Anant Radhika Engagement: অনন্ত-ৰাধিকাৰ বাগদান অনুষ্ঠানত বলিউড তাৰকাৰ সমাহাৰ

Anant Radhika Engagement: অনন্ত-ৰাধিকাৰ বাগদান অনুষ্ঠানত বলিউড তাৰকাৰ সমাহাৰ
উদ্যোগপতি মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ বাগদান সম্পন্ন(Anant Ambani got engaged to Radhika Merchant) ৷ সম্পূৰ্ণ গুজৰাটী পৰম্পৰাৰে এই বাগদান অনুষ্ঠানৰ আয়োজন কৰা হৈছিল ৷ গোল ধন আৰু চুনাৰী বিধিৰ দৰে পুৰণি গুজৰাটী ৰীতি-নীতিৰে এই বাগদান অনুষ্ঠান সম্পন্ন হৈছিল ৷ এই বাগদান অনুষ্ঠানত অংশ লয় বলিউডৰ বহু তাৰকাই ৷
নিউজ ডেস্ক, 20 জানুৱাৰী: উদ্যোগপতি মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ ৰাধিকা মাৰ্চেণ্টৰ সৈতে বাগদান সম্পন্ন হয়(Anant Ambani got engaged to Radhika Merchant) ৷ মুম্বাইস্থিত আম্বানীৰ বাসভৱন এণ্টিলিয়াত বৃহস্পতিবাৰে দুয়োৰে বাগদান সম্পন্ন হয় ৷ অনন্ত আৰু ৰাধিকাৰ বাগদান অনুষ্ঠানত বলীউডৰ কেইবাগৰাকী তাৰকা উপস্থিত থাকে(Celebs attend Anant Radhikas engagement) ৷
অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চন কন্যা আৰাধ্যাৰ সৈতে অনন্ত-ৰাধিকাৰ বাগদান অনুষ্ঠানত উপস্থিত হৈছিল ৷ মাতৃ-কন্যাৰ যুটিক পৰম্পৰাগত পোছাকত ধুনীয়া দেখা গৈছিল ।
অভিনেতা শ্বাহৰুখ খান তেওঁৰ পত্নী গৌৰী খানে পুত্ৰ আৰিয়ান খানৰ সৈতে অনন্ত-ৰাধিকাৰ বাগদানত অনুষ্ঠানত উপস্থিত হৈছিল । 'চক দে ইণ্ডিয়া' অভিনেতাজনে সংবাদ মাধ্যমক এৰাই চলিছিল কিন্তু পৰম্পৰাগত ক'লা পোছাকত আম্বানীৰ বাসগৃহত প্ৰৱেশ কৰা দৃশ্য কেমেৰাত বন্দী হৈছিল ।
আৰিয়ানে মাতৃ গৌৰী খানৰ সৈতে অল-ব্লেক চুট পিন্ধি পোজ দিয়া দেখা গৈছিল । ৰূপালী লেহেঙ্গাত গৌৰীক অত্যন্ত ধুনীয়া লাগিছিল ।
অভিনেতা ৰণবীৰ সিং আৰু দীপিকা পাডুকনে বাগদান অনুষ্ঠানত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ৷ চুলিত খোপা বান্ধি আৰু ৰঙা শাৰীত দীপিকাক অত্যন্ত ধুনীয়া লাগিছিল ৷ আনহাতে, ৰণবীৰক গাঢ় নীলা শ্বেৰৱানীত দেখা গৈছিল।
অভিনেতা অক্ষয় কুমাৰে মেৰুন শ্বেৰৱানী পিন্ধিছিল আৰু পাপাৰাজীৰ সন্মুখত পোজ দিয়া দেখা গৈছিল ।
