হৃত্বিক ৰোশন

author img

By

Published : Sep 8, 2022, 9:00 PM IST

Vikram Vedha

হৃত্বিক ৰোশন আৰু ছৈফ আলী খান অভিনীত ছবি বিক্ৰম বেধাৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে । ট্ৰেইলাৰত দুয়োজনকে ইজনে সিজনৰ পিছত দৌৰি থকা দেখিবলৈ পোৱা গৈছে ৷ ট্ৰেইলাৰটো অতি শক্তিশালী ৰূপত দৰ্শকৰ মাজলৈ এৰি দিয়া হৈছে ৷

চিটাৰা ডেস্ক, 8 ছেপ্টেম্বৰ : বৃহস্পতিবাৰে মুক্তি পালে হৃত্বিক ৰোশন আৰু ছৈফ আলী খান অভিনীত ছবি বিক্ৰম-বেধাৰ ট্ৰেইলাৰ । ইয়াৰ পূৰ্বে 24 আগষ্টত মুক্তি লাভ কৰিছিল ‘বিক্ৰম-বেধা’ ছবিখনৰ টিজাৰ । টিজাৰত দুয়োগৰাকী তাৰকাক শক্তিশালী ৰূপত দেখা গৈছিল ।

ট্ৰেইলাৰতো দেখা গৈছে দুয়োজন তাৰকাৰ এক্সনধৰ্মী অৱতাৰ । ছবিখন পৰিচালনা কৰিছে পুষ্কৰ আৰু গায়ত্ৰীয়ে । ই হৈছে তামিল ছবি বিক্ৰম বেধাৰ হিন্দী ৰিমেক (Vikram Vedha bollywood movie) । ইয়াৰ পূৰ্বে হৃতিকে ছবিখনৰ ছেটৰ পৰা আতংকিত আৰু সজীৱ ফটো শ্বেয়াৰ কৰিছিল । ৰাধিকা আপ্তেকো এই ছবিখনত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা গৈছে ।

2.50 মিনিটৰ এই ট্ৰেইলাৰটোত হৃত্বিক আৰু ছৈফ আলী খানৰ তীক্ষ্ণ লুক দেখিবলৈ পোৱা গৈছে ৷ দুয়োৰে মাজত আৰম্ভণিৰ পৰা শেষলৈকে যুঁজেই চলি আছে ৷ ট্ৰেইলাৰটো চাই সৎ আৰু অসৎৰ মাজত যুঁজ চলি থকা যেন অনুমান হয় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

কিন্তু ছবিখনৰ এটা ডায়লগে সকলোকে বিবুধিত পেলাই য’ত কোৱা হয় Iss kahani mein sach aur jhooth dono hi galat hain ! ছবিখনত ছৈফ আলী খানৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিছে ৰাধিকা আপ্তেই ৷ সঁচা মিছাৰ যুঁজত পিছলৈ স্বামী-স্ত্ৰীৰ মাজতো তৰ্কাতৰ্কি হোৱা দেখা যায় ৷

পিছে হৃত্বিক আৰু ছৈফ আলী খানৰ যুটি সাংঘাতিক ধৰণে আকৰ্ষণীয়কৈ দৰ্শকৰ আগত উপস্থাপন কৰা হৈছে ৷ অনুৰাগীয়ে পছন্দ কৰিছে ট্ৰেইলাৰটো ৷

হৃত্বিক আৰু ছৈফৰ সৈতে কাম কৰাৰ অভিজ্ঞতাৰ ওপৰত পৰিচালক পুষ্কৰ আৰু গায়ত্ৰীয়ে কয়, "চুপাৰষ্টাৰ হৃত্বিক আৰু ছৈফৰ সৈতে শ্বুটিং কৰি এক আচৰিত অভিজ্ঞতা হৈছে ৷ আমাৰ চুপাৰ টেলেণ্টেড ক্ৰুৰ সৈতে আমি চিত্ৰনাট্য পৰ্যায়ত যি কল্পনা কৰিছিলো, সেইখিনি লাভ কৰিবলৈ সক্ষম হৈছো"।

তিনি বছৰৰ মূৰত ডাঙৰ পৰ্দালৈ ঘূৰি আহিছে হৃত্বিক ৰোশন । হৃত্বিক কৈছিল, ‘বেধাৰ চৰিত্ৰ ৰূপায়ন কৰা আৰু ইয়াৰ ওপৰত কৰা মোৰ কাম বাকীবোৰতকৈ পৃথক, কিয়নো মই নায়ক হোৱাৰ ভাবমূৰ্তি ভাঙি অভিনয়ৰ পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়িবলগীয়া হৈছিল । হৃত্বিকে আৰু কয় যে ছবিখনত ছৈফ আলী খানকে ধৰি সকলো অভিনেতাৰ সৈতে কাম কৰি তেওঁ এক নতুন অভিজ্ঞতা লাভ কৰে ।

আপোনালোকক জনাওঁ যে চলিত বৰ্ষৰ 30 ছেপ্টেম্বৰত মুক্তি পাব ছবিখনে ।

লগতে পঢ়ক : Assamese movie Bulu Film:অসমত দেখোন চাৰিওফালে এতিয়া বুলু ফিল্মৰ জ্বৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.