Sukesh Chandrasekhar-Nora Fatehi case: সুকেশ চন্দ্ৰশেখৰৰ দাবী- নোৰা ফাতেহীয়ে পৰিয়ালৰ বাবে ঘৰ কিনিবলৈ টকা বিচাৰিছিল

author img

By

Published : Jan 24, 2023, 7:08 PM IST

sukesh chandrasekhar

নোৰা ফাতেহীয়ে আদালতত এটা বিবৃতি দিছিল যে সুকেশ চন্দ্ৰশেখৰে নিজৰ স্বাৰ্থ পূৰণ কৰাৰ বিনিময়ত তেওঁক যিকোনো দিবলৈ সাজু আছিল ৷ এতিয়া সুকেশে কৈছে যে নোৰাই নিজক বচাই চলিবলৈ এনেদৰে কৈছিল (Sukesh Chandrasekhar on Nora Fatehi )। সুকেশে দাবী কৰিছে যে নোৰাই নিজৰ পৰিয়ালৰ বাবে এটা ঘৰ কিনিবলৈ তেওঁৰ পৰা টকা বিচাৰিছিল আৰু জেকলিনৰ পৰাও আঁতৰি থাকিবলৈ কৈছিল ।

চিটাৰা ডেস্ক, 24 জানুৱাৰী : শেহতীয়াকৈ বলীউডৰ বিখ্যাত নৃত্যশিল্পী নোৰা ফাতেহীয়ে 200 কোটি টকা সৰবৰাহত জড়িত ঠগবাজ সুকেশ চন্দ্ৰশেখৰৰ বিষয়ে কৈছিল যে সুকেশে তেওঁৰ সন্মুখত এটা অফাৰ দিছিল যে তেওঁৰ প্ৰেমিকা হৈ থাকিলে নোৰাই তাৰ বিনিময়ত বহু উপহাৰ পাব । 2023 চনৰ 13 জানুৱাৰীত দিল্লীৰ পাটিয়ালা হাউচ ক’ৰ্টত এই মন্তব্য দিছিল নোৰাই । এতিয়া নোৰাৰ এই বক্তব্যৰ ওপৰত প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰৰ বক্তব্য চৰ্চালৈ আহিছে । সুকেশে স্পষ্টকৈ কৈছে যে নোৰাই তেওঁৰ পৰা পৰিয়ালৰ বাবে ঘৰ কিনিবলৈ টকা বিচাৰিছিল । সুকেশে উদঙাই দিছে নোৰাৰ বহুতো গোপন কথা । সুকেশে লগতে এনে কিছু কথাও কৈছে যিবোৰ কোৱাৰ যোগ্যও নাছিল ।

মৰক্কোত ঘৰ কিনিবলৈ টকা বিচাৰিছিল নোৰা ফাতেহীয়ে - সুকেশ চন্দ্ৰশেখৰ

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি সুকেশে তেওঁৰ বক্তব্যত দাবী কৰিছে , "নোৰা ফাতেহীয়ে বিচাৰিছিল যে মই জেকলিন ফাৰ্ণাণ্ডেজৰ পৰা আঁতৰি থাকো, মোৰ লগত জেকলিনক দেখি নোৰাৰ ঈৰ্ষা হৈছিল ৷ নোৰাই মোক মৰক্কোত ঘৰ কিনিবলৈ ধন বিচাৰিছিল আৰু মই দিছিলোঁও ৷ নোৰাই মোক বহুত অশান্তি দিলে" । সুকেশে লগতে আৰু কয়, " এতিয়া নোৰাই মোক তেওঁক ঘৰ দিয়াৰ অভিযোগ তুলিছে, কিন্তু তেওঁ মোক নিজেই টকা বিচাৰিছিল, তেওঁ মৰক্কোৰ কাছাব্লাংকাত পৰিয়ালটোৰ বাবে ঘৰ কিনিবলৈ টকা বিচাৰিছিল, কিন্তু এতিয়া তেওঁ এটা কাহিনী তৈয়াৰ কৰি লৈছে নিজকে বচাবলৈ"।

নোৰাক দামী গাড়ী এখন উপহাৰ দিছিলো - সুকেশ

ঠগবাজ সুকেশে আগলৈ কয়, "এতিয়া নোৰাই কৈছে যে তেওঁ গাড়ী বিচৰা নাছিল, কিন্তু বাস্তৱত কথাটো হ'ল যে তেওঁৰ এখন সস্তীয়া গাড়ী আছিল আৰু মই তেওঁক এখন নতুন গাড়ী উপহাৰ দিছিলো ৷ নোৰাই এখন মাৰ্চিডিজ চি এল এ গাড়ী সস্তীয়া বুলি ভাবিছিল, সেয়েহে তেওঁ মোক এখন দামী গাড়ী বিচাৰিছিল । মই বিচাৰিলে নোৰাক এখন ৰেঞ্জ ৰোভাৰ গাড়ী দিব পাৰিলোহেঁতেন, কিন্তু সেই সময়ত ই মজুত নাছিল, সেয়েহে মই নোৰাক এখন বি এম ডব্লিউ এছ চিৰিজ গাড়ী দিছিলো, নোৰাই বহু বছৰ ধৰি এই গাড়ীখনত ঘূৰি ফুৰিছিল" ।

বান্ধৱীৰ স্বামীৰ নামেৰে কিনিছিল গাড়ী - সুকেশ

সুকেশে আৰু কয় যে, 'নোৰা ভাৰতৰ নহয়, সেয়েহে তেওঁ গাড়ীখন কিনিবলৈ তেওঁৰ বান্ধৱীৰ স্বামীৰ নামত গাড়ীখন পঞ্জীয়ন কৰিছিল । এই গোচৰটোৰ পৰৱৰ্তী শুনানি 15 ফেব্ৰুৱাৰী, 2023 তাৰিখে দিল্লীৰ পাটিয়ালা হাউচ আদালতত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক : আথিয়া শেট্টী আৰু কে এল ৰাহুলৰ বিয়াৰ ফটো চাওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.