বলীউডৰ প্ৰসিদ্ধ পৰিচালক তথা প্ৰযোজক কৰণ জোহৰে ক’লা ৰঙৰ শ্বেৰৱানীৰ সৈতে কান্ধত ৰঙীন শ্ব’ল লৈছিল ৷
উল্লেখ্য় যে, ৰাধিকা এনক'ৰ হেল্থকেয়াৰৰ মুখ্য কাৰ্যবাহী বীৰেন মাৰ্চেণ্টৰ কন্যা । তেওঁলোকৰ পৰিবাৰ গুজৰাটৰ কচ্ছৰ হয় । ৰাধিকাই বিগত প্ৰায় আঠ বছৰ ভাৰত নাট্যমৰ প্ৰশিক্ষণ লৈছিল আৰু তেওঁ শ্ৰী নিভা আৰ্টছৰ গুৰু ভাৱনা ঠাকাৰৰ শিষ্য ।
অভিনেত্ৰী কেটৰিনা কাইফক বগা ইণ্ডো-ৱেষ্টাৰ্ণ পোছাকত অত্যন্ত ধুনীয়া লাগিছিল ।
আত্ৰাংগী ৰে'ৰ অভিনেত্ৰী চাৰা আলী খানে অফ-হোৱাইট গৰাৰা পৰিধান কৰিছিল ৷ চাৰা ডিজাইনাৰ মনীষ মালহোত্ৰাৰ সৈতে শ্বাটাৰবাগৰ সন্মুখত পোজ দিয়া দেখা গৈছিল।
২০২২ চনৰ জুন মাহত আম্বানী পৰিয়ালে জিঅ' ৱৰ্ল্ড চেণ্টাৰত ৰাধিকাৰ বাবে এক বিশাল আৰেংগাত্ৰম অনুষ্ঠান আয়োজন কৰিছিল ৷ ইয়াৰ পিছত ৰাধিকাই সকলোৰে শিৰোনাম দখল কৰে ।
আৰেংগাত্ৰম হৈছে তামিল শব্দ ৷ ইয়াৰ যাৰ অৰ্থ হৈছে আনুষ্ঠানিক প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পিছত প্ৰথমবাৰলৈ মঞ্চত নৃত্য প্ৰদৰ্শন কৰা ৷ বহু বছৰৰ প্ৰশিক্ষণ লোৱাৰ পাছত এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্য আৰু সংগীত শিক্ষাৰ্থীৰ মঞ্চত প্ৰথম প্ৰদৰ্শন ।
অভিনেতা বৰুণ ধাৱানে পত্নী নাতাশা দালালৰ সৈতে পাৰ্টিত উপস্থিত হৈছিল । নাতাশাক পাতল গুলপীয়া লেহেংগাত অতি আকৰ্ষণীয় লাগিছিল ।
ইয়াৰ উপৰি এই বাগদান অনুষ্ঠানত বলিউডৰ জনপ্ৰিয় গায়িকা শ্ৰেয়া ঘোষাল, অভিনেতা জন আব্ৰাহাম, নীতু কাপুৰ, অৰ্জুন কাপুৰৰ লগতে পৰিচালক বনি কাপুৰ এই বাগদান অনুষ্ঠানত উপস্থিত হৈছিল । ব্ৰহ্মাস্ত্ৰ'ৰ পৰিচালক অয়ন মুখাৰ্জীয়ে মেৰুণ পায়জামা কুৰ্তাৰ লগতে নেহৰু জেকেট পৰিধান কৰি অনুষ্ঠানত উপস্থিত হৈছিল ।
নীতা আৰু মুকেশ আম্বানীৰ পুত্ৰ অনন্তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্ৰাউন বিশ্ববিদ্যালয়ৰ পৰা অধ্যয়ন সম্পূৰ্ণ কৰে ৷ তেওঁ বৰ্তমান জিঅ' প্লেটফৰ্ম আৰু ৰিলায়েন্স ৰিটেইল ভেঞ্চাৰৰ ব’ৰ্ডত সদস্য হিচাপে ৰিলায়েন্স উদ্যোগত সেৱা আগবঢ়াইছে । তেওঁ বৰ্তমান আৰআইএলৰ শক্তি খণ্ডৰ নেতৃত্ব দিছে ।
লগতে পঢ়ক: Kartik Aaryan Rents Shahid Kapoor flat: শ্বাহিদ কাপুৰৰ এপাৰ্টমেণ্ট ভাড়াত লৈছে কাৰ্তিক আৰিয়ানে
